কেনেদৰে ৰক্ষা কৰিব আপোনাৰ বৃক্ক ক যিকোনো ৰোগৰ পৰা : How to protect your Kidney

 কেনেদৰে ৰক্ষা কৰিব আপোনাৰ বৃক্ক ক যিকোনো ৰোগৰ পৰা : How to protect your Kidney

kidney

বৃক্ক অৰ্থাৎ কিডনী হ'ল মানৱদেহৰ অতিশয় গুৰুত্বপূৰ্ণ অংগ।বৃক্ক ই শৰীৰৰ আৱৰ্জনা সমূহ আৰু তেজত জমা হোৱা অলাগতীয়াল পানী পৃথক কৰাত সহায় কৰে।লগতে শৰীৰত থকা ৰাসায়নিক পদাৰ্থ  সমূহ ( যেনে-চডিয়াম,কেলছিয়াম আদি) ৰ মাজত সামঞ্জস্য বৰ্তাই ৰাখে।

বৰ্তমান ব্যস্ত জীৱন শৈলীত, আমি মাথো কেনেদৰে সকলোতকৈ আগত থাকিব পাৰো, তাৰেই প্ৰতিযোগিতাত নামি পৰিছো ।  এই  ব্যস্ততাৰ মাজত আমি আমাৰ স্বাস্থ্যকো আওকাণ কৰিছো। পিছে অসমীয়াত এষাৰ কথা আছে যে ' দেহা থাকিলেহে বেহা' । অৰ্থাৎ যদি স্বাস্থ্য ই ভালে নাথাকে , আমি কামত আগবাঢ়িম কেনেদৰে? ব্যস্ততাৰ মাজত কেতিয়াবা আমি জানি বা কেতিয়াবা অজানিতে  এনেকুৱা কিছুমান কাম কৰো ,যি আমাৰ বৃক্ক (kidney) ৰ ক্ষতিসাধন কৰে।কি কি এনে কাম জানো আহক-

১) টোপনি ক্ষতি কৰা : ব্যস্ততাৰ দোহাই দিয়ে হ'ওক বা ইন্টাৰনেট ৰ পৃথিৱীত ডুব মাৰি , প্ৰায়েই বহু লোকে টোপনি ক্ষতি কৰা দেখা যায়। তাৰ প্ৰভাৱ আওপকীয়াকৈ আমাৰ বৃক্কত পৰে। গতিকে দৈনিক ৭-৮ ঘন্টাৰ টোপনি নিশ্চয়কৈ যাওক।

২) নিজেই নিজৰ চিকিৎসক হোৱা:  দেখা যায় যে বহু লোকে চিকিৎসক ৰ কাষলৈ যাবলৈ টান পায়। কিছুমান সৰু সৰু ৰোগত নিজেই ঔষধ আনি খায়। পিছে এনেদৰে চিকিৎসক ৰ পৰামৰ্শ অবিহনে যধে মধে ঔষধ খোৱাৰ পৰিণাম ভয়ংকৰ হ'ব পাৰে।ই বৃক্কৰ বৃহৎ ক্ষতি সাধন কৰে।

৩) অধিক মাত্ৰাত অমিষ আহাৰ গ্ৰহণ:  দেহত প্ৰয়োজন হোৱা প্ৰ'টিন ৰ বাবে আমিষ আহাৰ গ্ৰহণ কৰিবলৈ কোৱা হয়। পিছে যদি অধিক মাত্ৰাত , সঘনাই যদি আমিষ আহাৰ খোৱা হয়, তেন্তে ই শৰীৰত লগাতকৈ অধিক প্ৰ'টিন ৰ যোগান ধৰিব। ইয়াৰ ফলত শৰীৰৰ 'মেটা'বলিজম' ত যথেষ্ট চাপ পৰিব। এনে চাপৰ ফলতে বৃক্কত 'পাথৰ' হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

৪) এলক'হল ৰ সেৱন : এলক'হল ৰ সেৱন স্বাস্থ্য ৰ বাবে ক্ষতিকাৰক সেই কথা আমি সকলোৱে জানো।এই এলক'হলে বৃক্কত যথেষ্ট বেয়া প্ৰভাৱ পেলায়। গতিকে এলক'হল সেৱনৰ অভ্যাস যিমান পাৰে ত্যাগ কৰিবলৈ চেষ্টা কৰক। লগতে চিগাৰেটৰ সেৱনো ক্ষতিকাৰক। চিগাৰেট সেৱনে দেহত 'টক্সিন' জমা কৰে,যিয়ে বৃক্কত চাপ পেলায় আৰু লাহে লাহে ইয়াক অকামিলা কৰি তোলে।

৫) অধিক আহাৰ গ্ৰহণ (Over eating):  আপুনি যদি খাই ভাল পাই আৰু সোৱাদযুক্ত খাদ্য থাকিলেই জোখতকৈ অধিক খাই , তেন্তে ই শৰীৰৰ বাবে ক্ষতিকাৰক। অধিক খাদ্য গ্ৰহণে শৰীৰত কেৱল চৰ্বীয়ে নবঢ়াই,ই বৃক্কৰো ক্ষতিসাধন কৰে।

৬) অধিক নিমখ গ্ৰহণ:  যদি আপুনি খোৱা খাদ্য ত নিমখৰ পৰিমাণ বেছি হয় , তেন্তে ই  'ব্লাডপ্ৰেচাৰ' বৃদ্ধি কৰে।যাৰ ফলত বৃক্কৰ ক্ষতি হয়।

৭) প্ৰস্ৰাৱ ৰখাই থোৱা:  অধিক সময়লৈকে প্ৰস্ৰাৱ ধৰি ৰখাটো অতিশয় বিপদজনক। অধিক সময় প্ৰস্ৰাৱ ধৰি ৰাখিলে দেহৰ ' ব্লেডাৰ' ভৰ্তি হৈ যায় আৰু ই বৃক্কৰ ফালে উঠি আহে, তেতিয়া তাত থকা বেক্টেৰিয়া বোৰে বৃক্কত সংক্ৰমণ ঘটায় আৰু বৃক্ক অকামিলা হোৱাৰ কাৰণ হৈ পৰে।

উপৰোক্ত সৰু সৰু কথাখিনি মানি চলক আৰু বৃক্ক ৰ ডাঙৰ ডাঙৰ ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰক।

By-Smriti Kakati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.