মাত্র ১৩ বছৰ বয়সতে হ'ল কোটিপতি : 13 years old boy earns 100 corores

 মাত্র ১৩ বছৰ বয়সতে হ'ল কোটিপতি : 13 years old boy earns 100 corores

tilak mehta

 মনত  সৎ সাহস আৰু নিজৰ ওপৰত বিশ্বাস থাকিলে যিকোনো কামত সফলতা অৰ্জন কৰিব পাৰি। বহু সময়ত ডাঙৰ মানুহে কৰিব নোৱাৰা কাম এজন সাধাৰণ বালকে কৰি দেখাব পাৰে । যি সময়ত মানুহে ভাগ্যক দোষাৰোপ কৰি চেষ্টাৰ পৰা বিৰত থাকে সেই সময়তে ১৩ বছৰীয়া কিশোৰৰ সফলতাৰ কাহিনীয়ে আপোনাক আচৰিত কৰি তুলিব। বালকাচনৰ নাম তিলক মেহতা।মুম্বাইৰ নিবাসী তিলক মেহতাৰ বয়স কম, কিন্তু তিলকৰ চিন্তা-চৰ্চা সমূহ সদায়  ডাঙৰ । 

  এটা সামন্য ঘটনাই মানুহৰ জীৱন সলনি কৰিব পাৰে, তিলকৰ ক্ষেত্রতো এনে এক ঘটনা সংঘটিত হৈছিল। ২০১৮ ৰ এক ঘটনা ,অষ্টমমান শ্ৰেণীত পঢ়া তিলকৰ বছেৰেকীয়া পৰীক্ষা কাষ চাপিছিল। কিন্তু মুম্বাইৰ এক অফিচত কৰ্মৰত তিলকৰ দেউতাকে পৰীক্ষাৰ বাবে প্ৰয়োজনীয় কিতাপ সময়ৰ অভাৱত কিনি দিব পৰা নাছিল । এনে অৱস্থাৰ মাজতে তিলকৰ মনলৈ আহিল এটা বিশেষ আইডিয়া । মুম্বাইৰ ভিতৰৰে সকলো স্থানলৈ ২৪ ঘন্টাই সঠিক সময়ত কিতাপৰ লগতে বিভিন্ন পাৰ্চেল ডেলিভাৰী দিয়াৰ কথা সি ভাৱিলে। কিন্তু বয়সত সৰু লৰা বুলি তিলকৰ এই আইডিয়াক কোনও গুৰুত্ব প্ৰদান কৰা নাছিল । অৱশেষত  তিলকে এই কথা গৈ সেই অঞ্চলৰে ঘনশ্যাম পাৰেশ নামৰ এজন বেংক বিষয়াৰ আগত কলে । তিলকৰ কথা শুনি বেংক বিষয়াজন এনেদৰে মুগ্ধ হল যে, তেওঁ বেংকৰ চাকৰি বাদ দি তিলকৰ লগত কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে  । 

ইয়াৰ পাছতে মুম্বাইত খোলা হল এটা পাৰ্চেল ডেলিভাৰী প্ৰতিষ্ঠান আৰু ইয়াৰ  নাম দিলে পেপাৰ এণ্ড পাৰ্চেল। অতি কমসময়ৰ ভিতৰতে তিলকে দখল কৰিলে মুম্বাইৰ পাৰ্চেল নেটৰ্ৱক। এইক্ষেত্ৰত দিহা-পৰামৰ্শদাতা হিচাপে প্ৰতি মুহূৰ্ততে তিলকৰ লগত আছিল বেংক বিষয়া ঘনশ্যাম পাৰেশ আৰু তেওঁক  পেপাৰ এণ্ড পাৰ্চেলক মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়া হ'ল । সঠিক সময়ত সকলো পাৰ্চেল সঠিক স্থানত পঠিওৱাৰ বাবে তিলক এণ্ড কোম্পানীয়ে সহায় ললে মুম্বাইৰ টিফিন ডেলিভাৰী দিয়াসকলৰ। সময়ৰ লগে লগে অধিক সবল তথা শক্তিশালী হৈ উঠিল পেপাৰ এণ্ড পাৰ্চেল কোম্পানী।

  বৰ্তমান এই প্ৰতিষ্ঠানে  মুম্বাই চহৰৰ কুৰিয়াৰ ছাৰ্ভিজ ক্ষেত্ৰখনত ২০ শতাংশ বজাৰ দখল কৰিছে আৰু ইয়াৰ দ্বাৰা প্ৰতিদিনেই ১২০০ ৰো অধিক পাৰ্চেল ডেলিভাৰী দিয়া হয়।  ২০২০ চনৰ ভিতৰতে পেপাৰ এণ্ড পাৰ্চেল প্ৰতিষ্ঠানে বছৰি ১০০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। যাৰ দ্বাৰা মাত্র দুবছৰৰ ভিতৰতে তিলক হৈ পৰিছে কোটি টকাৰ মালিক। 

   চেষ্টাৰ অসাধ্য একো নাই, মানুহৈ চেষ্টা কৰিলে অসাধ্যও সাধন কৰিব পাৰে । কণমানি তিলক মেহেতা  তাৰে এক উদাহৰণ। 

By Prasenjit Chakraborty

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.