কম্পিউটাৰত কৈও অধিক তীক্ষ্ণ মগজুৰ অধিকাৰী মহিলা : A woman with a brain faster than a computer

কম্পিউটাৰত কৈও অধিক তীক্ষ্ণ মগজুৰ অধিকাৰী মহিলা : A woman with a brain faster than a computer 

sakuntala devi

আপুনি গণিত বিষয়ত কিমান পাৰ্গত। এই বিষয়ৰ সকলো গণনা ,আপুনি কাগজ- কলম- কেলকুলেটৰ নোহোৱাকৈ ও কৰিব পাৰে নেকি? নিশ্চয় নোৱাৰে। গণিত বিষয়ত পাৰ্গত বিশাৰদসকলৰ বাবেও সকলো গণনা মনতেই কৰাটো সম্ভৱ নহয়। পিছে শকুন্তলা দেৱীৰ নাম শুনিছেনে? তেওঁ হৈছে বিশ্বৰ একমাত্ৰ মহিলা,যাৰ মগজু কম্পিউটাৰৰতকৈও অধিক ক্ষীপ্ৰ।ডাঙৰ ডাঙৰ সংখ্যাৰ গণনাও তেওঁ পলকতে, কাগজ- কলম নোহোৱাকৈয়ে কৰিব পাৰে। আচৰিত নহয়নে? চাওকচোন, বিশ্বৰ উন্নততকৈও উন্নত দেশসমূহত নহয়, আমাৰ ভাৰতবৰ্ষ ৰ সুযোগ্য সন্তান তেওঁ।সচাকৈয়ে আমাৰ বাবে গৌৰৱৰ বিষয়।

শকুন্তলা দেৱীৰ বিশেষত্ব হ'ল, তেওঁৰ গণনা কৰিব পৰাৰ অসাধাৰণ ক্ষমতা। তেওঁ কম্পিউটাৰত কৈও অধিক ক্ষীপ্ৰতাৰে গণনা কৰি উলিয়াব পাৰিছিল। সেয়েহে তেওঁক 'চলন্ত কম্পিউটাৰ' নাম দিয়া হৈছিল। এই গৰাকী মেধাৱী মহিলাৰ ২০১৩ চনত মৃত্যু ঘটে। পিছে বৰ্তমানলৈকে তেওঁৰ দৰে তীক্ষ্ণ মগজু,কেৱল ভাৰতবৰ্ষ ই নহয়, সমগ্ৰ বিশ্বতে দ্বিতীয় গৰাকী নাই।

শকুন্তলা দেৱীয়ে গণিতৰ কঠিনতকৈও কঠিনতম গণনা মিনিটতেই সমাধান কৰিব পাৰিছিল। এই ক্ষমতাৰ বাবেই তেখেতৰ নাম 'গিনীজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ' তো সন্নিবিষ্ট কৰা হৈছে। তেখেতৰ এই অদ্ভূত ক্ষমতাৰ সত্যাসত্য নিৰূপনৰ বাবে , কেইবাবাৰো পৰীক্ষা লোৱা হৈছিল আৰু প্ৰত্যেক বাৰেই তেওঁ সেই পৰীক্ষাত উত্তীৰ্ণ হৈ , নিজৰ তীক্ষ্ণ মগজুৰ প্ৰমাণ দিছিল।

কেনেকৈ তেওঁৰ মগজু কম্পিউটাৰ তথা কেলকুলেটৰতকৈও অধিক ক্ষীপ্ৰ,সেই উত্তৰ আজিও কোনেও বিচাৰি উলিয়াব পৰা নাই। বৈজ্ঞানিক জগতত শকুন্তলা দেৱীৰ মগজু ‌আজিও এক অবুজ সাথৰ।

By- Smriti Kakati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.