ভাৰতৰ এখন আজব বজাৰ, য'ত পোৱা যায় বিয়াৰ বাবে দৰা : A Strange Market of India, where grooms are sold for marriage
এতিয়ালৈকে আপুনি ফল মূল, শাক-পাচলি, কাপোৰ বা আন আন সামগ্ৰীৰ বজাৰৰ কথাহে শুনিছে! কিন্তু দৰাৰ বাবেও যে এখন বজাৰ আছে, তাকো এই ভাৰততে, সেই কথা হয়তো বহুতেই নাজানে!! আজি হয়তো আপোনাক এই কথাই আচৰিত কৰি তুলিব!
আপুনি ঠিকেই শুনিছে! ভাৰতত এখন দৰাৰ বজাৰ অনুষ্ঠিত হয়, বিহাৰত। বিহাৰৰ মধুবনীৰ এখন অতি ভিতৰুৱা গাঁও "সৌৰথ" ,য'ত এই বজাৰ বহে, প্ৰতি বছৰৰ গৰমৰ দিনত।আৰু এই বজাৰ চলে ৯ দিন পৰ্যন্ত। সেই সময়ত আপুনি যদি তালৈ যায়, তেন্তে আপুনি নিজকে Alice ৰ Wonderland ত আবিষ্কাৰ কৰিব!! তাত আপুনি গলে দেখা পাব, বৃহৎ বৃহৎ আঁহত গছৰ তলত বহি আছে হাজাৰ জন মৈথেলী যুৱক, আৰু লগত আছে তেওঁলোকৰ অভিভাৱক। এইসকল লোকে অপেক্ষা কৰে, তেওঁলোকৰ হ'ব লগীয়া কইনাৰ বাবে, যাক তেওঁলোকে কেতিয়াও দেখা নাই!
এই বজাৰ খন ৯ দিন ধৰি আয়োজন কৰা হয় কিছুমান পুষ্প উদ্যানত যাক-- সৌৰথ সভা, সৌৰথ মেলা আৰু সভাগাচি বুলি কোৱা হয়। মৈথিলৰ বিভিন্ন প্ৰান্তৰ ব্ৰাহ্মীন সম্প্ৰদায়ৰ বহুলোকে তেওঁলোকৰ জীয়াৰীক লৈ ইয়াত উপস্থিত হয়। বজাৰত এজন উপযুক্ত দৰা বিচাৰি পোৱাৰ পাছত তেওঁলোকে তৎকালীন ভাবে সেইজন যুৱকৰ লগত নিজৰ ছোৱালীৰ বিয়া সমাপ্ত কৰে।
এই সভাখন কিন্তু সেই সমাজত অতিশয় সন্মানীয়।
ইয়াত সম্পাদন হোৱা বিবাহক সেই সমাজত অতি পবিত্ৰ আৰু সফল বিবাহ বুলি গণ্য কৰা হয়। এই বিবাহত স্থানীয় এজন বিবাহ পঞ্জীয়ক থাকে,যাক পাঞ্জীকাৰ বুলি কোৱা হয়। তেখেতে এই বিবাহ কাৰ্যত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
সকলো যুৱকে জাতীয় পৰম্পৰাগত সাজ পাৰ, অথবা আধুনিক সাজপাৰ পৰিধান কৰি এই আয়োজনত অংশগ্ৰহণ কৰে। যিমানে এই যুৱকসকলৰ শিক্ষাগত অৰ্হতা বেছি, সিমানেই তেওঁলোকৰ মূল্য বেছি হয়।
সৌৰথত এই পৰম্পৰা ৭০০ বছৰৰো অধিক পুৰণি।
কিন্তু বৰ্তমান শিক্ষিত আৰু উচ্চ সামাজিক মৰ্যাদা লাভ কৰা যুৱকসকলে এই পৰম্পৰাৰ পৰা ক্ৰমান্বয়ে আঁতৰি গৈছে। তেওঁলোকে কাহানিও লগ নোপোৱা এজনী ছোৱালীৰ লগত বিবাহ সম্পন্ন কৰিবলৈ মান্তি নহয়। তদুপৰি তেওঁলোকে নিজকে এনেদৰে পণ্য সামগ্ৰী হিচাপে বজাৰত দেখুৱাবলৈ নিবিচাৰে। সেয়ে এই অনুষ্ঠান এতিয়া নপঢ়া নুশুনা আৰু দুখীয়া পৰিয়ালৰ মাজত সীমাবদ্ধ হৈ পৰিছে।
বৰ্তমান যুগত এনে পৰম্পৰা সঁচাই আশ্চৰ্যকৰ! ই কেনে এক পৰম্পৰা, য'ত দুজন কাহানিও লগ নোপোৱা লৰা ছোৱালীয়ে গোটেই জীৱনৰ বাবে বিবাহপাশত আৱদ্ধ হ'ব লগা হয়!!
By: Mallika Dutta