সাৱধান: পলকতে নাইকীয়া হৈ যাব পাৰে আপোনাৰ একাউণ্ট ৰ ধন : SBI customers alert

 সাৱধান: পলকতে নাইকীয়া হৈ যাব পাৰে আপোনাৰ একাউণ্ট ৰ ধন : SBI customers alert

sbi alert

ভাৰতবৰ্ষৰ অতি বিশ্বাসযোগ্য আৰু পুৰণি চৰকাৰী বেংক হৈছে- 'ষ্টেট বেংক অফ ইণ্ডিয়া'(SBI)। শেহতীয়াকৈ SBI য়ে তেওঁ লোকৰ গ্ৰাহক সকলক এক সাৱধানবাণী প্ৰেৰণ কৰিছে, ছাইবাৰ জালিয়াতিৰ পৰা বাছি থাকিবলৈ।কোনো অনলাইন আদান-প্ৰদান(Transaction) মাধ্যমে কেতিয়াও ১০০ শতাংশ সুৰক্ষাৰ প্ৰতিশ্ৰুতি নিদিয়ে। কিয়নো হেকাৰ সকলে,সকলো সময়তে কাৰোবাৰ একাউণ্টৰ পৰা কেনেদৰে টকা সৰকাব পৰা যায়, তাৰে অহৰহ চেষ্টাত থাকে।

শেহতীয়াকৈ SBI য়ে এক টুইটযোগে গ্ৰাহক সকলক জনাই যে,যি লিংকত আপোনাক ফ্ৰী উপহাৰ দিয়াৰ প্ৰতিশ্ৰুতি থাকে,তেনে লিংকসমূহ খুলি নাচাব। লগতে ম'বাইল বা কম্পিউটাৰ ত যিকোনো'এপ্'(App) ডাউনল'দ নকৰিব। যিকোনো বিত্তীয় (financial) এপ্ ডাউনল'দ কৰাৰ আগেয়ে ,এপ্ টোৰ প্ৰকৃত পৰিচয় জানি ল'ব আৰু পূৰ্বৰ ৰিভিউ সমূহ ভালদৰে চালিজাৰি চাই ল'ব লাগে। লগতে কোনোধৰণৰ ব্যক্তিগত তথ্য প্ৰদান কৰিব নালাগে।

ষ্টেট বেংকে এই কথাও জানিবলৈ দিয়ে যে, দেশত সৰ্বত্ৰ KYC জালিয়াতি চলি আছে।যদিহে আপোনাৰ KYC উন্নীতকৰণৰ(update) বাবে অনুৰোধ জনোৱা হয়, তেন্তে তাক কেতিয়াও গ্ৰহণ কৰিব নালাগে।কাৰণ SBI য়ে কেতিয়াও কোনো গ্ৰাহকক KYC উন্নীতকৰণৰ মেচেজ প্ৰেৰণ নকৰে।যদিহে আপুনি তেনে কোনো জালি লিংক বা আন জালিয়াতিৰ কৱলত পৰে, তেন্তে আপুনি তাৰ বিৰুদ্ধে http://cybercrime.gov.in ত অভিযোগ দাখিল কৰিব পাৰে। লগতে মনত ৰাখিব যে, কেতিয়াও ম'বাইল নম্বৰ আৰু ব্যক্তিগত তথ্য, বিত্তীয় আদানপ্ৰদান ৰ ক্ষেত্ৰত প্ৰদান নকৰিব।আজিৰেপৰাই সতৰ্ক হ'ওক আৰু আপোনাৰ কষ্টোপাৰ্জিত ধন হেৰুওৱাৰ পৰা ৰক্ষা কৰক।

By- Smriti Kakati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.