শাহুৱেকৰ বাবে ভাৰাত লাগে দৰা : A woman wants a boyfriend for her mother-in-law
পৃথিৱীত দুই ধৰণৰ যুদ্ধ আটাইতকৈ প্ৰসিদ্ধ, ঘৰৰ বাহিৰত সাপ নেউলৰ আৰু ঘৰৰ ভিতৰত শাহু বোৱাৰীৰ। সাপ নেউলৰ মাজত মৰমৰ সম্পর্ক নাথাকিব পাৰে কিন্তু শাহু বোৱাৰীৰ মাজত হাজাৰ কাজিয়া হ'লেও থাকে এক মৰমৰ সম্পর্ক। বিশ্বাস হোৱা নাই? কিন্তু নিউৱৰ্কৰ এজনী বোৱাৰীৰ কাণ্ড শুনিলে আপুনি বিশ্বাস কৰিবলৈ বাধ্য হ'ব।
দৰা লাগে! দৰা লাগে! নিজৰ ৫১ বছৰীয়া শাহুৰ বাবে দৰা বিচাৰি হাহাকাৰ কৰিছে এজনি বোৱাৰীয়ে। কিন্তু দৰা হবলৈ লাগিব কিছুমান বিশেষ যোগ্যতা যেনে :- ল'ৰা জনৰ বয়স ৪০ ৰ পৰা ৬০ বছৰৰ ভিতৰত হ'ব লাগিব, আকৌ ল'ৰা জন দেখিবলৈ ধুনীয়া হ'ব লাগিব। আটাইতকৈ আচৰিত কথাটো হৈছে যে, ল'ৰা জনক দুই দিনৰ বাবে ভাড়া হে লোৱা হ'ব আৰু ভাড়া হিচাপে ল'ৰা জনলৈ ৭২ হাজাৰ টকা আগবঢ়োৱা হ'ব। এইখিনি লৈকে বাৰু ঠিকেই আছে কিন্তু ৫১ বছৰীয়া শাহুৰ লগত দুদিনয়া শহুৰে কি কি বা কৰিব লাগিব, সেয়াও তো এতিয়া এক ডাঙৰ প্ৰশ্ন? কিন্তু আপুনি চিন্তা কৰিব নালাগে কাৰণ খবৰ আমি সম্পূর্ণ হে দিওঁ। আচলতে মহিলা গৰাকীয়ে দুদিনৰ বাবে এখন বিয়ালৈ যাব আৰু উক্ত বিয়াখনত তেওঁ নিজৰ শাহুকো লৈ যাবলৈ মন মেলিছে। কিন্তু বোৱাৰীৰ যে আৰু এক হেপাহ শাহুৱেকৰ লগত যাব লাগিব শহুৱেকো ,কিন্তু বিধৱা শাহুৱেকে নো এতিয়া নিজ স্বামীক পাই ক'ত! স্বৰ্গৰ পৰাতো নমাই আনিব নোৱাৰে। সেয়েহে বোৱাৰীৰ মূৰত আহিল এক আচৰিত বুদ্ধি দৰা বিচাৰি দিলে সামাজিক মাধ্যমত বিজ্ঞাপন।
উল্লেখ্যযোগ্য যে বিজ্ঞাপনৰ চৰ্ত অনুসৰি নতুন দৰাই শাহুৱেকৰ লগত স্বামী হিচাপে বিয়াখনত উপস্থিত থাকিব লাগিব আৰু লগতে নিজৰ পত্নীৰ দৰে শাহুৱেকৰ যত্ন লব লাগিব। তাৰোপৰি বিয়াত দুয়োকে দেখিবলৈ সু সজ্জিত দম্পতিৰ দৰে হোৱাটো বাঞ্ছনীয়।
টকাতকৈ স্বামী ডাঙৰ নহয় ! কথাষাৰ প্ৰমাণ হৈছে সামাজিক মাধ্যমত । সামাজিক মাধ্যমত এই বিজ্ঞাপন প্ৰকাশ পোৱাৰ পৰাই হোৱাদোৱা লাগিছে নিজ স্বামীক ভাড়া দিয়াৰ প্ৰতিযোগিতা। এতিয়া বোৱাৰীয়ে কাক নিজৰ দুদিনিয়া শহুৰ হিচাপে নিৰ্বাচন কৰে সেয়া হ'ব লক্ষ্যণীয়। পিছে থাকি গ'ল এটা ডাঙৰ প্ৰশ্ন , শাহুৱেকলৈ দৰা বিচৰাটো বোৱাৰীৰ শাহুৱেকলৈ মৰম নে সমাজত নিজৰ সন্মান বৃদ্ধিৰ এক প্ৰক্ৰিয়া, তাৰ উত্তৰ আমি নিদিও উত্তৰ আপোনালোকে দিব কমেন্ট বক্সত ।
By Prasenjit Chakraborty
