চুপাৰ মুন কি ? : What is Supper Moon ?

 চুপাৰ মুন কি ? : What is Supper Moon ?

super moon

চন্দ্ৰৰ বিষয়ে আমাৰ কৌতুহলৰ অন্ত নাই ! চন্দ্ৰটোৰ বিষয়ে জানিবলৈ বিজ্ঞানীসকলেও  বহু গৱেষণা কৰি আছে। কিন্তু আমি সদায় দেখি থকা চন্দ্ৰটো কেতিয়া ইমান বৃহৎ আকাৰ লয়, কিয় বাৰু? আপোনাৰ নিশ্চয় জানিবলৈ মন গৈছে!

পৃথিৱীৰ পৰা সদায় দেখি থকা চন্দ্ৰৰ আকাৰ কেতিয়াবা আমি বাঢ়ি যোৱা দেখোঁ। ইয়াক 'চুপাৰ মুন' (Supper Moon) বুলি কোৱা হয়। 

এতিয়া আহোঁ, supper moon নো কি?  সাধাৰণতে supper moon হৈছে, সম্পুৰ্ণ চন্দ্ৰটো বা পূৰ্ণ চন্দ্ৰ।

যেতিয়া চন্দ্ৰটো পৃথিৱীৰ  একেবাৰে কাষ চাপে,তেতিয়াই চন্দ্ৰটো সচৰাচৰ দেখাত কৈ ৩০% বেছি উজ্জ্বল আৰু ১৪% ডাঙৰ দেখি। কিন্তু এই পাৰ্থক্য খালি চকুৰে ইমান ভালকৈ ধৰিব নোৱাৰি।

Supper Moon ৰ কথাটোত কেইটামান জ্যোতিৰ্বিজ্ঞানৰ কথা জড়িত হৈ আছে। বহল অৰ্থত supper moon হৈছে এটা পূৰ্ণ চন্দ্ৰ,যিটো দেখা যায় যেতিয়া চন্দ্ৰটো তাৰ কক্ষ পথত গৈ থাকোঁতে এটা ঠাইত পৃথিৱীৰ অতি ওচৰ ছাপে। আমি জানো চন্দ্ৰ আৰু পৃথিৱীয়ে তাৰ কক্ষ পথত ঘূৰি থাকে, আৰু এই  কক্ষপথৰ আকৃতি ডিম্বাকৃতিৰ । সেয়ে যেতিয়া ই নিজৰ কক্ষত ঘূৰি থাকে, এটা সময়ত ই পৃথিৱীৰ একেবাৰে ওচৰ পায়। তেতিয়াই আমি সদায় দেখি থকা চন্দ্ৰটোৰ আকাৰ আন কালতকৈ ডাঙৰ দেখোঁ। এইদৰে দেখা চন্দ্ৰটোক supper moon আখ্যা দিছিল, জ্যোতিৰ্বিজ্ঞানী ৰিচাৰ্ড ন'লে ( Richard Nolle),১৯৭৯ চনত। বছৰটোত আমি এনে supper moon মূলতঃ দুবাৰকৈ প্ৰত্যক্ষ কৰিবলৈ পাওঁ, যদিও বিজ্ঞানী সকলে ইয়াক গড়ে ৪১৪ দিনৰ মুৰতহে দেখিবলৈ পোৱা যায় বুলি মত পোষণ কৰিছে।

২০২১ বৰ্ষৰ  এপ্ৰিল আৰু মে' মাহত আমি প্ৰত্যক্ষ কৰিবলৈ পাইছিলোঁ এই  supper moon ক।

এপ্ৰিল মাহত ২৬ তাৰিখে দেখা পোৱা এই পূৰ্ণ চন্দ্ৰৰ পৃথিৱীৰ পৰা দূৰত্ব আছিল ৩৫৭,৬১৫ কিলোমিটাৰ।  আনহাতে ,মে' মাহৰ ২৬ তাৰিখে পৃথিৱীৰ পৰা  ইয়াৰ  দূৰত্ব আছিল ৩৫৭,৪৬২ কিলোমিটাৰ। 

কিন্তু মে' মাহত দেখিবলৈ পোৱা supper moon ৰ দুটা বিশেষত্ব আছে। 

১। বছৰটোত মে' মাহত চন্দ্ৰটো পৃথিৱীৰ আটাইতকৈ ওচৰ চাপিছিল। ই এপ্ৰিল মাহত কৈ ১৫৩   কিলোমিটাৰ বেছি ওচৰত আছিল।

২। মে' মাহত এই পৰিঘটনাই পৃথিৱীৰ কোনো কোনো ঠাইত পূৰ্ণ গ্ৰাস চন্দ্ৰ গ্ৰহণ  (Total Lunar Eclipse) ৰূপে দেখা দিছিল, যাৰ ফলত চন্দ্ৰটো ৰঙচুৱা  দেখা পোৱা গৈছিল। যাক ইংৰাজীত blood moon বুলি কোৱা হয়। দুৰ্ভাগ্যক্ৰমে, এই অপূৰ্ব দৃশ্য পৃথিৱীৰ মাত্ৰ কেইখন মান দেশত হে দেখা পোৱা গৈছিল। 

২০২১ চনৰ ২৬ মে' ত ঘটা এই  পূৰ্ণ গ্ৰাস চন্দ্ৰগ্ৰহন স্পষ্টকৈ দেখিবলৈ পোৱা গৈছিল, উত্তৰ আমেৰিকাৰ কেইখনো ঠাইত।

এক কথাত কবলৈ হলে, যেতিয়া চন্দ্ৰৰ দূৰত্ব,  পৃথিৱীৰ কেন্দ্ৰৰ পৰা আটাইতকৈ কম হয়, যাক ইংৰাজীত Parigee বুলি কোৱা হয়, তেতিয়াই আমি supper moon বা নতুন পূৰ্ণ চন্দ্ৰ ( New Full Moon) দেখিবলৈ পাওঁ। ই এটা মহাজাগতিক পৰিঘটনা। পৃথিৱী বা চন্দ্ৰই ঘূৰি থকা  কক্ষ পথ সম্পূৰ্ণ গোলাকাৰ নহয়, ই ডিম্বাকৃতিৰ। এনে আকৃতিৰ হোৱাৰ কাৰণ হৈছে মহাকৰ্ষণীক শক্তি।কক্ষপথ  ডিম্বাকৃতিৰ হোৱা বাবেই পৃথিৱীৰ কেন্দ্ৰৰ পৰা চন্দ্ৰলৈ দূৰত্ব সকলো ঠাইতে সমান নহয়, আৰু সেয়ে চন্দ্ৰটো কেতিয়াবা পৃথিৱীৰ একে বাৰে ওচৰ চাপি যায়।

২০১৮ চনৰ জুলাই মাহৰ ২৭ তাৰিখে ভাৰতবাসীয়েও  এনে এক পৰিঘটনাৰ সাক্ষী হোৱাৰ সৌভাগ্য হৈছিল। ভাৰতত এই supper moon দেখা গৈছিল  Blood Moon ৰ ৰূপত, যিটোক পূৰ্ণগ্ৰাস চন্দ্ৰ গ্ৰহণ বুলি কোৱা হৈছে। এই পৰিঘটনা Supper moon প্ৰত্যক্ষ কৰাৰ সম পৰ্য্যায়ৰ। কাৰণ যেতিয়া চন্দ্ৰ পৃথিৱীৰ একেবাৰে ওচৰ চাপে, তেতিয়া কেতিয়াবা দুয়ো সমান্তৰাল ভাৱে অৱস্থান কৰে। ফলত সূৰ্যৰ পোহৰ চন্দ্ৰত পোনে পোনে নপৰে। পৃথিৱীৰ কাষেদি আহিছে চন্দ্ৰত পৰে। গতিকে চন্দ্ৰটো ৰঙচুৱা দেখি। এনে পৰিঘটনা কিন্তু বহু বছৰৰ মুৰতহে ঘটে।

এয়ে হৈছে জ্যোতিৰ্বিজ্ঞানত supper Moon!

By: Mallika Dutta

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.