চীনৰ কিছু আচৰিত কথা : Amazing facts about China
আমাৰ পৃথিৱীত বহুতো দেশ আছে আৰু প্ৰত্যেক দেশৰে নিজা কিছুমান বৈশিষ্ট্য আছে আৰু এই বৈশিষ্ট্যৰ বাবেই এখন দেশ আন দেশতকৈ পৃথক হৈ পৰে । পৃথক বৈশিষ্ট্যৰ ক্ষেত্রত আমি চীন দেশৰ নাম সৰ্বপ্ৰথমে ল'ব পাৰো। কিয়নো চীনৰ কিছু নীতি নিয়ম আন দেশৰ তুলনাত সম্পূর্ণ বেলেগ তথা আচৰিত।তেন্তে অহ'কচোন আপোনাক লৈ যাও চীনৰ আচৰিত জগতখনলৈ।
১) আপুনি পুৰণি সময়ত মানুহে গুহাত বাস কৰাৰ কথা নিশ্চয় শুনিছে । কিন্তু চীনৰ বহুতো মানুহে বৰ্তমানেও গুহাৰ ভিতৰত ঘৰ সাজি বাস কৰি আছে। জানিব পৰা মতে চীনৰ এখন গাওঁ এতিয়াও গুহাৰ ভিতৰত অৱস্থিত।
২) আমি আমাৰ প্ৰয়োজন সাপেক্ষে মোবাইলত বিভিন্ন ধৰণৰ App ডাউনলোড কৰো। যেনে :- কথা বতৰা পাতিবলৈ WhatsApp, টকা লেন দেনৰ বাবে Paytm, Google pay ইত্যাদি। কিন্তু চিনত বাস কৰা লোক সকলে WeChat নামৰ এটা App ব্যৱহাৰ কৰে আৰু এই App ৰ যোগেদি তেওঁলোকে বিভিন্ন কাম কৰিব পাৰে। যেনে :- কথা বতৰা পতা, খোৱা বস্তু তথা কাপোৰ ক্ৰয় কৰা, গাড়ী বুক কৰা, টকা লেন দেন ইত্যাদি। তাৰোপৰি এই App ৰ দ্বাৰা স্বামী স্ত্রীয়ে ইজনে সিজনক Divorce পৰ্যন্ত দিব পাৰে।
৩) চীনৰ স্কুল সমূহতো কিছু বিশেষ নীতি নিয়ম আছে তাৰে ভিতৰত এটা নিয়ম হ'ল যে, চীনৰ Boarding Schoolত থকা ল'ৰা ছোৱালীয়ে ৰাতি শৌচাগাৰত শৌচ কৰিবলৈ যাব নোৱাৰে তাৰোপৰি পেচাব কৰাৰ ক্ষেত্রতো কিছুমান সময় বান্ধি দিয়া হয় আৰু সেই সময় অনুযায়ী তেওঁলোকে পেচাব কৰিবলৈ যাব পাৰে। উল্লেখ্যযোগ্য যে এই নিয়ম উলংঘা কৰিলে তেওঁলোকক শাস্তি প্ৰদানৰ লগতে জৰিমনাও বিহা হয়।
৪) আপুনি জানি আচৰিত হ'ব যে চীনত Girlfriend ভাৰাত পোৱা যায়। চীনত যিহেতু লৰাৰ জনসংখ্যা অনুপাতে ছোৱালীৰ সংখ্যা ক'ম সেয়েহে এনেধৰণৰ ব্যৱস্থা চীন চৰকাৰে প্ৰৱৰ্তন কৰিছে বুলি বিশ্বাস কৰা হয় । কিন্তু ভাৰাত লোৱা Girlfriend লগত শাৰীৰিক সম্পর্ক স্থাপন কৰিব বিচাৰিলে সেয়া হ'ব আইন মতে দণ্ডনীয় ।
৫) দেশবিৰোধী কাম কাজত লিপ্ত হোৱা ব্যক্তিক ফাচী দিয়াৰ কথা নিশ্চয় শুনিছে। কিন্তু চীনত যুদ্ধকালীন অৱস্থাত যদি কোনো সৈনিকে যুদ্ধক্ষেত্রৰ পৰা পলায়ন কৰে বা আত্নসমর্পন কৰে, তেন্তে সেই সৈনিকক মৃত্যুদণ্ড দিয়া হয়।
৬) কোনো বিদেশী ব্যক্তিয়ে যদি চীনৰ ছোৱালীক বিয়া কৰাই তেন্তে সেই ব্যক্তিজনে বিয়া কৰোৱা ছোৱালীজনীৰ লগত চীনত ৫ বছৰৰ বাবে থকাটো বাধ্যতামূলক । তাৰোপৰি বিদেশী ব্যক্তিজনে ছোৱালী জনিৰ লগত বিবাহ বিচ্ছেদ কৰিব ৰিচাৰিলেও অপেক্ষা কৰিব লাগিব ৫ বছৰ সম্পূর্ণ হোৱাৰ, আনহাতে ছোৱালীজনীয়ে নিজ ইচ্ছা অনুযায়ী ২ দিন পিছতো ল'ৰাজনৰ লগত বিবাহ বিচ্ছেদ কৰিব পাৰে ।
চীনত চলি থকা এনে নিয়মবোৰ আন দেশতকৈ সম্পূর্ণ পৃথক । চীনৰ এনেবোৰ নীতিৰ ফলতে বৰ্তমান চীন বিশ্বৰ আগশাৰী তথা শক্তিশালী দেশ হিচাপে পৰিগণিত হৈছে, যদিও এনেবোৰ নীতি নিয়মে বহুতকে বহু সময়ত বিপদৰ মুখলৈ ঠেলি দিছে।
By Prasenjit Chakraborty