আপোনাৰ স্মাৰ্ট ফোনটো হেক হোৱাৰ পৰা কেনেকৈ সুৰক্ষা দিব : How to save your smart phone from hacking?
আধুনিক জীৱন যাত্ৰাত ব্যৱহাৰ হোৱা স্মাৰ্ট ফোন বোৰৰ অবিহনে যেন আমি অলপ সময়ো পাৰ কৰিব নোৱাৰো, এনে হৈ পৰিছে! প্ৰযুক্তিয়ে আমাক হাতৰ মুঠিতে ইমান সুবিধা দিছে যে , এই সুবিধাবোৰ পাবলৈয়ে স্মাৰ্ট ফোন এতিয়া আমাৰ জীৱনৰ এক প্ৰয়োজনীয় আহিলা হৈ পৰিছে। কিন্তু প্ৰযুক্তিৰ উন্নতিৰ লগে লগে ইয়াৰ লগত জড়িত অপৰাধ ও দিনে দিনে বাঢ়ি গৈ আছে। তেনে এক গুৰুতৰ অপৰাধ জড়িত হৈ আছে আমি ব্যৱহাৰ এই স্মাৰ্ট ফোনৰ লগত। এতিয়া হেকাৰে আপোনাৰ/ মোৰ স্মাৰ্ট ফোনত বাহৰ পাতিছে। ইয়াৰ দ্বাৰা আপোনাৰ প্ৰয়োজনীয় তথ্য লৈ আপোনাক বিপদত পেলাইছে। আপুনি দৈনন্দিন যি বিলাক কাম স্মাৰ্ট ফোনৰ সহায়ত কৰে, যেনে-- বেংকৰ কাম, কথা পতা, ভিডিও আদি শ্বেয়াৰ কৰা, ইত্যাদি সকলো খবৰ হেকাৰে পাই যাব, যদিহে আপোনাৰ ফোন হেকাৰৰ কৱলত পৰে!
গতিকে এই ক্ষেত্ৰত কেনেকৈ সাৱধান হ'ব, আজি তাকে আপোনালোকক অৱগত কৰিবলৈ বিচাৰিছোঁ।
আপোনাৰ ফোন যে হেক হৈছে, সেই কথা কেনেকৈ গম পাব? আপোনাৰ ফোনত যদি আপুনি এইবোৰ লক্ষণ দেখা পায়, তেনে হ'লে আপুনি সাৱধান হোৱা দৰকাৰ..
১। অচিনাকি ফোন ক'ল বা মেচেজ যদি দেখা পায়।
কাৰণ হেকাৰে আপোনাৰ ফোন নম্বৰ ব্যৱহাৰ কৰি আনলৈ মেচেজ বা ফোন কৰিব পাৰে।
২। আপোনাৰ ফোনত যদি নতুন কিবা ৰেকৰ্ডিং দেখা পায়, যিটো আপুনি কৰা নাই বা আপোনাৰ কোনো চিনাকি বন্ধুৰ পৰা অহা নাই। এইটো এটা ফোন হেক হোৱাৰ এক লক্ষণ।
৩। আজি কালি হেকাৰে স্মাৰ্ট ফোনত প্ৰৱেশ কৰিয়েই ৰেকৰ্ড সলনি কৰাৰ চেষ্টা কৰে।
৪।হঠাৎ যদি আপোনাৰ ফোন slow হয়, তেতিয়াও হেকাৰৰ কৱলত পৰাৰ সন্দেহ আছে।
৫। আপোনাৰ ফোন হেক হোৱাৰ আন এটা লক্ষণ হৈছে, আপোনাৰ ফোনৰ বেটেৰী চার্জ যদি সোনকালে শেষ হয়।
এইবোৰ লক্ষণ যদি আমি দেখা পাওঁ, তেন্তে অৱশ্যেই সাৱধান হ'ব লাগিব।
আপোনাৰ চাগে জানিবলৈ মন, গৈছে, হেকাৰৰ পৰা কেনেকৈ স্মাৰ্ট ফোনটো সুৰক্ষিত ৰাখিব পাৰি!
আপোনাৰ ফোন হেকাৰৰ পৰা সুৰক্ষিত ৰাখিবলৈ আপুনি কৰিব লাগিব এই কেইটা কাম--
১।প্ৰথমে আপোনাৰ ফোনত যদি কোনো অচিনাকি app আছে তেনে হ'লে তাক un install কৰক।
২। নিয়মিত যিবোৰ app আপুনি ব্যৱহাৰ নকৰে, সেইবোৰ ডিলিত কৰক।
৩। সকলো app ৰ মানিব লগা অনুমতি বোৰ চাওক।
কোনো app ত অপ্ৰয়োজনীয় অনুমতি থাকিলে সেইয়াও বন্ধ কৰক।
৪। এনে app সদ্যহতে যদি আপুনি ইনষ্টল কৰিছে, তেন্তে তাক ডিলিত কৰক। কাৰণ এনে নতুন app বোৰৰ সহায়ত হেকাৰে আপোনাৰ ফোনত সোমোৱাৰ সম্ভাৱনা থাকে।
৫।তদুপৰি আপোনাৰ ফোনত যদি কোনো app ইনষ্টল হোৱা দেখিছে, যি আপুনি কৰা নাই, সেই app হেকাৰে ইনষ্টল কৰিছে। তেনেকুৱা app দেখিলে অনতিপলমে ডিলিত কৰক।
এই বোৰৰ উপৰিও, আপোনাৰ ফোন হেকাৰৰ পৰা সুৰক্ষিত ৰাখিবলৈ আপুনি কৰিব লাগিব কেইটামান জৰুৰী কাম--
১।সদায় ফোনৰ screen lock কৰি ৰাখিব।ফোনৰ screen lock কৰিবলৈ pass code ব্যৱহাৰ কৰক।
২।নিজৰ ফোন সদায় নিজৰ লগত ৰাখক। বিয়া, সকামত আপোনাৰ ফোন বেলেগৰ হাতত যি ঘূৰি নুফুৰিব।
৩।app ইনষ্টল কৰাত সাৱধান হওঁক। google play store ৰ বাহিৰে বেলেগৰ পৰা app ইনষ্টল নকৰিব।
Play store পৰা ইনষ্টল কৰোঁতেও app ৰ review ভাল দৰে চাই ল'ব।
৪। নিয়মিত ভাৱে আপোনাৰ ফোনৰ পৰা ইণ্টাৰনেট হিষ্ট্ৰী পৰিস্কাৰ কৰক।
৫। আপোনাৰ ফোনৰ যদি কিবা অপাৰেটিং ছিষ্টেমৰ update থাকে, তেন্তে সেইয়া নিয়মিত update কৰক।
প্ৰত্যেক ক্ষণতে হেকাৰে আমাৰ স্মাৰ্ট ফোনত প্ৰৱেশ কৰিবলৈ চেষ্টা চলাই থাকে। গতিকে এই ক্ষেত্ৰত আমিও সজাগ আৰু সচেতন থকা দৰকাৰ।
By: Mallika Dutta.