লোকাচাৰৰ আৰৰ কাহিনী: দৰাৰ মাতৃয়ে কিয় পিন্ধাই সেন্দুৰ ?

 লোকাচাৰৰ আৰৰ কাহিনী: দৰাৰ মাতৃয়ে কিয় পিন্ধাই সেন্দুৰ ? 

wedding fact

বিবাহ হৈছে এক পবিত্ৰ অনুষ্ঠান। আমাৰ সমাজত বিবাহে মানৱ জীৱনত পূৰ্ণতা আনি দিয়ে বুলি বিশ্বাস কৰা হয়। বিবাহ কেৱল দুজন লোকৰ মিলনৰ সাক্ষীয়ে নহয়,ই দুটি পৰিয়ালৰো মিলনৰ সেতু।

অসমীয়া সমাজৰ বিবাহৰ নীতি-নিয়ম অতি সুন্দৰ। এই নীতি-নিয়ম সমূহৰ সৈতে বহুতো লোকবিশ্বাস জড়িত হৈ আছে।মাহ- হালধীৰে নোৱাই , পৱিত্ৰ কৰি দৰা- কইনাক বিবাহৰ পৱিত্ৰ দিনটোৰ বাবে সাজু কৰা হয়। দৰা-কইনাই বিবাহৰ দিনা উপবাসে থাকি অগ্নি বা বেদক সাক্ষী কৰি জনম জনমৰ বাবে একেডাল জৰীতে বান্ধ খাই পৰে।

সাধাৰণতে অসমীয়া সমাজত বিবাহ দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয়। মূল বিবাহৰ আগদিনাক 'জোৰোণ' বুলি কোৱা হয়। এই জোৰোণৰ দিনায়ে দৰাৰ মাতৃ সহিতে, অন্য লোকসকল আহি কইনা ঘৰত উপস্থিত হয় আৰু কইনাক বস্ত্ৰ-অলংকাৰ প্ৰদান কৰে।জোৰোণৰ বিভিন্ন নিয়মৰ ভিতৰত,দৰাৰ মাতৃয়ে কইনাক 'সেন্দুৰ পিন্ধোৱা' অন্যতম।হয়,দৰাৰ পূৰ্বেই দৰাৰ মাতৃয়েহে কইনাক সেন্দুৰ পিন্ধায়। বিবাহ সম্পন্ন হ'ব লগা ল'ৰা জনে , তেওঁৰ হ'বলগীয়া পত্নীক সেন্দুৰ নিপিন্ধাই,মাকে কিয় পিন্ধাই সেন্দুৰ? আচৰিত লাগিলেও এই কথা সত্য। বৰ্তমান যুগত এই লৈ বহুতো বিতৰ্ক ও সূচনা হোৱা পৰিলক্ষিত হয়।সেয়ে আজিকালি ঠাইবিশেষে দৰায়ে কইনাক সেন্দুৰ পিন্ধাবলৈ অহা দেখা পোৱা যায়। পিছে সমাজৰ প্ৰায়সংখ্যক ৰীতি-নীতি ৰে আৰত একোটা কাহিনী তথা নজনা সত্য লুকাই থাকে।সেই সত্য জানিলে হয়তো, কিছুমান ৰীতি-নীতি মানি লবলৈ সহজ হ'ব। আজি আমি জোৰোণ ৰ দিনা দৰাৰ মাতৃয়ে কিয় কইনাক সেন্দুৰ পিন্ধায়, তাকে জানো‌ আহক-

জোৰোণৰ দিনা আন আন বস্ত্ৰ- অলংকাৰৰ সৈতে সেন্দুৰো প্ৰেৰণ কৰা হয়, কইনাৰ বাবে। সেইদিনা দৰা ঘৰৰ ফালৰ পৰা অনা বস্তুৰে কইনাক সজাই তোলা হয়। আমাৰ সমাজত নাৰীৰ স্হান অতীতৰ পৰাই উচ্চ।নাৰীক দেৱীস্বৰূপ গণ্য কৰা হয় আৰু এখন ঘৰৰ বোৱাৰী জনীকেই লখিমী বুলি কোৱা হয়।কাৰণ তেখেতেই ঘৰ এখনৰ সকলো দিশ সূচাৰুৰূপে পৰিচালনা কৰি ৰাখে।সেয়ে জোৰোণৰ দিনা 'লক্ষী দেৱী' ৰ দৰেই ছোৱালী জনীক সজাই তোলা হয়। নতুন বস্ত্ৰ-অলংকাৰ ৰ লগতে, সেন্দুৰ পিন্ধাই , তেওঁক পূৰ্ণাংগ লক্ষী ৰূপ দিয়া হয়।দৰাৰ মাকে কইনাক সেন্দুৰ পিন্ধাওতে কয় যে, ' এই বস্ত্ৰ-অলংকাৰ আৰু সেন্দুৰ পৰিধান কৰি তুমি আজিৰে পৰা আমাৰ ঘৰৰ লখিমী হৈ পৰিলা'। ই একপ্ৰকাৰ কইনাগৰাকীক , তেখেতৰ পুত্ৰ ৰ অধাংগিনী ৰূপে এক আদৰণি পৰ্ব স্বৰূপ। আমাৰ সমাজত পিতৃ-মাতৃ হ'ল ভগৱানসদৃশ। তেওঁ লোকৰ অনুমতি- আৰ্শীবাদ অবিহনে বিবাহৰ দৰে পৱিত্ৰ অনুষ্ঠান সম্ভৱ নহয়। সেয়ে জোৰোণ দিনা , সেন্দুৰ পিন্ধোৱা কাৰ্য ই , তেওঁ লোকৰ বিবাহৰ অনুমতি হিচাপে গণ্য কৰা হয়।

তদুপৰি সেন্দুৰৰ ৰঙা ৰঙৰ সৃষ্টিৰ লগতো সম্পৰ্ক আছে বুলি মান্যতা আছে। সেন্দুৰৰ মাহাত্ম্য প্ৰকৃতিৰ সৈতেও জড়িত। কিয়নো যিকোনো প্ৰজননৰ সময়ত এক ৰঙচুৱা প্ৰভাৱ দেখা যায় সৃষ্টিত।সেইফালৰ পৰা চাবলৈ গ'লে ও বিবাহত সেন্দুৰ প্ৰদান অপৰিহাৰ্য পৰম্পৰা। যিহেতু বিবাহৰ পাছতেই নাৰী গৰাকীৰ পৰাও নতুন জীৱনৰ সৃষ্টি হয়।

তদুপৰি অন্য এক বিশ্বাস মতে, আমাৰ ধৰ্মত লক্ষ্মীৰ স্হিতি হ'ল- শিৰ ত আৰু লক্ষ্মীৰ ৰাশি হ'ল- মেষ আৰু মেষৰ স্বামী হ'ল- মংগল।এই মংগলৰ ৰং হৈছে ৰঙা।সেয়ে এই মংগলৰ প্ৰতীকৰূপে ও ৰঙা ৰঙৰ সেন্দুৰ বিবাহত পিন্ধোৱা হয়।

উপৰোক্ত নিয়মৰ বাহিৰেও আমাৰ সমাজত এনে বহুসংখ্যক লোকাচাৰ আছে,যাক অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা আছে।যাতে ভৱিষ্যতে কি ৰীতি-নীতি,কিহৰ ভিত্তিত প্ৰচলন কৰা হৈছিল,সেই বিষয়ে সকলোৱে জানিব পাৰে।

By- Smriti Kakati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.