বিনিয়োগ কৰক মাত্র ২০০০ টকা আৰু লাভ কৰক ১,৩৯,৩৯৫ টকা : Deposit only Rs 2000 and get Rs 1,39,395
ভৱিষ্যত জীৱন সুৰক্ষিত কৰিবলৈ আমি ধন সঞ্চয় কৰাটো খুবেই প্ৰয়োজন । সঞ্চয়ে আমাৰ জীৱন সুৰক্ষিত কৰাৰ ওপৰিও আমাৰ ভৱিষ্যত পৰিকল্পনা সমূহ বাস্তৱায়িত কৰাতো সহায় কৰে। সেয়েহে আমি সঠিক পৰিকল্পনাৰে সঠিক ঠাইত বিনিয়োগ কৰাটো প্ৰয়োজন। আজি আমি আলোচনা কৰিম আপোনাৰ ধন বিনিয়োগ কৰাৰ এনে এক মাধ্যমৰ কথা যিয়ে আপোনাৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ উপৰিও আপোনাক লাভৱান কৰি তুলিব।
ভাৰতীয় পোষ্ট অফিচ সমূহ ধন জমা ৰখাৰ এক নিৰ্ভৰযোগ্য তথা সুৰক্ষিত প্ৰতিষ্ঠান । আপুনি পোষ্ট অফিচতো ধন জমা ৰাখি আৰ্থিকভাৱে লাভৱান হ'ব পাৰে। পোষ্ট অফিচৰ জমা আঁচনিৰ বিশেষত্ব হৈছে যে আপুনি এক নিদিষ্ট পৰিমাণৰ টকা প্ৰতি মাহে আপোনাৰ একাউন্টত জমা ৰাখিব লাগিব ।এক নিদিষ্ট সময়ৰ অন্তত আপোনাৰ এই জমা ধন সুতৰ সৈতে ঘূৰাই পাব । উদাহৰণস্বৰূপে, আপুনি যদি প্ৰতি মাহে ২০০০ টকা আপোনাৰ একাউন্টত জমা ৰাখে তেন্তে ৫ বছৰৰ অন্তত আপোনাৰ মুঠ টকা জমা হ'ব ১,২০,০০০ টকা আৰু ইয়াৰ ওপৰত আপোনাক ৫.৮০ শতাংশ সুত প্ৰদান কৰা হ'ব, যাৰ পৰিমাণ হ'ব ১৯,৩৯৫ টকা । এনেদৰে আপুনি ৫ বছৰৰ অন্তত সৰ্বমুঠ ১,৩৯,৩৯৫ টকা লাভ কৰিব ।এইদৰে আপুনি পোষ্ট অফিচত সুৰক্ষিত বিনিয়োগ কৰি আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিব ।
ভাৰতত টকা বিনিয়োগ কৰিব পৰা বহুতো প্ৰতিষ্ঠান আছে যদিও সুৰক্ষিত বিনিয়োগেহে আমাক সন্তুষ্টি প্ৰদান কৰিব পাৰে। ভাৰতীয় পোষ্ট অফিচ হৈছে সুৰক্ষিত বিনিয়োগৰ এক প্ৰদান প্ৰতিষ্ঠান।
By Prasenjit Chakraborty