কেৱল ম'বাইলেই নহয়,হাতখনতো চাৰ্জ দিয়া এজনী ছোৱালী : The girl who charges not only mobile but also her hand
আমি সকলোৱেই নিজৰ নিজৰ ম'বাইল,লেপটপ বা আন আন বৈদ্যুতিক সৰন্জাম চাৰ্জত দিওঁ নহয়নে? কাৰণ চাৰ্জ শেষ হোৱাৰ লগে লগেই ম'বাইলো বন্ধ হৈ যায়। কেতিয়াবা ভাবি চাইছেনে, ম'বাইল ফোনৰ দৰেই যদি আমাৰ দেহৰ অংগ- প্ৰতংগবোৰো চাৰ্জ দিহে চলাবলগীয়া হোৱা হ'লে,কেনে লাগিলহেতেন? ধৰক, আপুনি কিবা এটা কাম কৰি আছে,মাজতে আপোনাৰ হাতৰ চাৰ্জ শেষ, তেতিয়া আপুনি যৰে কাম,ততে এৰি হাতখন চাৰ্জ দিবলৈ দৌৰিব লাগিলহেতেন। আপুনি চাগে ভাবিছে,কেনে অদ্ভূত কল্পনা এইয়া। পিছে এয়া অদ্ভূত নহয়,সচাকৈয়ে এনেদৰে কাম কৰে এঞ্জেল গ্ৰিফিয়া নামৰ ছোৱালী জনীয়ে। জানো আহক-
হয়,এক আচৰিত হবলগীয়া জীৱন শৈলী ২৮ বৰ্ষীয় এঞ্জেল গ্ৰিফিয়াৰ। তেওঁ কেৱল নিজৰ ম'বাইলেই নহয়, নিজৰ হাতখনো চাৰ্জত দিয়ে, তেতিয়াহে তেওঁ দিনটোৰ কামত লাগিব পাৰে।
দৰাচলতে, জন্মৰ পৰাই এঞ্জেলৰ বাওঁ হাতখন নাই।যেতিয়া তেওঁ চাৰিমহীয়া কেঁচুৱা আছিল, তেতিয়াই মাক- দেউতাকে চিকিৎসক ৰ পৰামৰ্শ মতে তেওঁক এখন বৈদ্যুতিক হাত সংযোগ কৰি দিয়ে। পিছে ব্যৱহাৰ কৰাৰ পূৰ্বে হাত খনত চাৰ্জ দি ল'ব লাগে।দিন বঢ়াৰ লগে লগে এঞ্জেলো ডাঙৰ হৈ আহিল আৰু তাৰ লগে লগে সেই হাতখনো' আপগ্ৰেড' কৰি থকা হ'ল। এই হাতখন হ'ল এক 'Motorized electric'। এঞ্জেলে যেতিয়া ৰাতিপুৱা শুৱাৰ পৰা উঠে , তেতিয়া প্ৰথমেই তেওঁ হাতখন চাৰ্জত দি লয়। কাৰণ চাৰ্জ হোৱাৰ পাছতহে ই কাম কৰে। এঞ্জেলৰ মাক-দেউতাকে জনোৱা মতে,যেতিয়া এঞ্জেল সৰু আছিল,যেতিয়াই তাই ইলেকট্ৰিক বৰ্ড খনৰ ফালে চাই , মাক-দেউতাকে বুজি পায় যে, এঞ্জেলে হাতখন চাৰ্জত দিব বিচাৰিছে।শুনিবলৈ আচৰিত লাগিছে নহয়নে? উল্লেখযোগ্য যে এই ইলেকট্ৰনিক হাতখন চাৰ্জ হ'বলৈ ১ ঘন্টা সময়ৰ প্ৰয়োজন হয়। তাৰ পাছত ই গোটেই দিনটো কাম কৰিব পাৰে।
By-Smriti Kakati