১০ কোটি টকীয়া এটা জুপুৰী : A cottage worth 10 crore
নিজৰ একোটা ঘৰ সজাৰ সপোন আমি প্ৰত্যেকেই দেখো,নহয় জানো? তাৰ বাবে আমি পইচাও সাচি যাও। কিমান দাম হ'ব পাৰে এটা ঘৰৰ? ১০ লাখ,৫০ লাখ নে ১ কোটি।যিমানেই ধুনীয়া, কাৰুকাৰ্য খচিত ঘৰ হ'ব,সিমানেই দামো বাঢ়ি গৈ থাকে নহয় জানো?আজি আমি এটা আচৰিত হ'ব লগা ঘৰৰ দাম জানো আহক-
পৃথিৱীৰ দামীতকৈও দামী ঘৰসমূহৰ বিষয়ে আপোনোলোকে শুনিছেই বা ফটোত দেখাও পাইছে। পিছে কেতিয়াবা শুনা পাইছেনে যে, এটা জুপুৰীৰ দামো কোটি টকা পৰ্যন্ত হোৱা, নিশ্চয় নাই শুনা নহয় জানো? পিছে এই কথা সম্পূৰ্ণ সত্য। ইংলেণ্ডৰ সাধাৰণ যেন দেখা পোৱা এটা জুপুৰী কেইবাকোটি টকাত বিক্ৰী কৰা হৈছে।
দৰাচলতে, এটা পুখুৰীৰ পাৰত অৱস্থিত জুপুৰীটো সকলোৱে সাধাৰণ বুলি ভাবি গুৰুত্ব দিয়া নাছিল। পিছে শেহতীয়াকৈ এই জুপুৰীটো ১০ কোটি টকাত বিক্ৰী হয়। এই কথা প্ৰচাৰ হোৱাৰ লগে লগে ই সৰ্বত্ৰ চৰ্চিত বিষয় হৈ পৰে। বিক্ৰীৰ পাছতহে ঘৰটোৰ সত্যতা ওলাই পৰে যে, সাধাৰণ যেন লগা এই ঘৰটোৰ ভিতৰভাগ কোনো ৰাজমহল তকৈ কম নহয়।
জানিব পৰা মতে, উল্লেখিত ঘৰটো কোনো জুপুৰী নহয়,বৰং ই তিনিটা শোৱনিকোঠা সংলগ্ন এটি সম্পূৰ্ণ ঘৰ।এই ঘৰটো ১৯৬৪ চনত সজোৱা হৈছিল।২০১৬ চনত ঘৰটোৰ ভিতৰভাগ সজোৱাৰ কাম কৰে আৰু ১০ কোটি টকাত বিক্ৰী কৰে। বিক্ৰীৰ পূৰ্বে ঘৰটোত কোনো চেলিব্ৰিটী ভাড়াত বাস কৰিছিল বুলি জানিব পৰা গৈছে।
বাহিৰৰ পৰা তেনেই সাধাৰণ যেন লগা জুপুৰীটোৰ সত্যতা প্ৰকাশ হোৱাৰ পাছতেই , তাৰ ভিতৰ ভাগৰ সুন্দৰ সুন্দৰ ফটো সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হোৱা পৰিলক্ষিত হৈছে।ফটোত পৰা দেখা গৈছে যে, এই ঘৰটোৰ ভিতৰভাগ ৰ সজ্জা কোনো ফাইভষ্টাৰ হোটেলতকৈ কম নহয়।
জুপুৰীটোৰ মালিকে জনোৱা মতে, প্ৰথমে ইয়াক ৩ কোটি টকাত বিক্ৰী কৰা হৈছিল। পিছে ইয়াৰ ভিতৰ ভাগৰ সজ্জা সলনি তথা অধিক উন্নতমানৰ সা-সুবিধা সংযোগৰ পাছত, ইয়াৰ দাম ১০ কোটি টকা হয়।সচাকৈয়ে আচৰিত নহয়নে? কথাতে কয় নহয়, "Never judge a book by it's cover".
By-Smriti Kakati