অসমৰ আকাশবাণী কেন্দ্ৰসমূহৰ বিষয়ে জানো আহক(Let's Know about All India Radio Stations of Assam)
"এইয়া আকাশবাণী। বাতৰি পঢ়িছোঁ লিলি দাস মালিকে... আজিৰ প্ৰধান বাতৰি সমূহ..."
এইয়া আমাৰ সকলোৰে পৰিচিত সদায় ৰেডিঅ'ত শুনি থকা বাতৰি পথনৰ আৰম্ভণি।
১৯২৭ চনৰ ২৩ জুলাইত ভাৰতত আৰম্ভ হৈছিল প্ৰথম ৰেডিঅ' যোগে প্ৰচাৰণ। সেয়ে ২৩ জুলাই দিনটো ভাৰতত ৰাষ্ট্ৰীয় প্ৰচাৰণ দিৱস( National Broadcasting Day) হিচাপে পালন কৰা হয়।
আপুনি বাৰু ৰেডিঅ' শুনেনে? বা ৰেডিঅ'ই কেতিয়াবা আপোনাক নষ্টালজিক কৰেনে? কুৰি শতিকাৰ অসমৰ জনজীৱনৰ এক নিৰ্ভৰযোগ্য যোগাযোগৰ মাধ্যম ৰেডিঅ'।আজিও সেই সময়ৰ কোনো কোনো লোকক ৰেডিঅ'ই নষ্টালজিক কৰি তোলে, এই কথা আজি সকলোৱে স্বীকাৰ কৰে। এতিয়া হয়তো আপুনি জানি আচৰিত হ'ব, সেইসময়ত ৰেডিঅ' শুনিবলৈ লাইচেন্সৰ প্ৰয়োজন হৈছিল আৰু সময়ে সময়ে তাক renew কৰি থাকিব লগা হৈছিল।
সি যি কি নহওঁক, *"বহুজন হিতায়, বহুজন সুখায়"* , এই উদ্দেশ্যৰে ভাৰত চৰকাৰৰ এক বৃহৎ প্ৰচাৰণ আৰু গণমাধ্যম 'প্ৰচাৰ ভাৰতী' (Prasar Bharati) ৰ অধীনত অসমতো স্থাপন কৰা হৈছে কেইটিমান অনাতাঁৰ কেন্দ্রৰ।
স্বাধীনোত্তৰ কালৰ পৰা অসমৰ সমাজ জীৱনত এই অনাতাঁৰ কেন্দ্ৰ সমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
অসমৰ প্ৰথমটো অনাতাঁৰ কেন্দ্র স্থাপন হৈছিল শ্বিলং অনাতাঁৰ কেন্দ্রৰ সৈতে একে সময়তে, ১৯৪৮ চনৰ ১জুলাইত,গুৱাহাটীৰ উজানবজাৰত। সেই সময়ত এই দুয়োটা কেন্দ্ৰই মিলা-মিছাৰে একে লগে প্ৰচাৰৰ কাম চলাই আছিল। সেয়ে ঘোষণাত শ্বিলং- গুৱাহাটী বুলি কোৱা হৈছিল।উল্লেখযোগ্য যে এই শ্বিলং -গুৱাহাটী কেন্দ্ৰ সমগ্ৰ উত্তৰ-পূর্বাঞ্চলৰে প্ৰথম অনাতাঁৰ কেন্দ্ৰ। ১৯৫৭ চনলৈকে আকাশবাণী গুৱাহাটী কেন্দ্ৰই উজান বজাৰৰ অস্থায়ী ঘৰৰ পৰা অনুষ্ঠান প্ৰচাৰ কৰি আছিল। ১৯৫৭ চনত গুৱাহাটীৰ চান্দমাৰীত সজা হয় ইয়াৰ স্থায়ী ঘৰ।এনেকৈয়ে আকাশবাণী গুৱাহাটীয়ে আজিৰ পৰ্য্যায় পাইছেহি আৰু ,২০২১বৰ্ষৰ ১ জুলাইত এই কেন্দ্ৰই ৭৫ বছৰত ভৰি দিলে।
গুৱাহাটীৰ উপৰিও বৰ্তমান অসমত থকা অনাতাঁৰ কেন্দ্র কেইটা হৈছে.. ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, নগাঁও, কোকৰাঝাৰ, হাফলং, ডিফু, কৰিমগঞ্জ,শিলচৰ,গোৱালপাৰা আৰু ধুবুৰী। মুঠ ১২ টা অনাতাঁৰ কেন্দ্রৰ অসমত আছে। এই আটাইবোৰ কেন্দ্ৰই সেই অঞ্চলৰ জনসাধাৰণৰ মনোৰঞ্জনৰ লগতে কৃষি, স্বাস্থ্য,শিক্ষা, বিজ্ঞান ,সাহিত্য,নাটক, career guide, জনগোষ্ঠীয় গীত-মাত ইত্যাদিৰে শিশুৰ পৰা বয়োজ্যেষ্ঠ, সকলোৰে বাবে প্ৰয়োজনীয় বিভিন্ন অনুষ্ঠান প্ৰচাৰ কৰি আহিছে।
ৰেডিঅ'ই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, যুদ্ধ- বিগ্ৰহ আদিৰ সময়ত। বৰ্তমান ক'ভিদ -১৯ মহামাৰীৰ সময়তো শুদ্ধ তথ্য আৰু সচেতনতামূলক অনুষ্ঠান প্ৰচাৰ কৰি ৰেডিঅ'ই দেশৰ জনগণক সজাগ আৰু আশ্বস্ত কৰি আছে। ৰেডিঅ'ৰ তথ্যৰ ওপৰত থকা ৰাইজৰ বিশ্বাসযোগ্যতা অতীজৰ পৰা বৰ্তমানলৈ অক্ষুন্ন আছে
*অসমৰ অনাতাঁৰ কেন্দ্ৰই জনসাধাৰণক সজাগ কৰিবলৈ বা মনোৰঞ্জন দিবলৈ অনেক ব্যতিক্ৰমী পদক্ষেপও গ্ৰহণ কৰিছে। উদাহৰণ স্বৰূপে,কুৰি শতিকাৰ শেষ ভাগত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই নিয়মীয়াকৈ প্ৰচাৰ কৰা পৰিবেশ সঁজাগতামূলক অনুষ্ঠান"Green broadscasting' য়ে সেই সময়ত উজনি অসমত গছ ৰোপণ আৰু সংৰক্ষণত জনগণক সজাগ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ঠিক সেইদৰে আকাশবাণী তেজপুৰ কেন্দ্ৰই ভিতৰুৱা অঞ্চলৰ বিদ্যালয়লৈ গৈ কণ কণ শিশুৰ লগত স্বচ্ছতা অভিযানত ভাগ লোৱাৰ লগতে, ঠাইতে কুইজ প্ৰতিযোগিতা পাতি ছাত্ৰ ছাত্ৰীক স্বচ্ছতাৰ ক্ষেত্ৰত সজাগ কৰা দৰে কামো কৰিছে।*
*অসমৰ অনাতাঁৰ কেন্দ্ৰই কেৱল সৰ্ব সাধাৰণ জনতাৰ বাবেই নহয়, জীৱনৰ কোনো দুঃসময়ৰ চিকাৰ হৈ কাৰাগাৰত বন্দী হ'ব লগা মানুহৰ বাবেও কাম কৰিছে। তেওঁলোকৰ মানসিক স্বাস্থ্যৰ ভাৰসাম্যতা ৰক্ষাৰ বাবে ২০১৮ চনত আকাশবাণী গুৱাহাটী, তেজপুৰ আৰু গুৱাহাটী দূৰদৰ্শনৰ মিলিত সহযোগত তেজপুৰ কাৰাগাৰত এক বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছিল।*
অসমৰ অনাতাঁৰ কেন্দ্ৰই অতীতৰ পৰা শিল্পীৰ সৃষ্টিত এক উল্লেখযোগ্য ভূমিকা পালন কৰিছে-- পুৰুষোত্তম দাস, ডঃ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, ডঃ বীৰেন্দ্ৰ নাথ দত্ত, দীপালি বৰঠাকুৰ, মহেন্দ্ৰ বৰঠাকুৰ, নীলু চক্ৰৱৰ্তী, খগেন মহন্ত, দুৰ্গেশ্বৰ বৰঠাকুৰ, ইত্যাদি অনেক প্ৰতিযশা শিল্পীৰ সৃষ্টি হৈছে অনাতাঁৰ কেন্দ্রৰ মঞ্চৰ পৰা। তদুপৰি আকাশবাণীয়ে শিশুৰ পৰা বয়োজ্যেষ্ঠ জনলৈ এক মঞ্চ দিছে।ইয়াত প্ৰচাৰ হোৱা বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰি এইসকল লোকে বিভিন্ন ক্ষেত্ৰত আগুৱাই যাবলৈ সক্ষম হৈছে।
আকাশবাণীয়ে কিছু পৰিমানে নিবনুৱা সমস্যাও হ্ৰাসকৰিছে।
ভাষা আৰু সংস্কৃতি সকলো জাতিৰে মেৰুদণ্ড স্বৰূপ।অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোক সংগীত, কলা- কৃষ্টি শুদ্ধ ৰূপত সংৰক্ষণত অনাতাঁৰ কেন্দ্ৰসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। যি সকল জনগোষ্ঠীৰ কোনো লিপি নাই,তেওঁলোকৰ বাবে ৰেডিঅ' হৈছে বিভিন্ন জনগোষ্ঠীৰ লোক কৃষ্টিৰ চৰ্চা আৰু সংৰক্ষণৰ এক ভঁৰাল স্বৰূপ।
আকাশবাণী কোকোৰাঝাৰত বড়ো ভাষা, শিলচৰত বাংলা, কৰিমগঞ্জত বাংলা, ডিফুত কাৰ্বি, হাফলং ত হিন্দী আৰু কিছু জনজাতীয় ভাষাত অনুষ্ঠান প্ৰচাৰ কৰে।গোৱালপাৰা আৰু ধুবুৰীয়ে গুৱাহাটীৰ অনুষ্ঠান relay কৰে। আনহাতে গুৱাহাটী, নগাঁও, তেজপুৰ, যোৰহাট আৰু ডিব্ৰুগড়ে শুদ্ধ ৰূপত, শুদ্ধ উচ্চাৰণত অসমীয়া ভাষাত প্ৰচাৰ কৰাৰ ক্ষেত্ৰত এক গধুৰ দায়িত্ব পালন কৰি আছে ।লগতে নগাঁও, যোৰহাট, ডিফু আৰু হাফলং অনাতাঁৰ কেন্দ্ৰই স্থানীয় শিল্পী, কলা কুশলীক সুবিধা প্ৰদান কৰি তেওঁলোকক আগবাঢ়ি যোৱাত সহায় কৰিছে। অসমৰ বৌদ্ধিক জগতে গ্ৰহণ কৰা আৰু সকলো জনগোষ্ঠীৰ সংযোগী ভাষা হৈছে অনাতাঁৰ কেন্দ্ৰই প্ৰচাৰ কৰা অসমীয়া ভাষা। গতিকে এই ক্ষেত্ৰত সকলো সজাগ আৰু সচেতন হোৱা দৰকাৰ, যাতে অনাতাঁৰ কেন্দ্ৰই প্ৰচাৰ কৰা ভাষা ভুলকৈ প্ৰচাৰ নহয়।
এই ক্ষেত্ৰত অসমৰ বাসিন্দা হিচাপে আপোনাৰো আছে দায়িত্ব। তাৰ বাবে কিন্তু আপুনি ৰেডিঅ' শুনিবলৈ নাপাহৰিব ।
By: Mallika Dutta