শোৱাৰ আগতে তেজপাত উতলোৱা পানী সেৱন কৰি বিচনালৈ যাওক আৰু যাদু চাওক : Benefits of bay leaf

তেজপাত দিয়া চাহটোপাৰ উপকাৰীতাৰ বিষয়ে আপুনি কি জানে ?


তেজপাত আমি সকলোৱে ৰন্ধন প্ৰকৰণত ব্যৱহাৰ কৰো ৷

মাংস আদি ৰন্ধনৰ সময়ত আমি তেজপাত তেলত দি ৰন্ধাটো জৰুৰী বুলি ভাবি লওঁ ৷আমি নজনাকৈয়ে তেজ পাত ৰান্ধনী শালত ব্যৱহাৰ কৰো কিন্তু চিকিৎসক সকলে পৰীক্ষাৰ দ্বাৰা প্ৰমান কৰিছে যে মাংসৰ আঞ্জাত দিয়াৰ লগেলগে আঞ্জাখন Triglycredes, Monusasutrated চৰ্বিলৈ পৰিবৰ্তন হয় ৷

তেজপাত এজোপা গছ এখন ফাৰ্মাচীত কৈ কোনোগুণে কম নহয় ৷

১) হজম সম্পৰ্কীয় সমস্যাৰ বাবে তেজপাত মহৌষধ ৷

২) গাঁঠি আদি উখহি কষ্ট দিয়া সমস্যাত তেজপাতে ৰেহাই দিব পাৰে ৷তেজ পাতৰ সিজাই সেই পানী সেৱন কৰিলে এনে সমস্যাৰ পৰা ৰেহাই পাব পাৰি ৷

৩)তেজপাতে এচিদিটি নোহোৱা কৰে ,কোষ্ঠ্যকাঠিন্য দুৰকৰাৰ লগতে শৌচ খোলোচা কৰে ৷

৪)তেজত শৰ্কৰাৰ পৰিমান কমোৱাৰ লগতে তেজ পাত হৈছে নিজেই এন্টিঅক্সিদেন্ট ৷

৫) শৰীৰত ইনচুলিনৰ পৰিমান বৃদ্ধিত তেজপাতৰ ভূমিকা যঠেষ্ট ৷গতিকে মধুমেহত ভোগী থকা ৰোগীয়ে তেজপাত নিয়মিত ব্যৱহাৰ কৰাটো দৰকাৰী ৷

৬) শৰীৰত জমা হোৱা অপকাৰী কলেষ্টৰেল তেজপাতে নোহোৱা কৰিব পাৰে  শৰীৰত Triglycerides ৰ পৰা ৰক্ষা কৰে ৷

৭) ভিতামিন চি ৰ ভৰপূৰ মাত্ৰাত তেজপাতত মজুত থাকে ৷ সেয়ে জৰ কাঁহ চৰ্দিত চাহত তেজপাত উতলাই সেৱন কৰিলে সকাহ পোৱা দেখা যায়

৭) কাৰ্ডিঅভাচুলাৰ সুৰক্ষাৰে সমৃদ্ধ তেজপাত হাৰ্টৰ বাবেও অতি উপকাৰী ৷

৮) Caffic acid , Quercetin , Eigonol, Bartolinide আদিৰ  উপস্থিতি থকা তেজ পাত সেয়েহে কেঞ্চাৰ ৰোগীৰ বাবেও অতি প্ৰয়োজনীয় দৰৱ ৷ চাহত তেজপাত উতলাই সেৱন কৰিলেই এই সকলো খিনি ৰোগীয়ে লাভ কৰিবলৈ সমৰ্থ হয় ৷

৯) সুন্দৰ টোপনিটো তেজপাতে সহায় কৰে ৷ শোৱাৰ আগতে তেজপাত উতলোৱা পানী সেৱন কৰি বিচনালৈ গ’লে অৱসাদ দুৰহৈ সুন্দৰ টোপনিত সহায়ক হয় ৷

১০) দিনত দুবাৰ তেজপাত উতলোৱা পানী সেৱনে কীডনীৰ পাঠৰ গুৰি কৰি বাহিৰ কৰাত সহায়ক হয় ৷

গতিকে আজিয়েই এটা তেজপাতৰ পুলি ঘৰত লগাওক লগতে যিকোনো ভাল লগা দিনৰ উপহাৰৰ নামত এটা তেজপাতৰ পুলি বন্ধু বান্ধৱ আত্মীয় স্বজনক উপহাৰ দিয়ক লগতে ইয়াৰ উপকাৰীতাৰ বিষয়েও কৈ আহি প্ৰকৃতি পৰিবেশ তথা আত্মীয়ৰ স্বাস্থ্য ৰক্ষাত সহায় কৰক ৷

ড° জুৰী গোস্বামী 

গুৱাহাটী

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.