মই লক্ষ্মীয়ে কৈছো

 মই লক্ষ্মীয়ে কৈছো

love sttory

২০০৫ চনৰ কথা এইয়া।দুচকুত অলেখ সপোন, আৰু সেই সপোনৰ পিছে পিছে দৌৰি ফুৰা পোন্ধৰ বছৰীয়া মই জনী।আন দহজনী ছোৱালীৰ দৰেই মোৰো জীৱন আগবাঢ়িছিল মসৃণকৈ। সদায় ৰাতিপুৱা বিদ্যালয়লৈ যাও, খোজকাঢ়িয়ে যাও। সেই সময় খিনি বৰ প্ৰিয় মোৰ। ৰাস্তাৰ কাষৰ দোকান বোৰ, পুৱাৰ ব্যাস্ততাত লৰালৰিকৈ আগবঢ়া মানুহ বোৰক চাই চাই মই স্কুল পাওগৈ আৰু দিনৰ শেষত আকৌ সেই বাটেৰেই উভতি আহো। এনেদৰে গতানুগতিকতাৰ মাজেৰে দিনবোৰ পাৰ হৈ গৈ আছিল ঘৰৰ সকলোৰে মৰমৰ ছোৱালী জনীৰ। পিছে হঠাৎ এদিন এনেকুৱা এটা ঘটনা ঘটিল, যি ঘটনাই আউল লগাই পেলালে মোৰ জীৱনৰ অংকত। ধুনীয়া সপোন এটি দেখি থাকোতে হঠাতে যেন কোনোবাই কৰ্কশভাৱে জোকাৰি মোৰ সপোন ভাঙি মোহাৰি পেলালে।

মোৰ জীৱনৰ গতি সলাই মানুহৰ কদৰ্য ৰূপৰ সৈতে পৰিচয় কৰাই দিয়া সেই মানুহজন আছিল , মই দাদা বুলি সন্মান কৰা এজন ৩২ বছৰীয়া পুৰুষ।হয়, ঠিকেই শুনিছে মোতকৈ প্ৰায় ১৭ বছৰ ডাঙৰ সেই মানুহজনে প্ৰেমৰ প্ৰস্তাৱ দিয়ে মোক। আচৰিত হৈছিলো মই।যাক মই সন্মানৰ উচ্চ আসনত ৰাখিছিলো , তেওঁৰ পৰা এনে প্ৰস্তাৱ নিশ্চয় আশা কৰা নাযাই। স্বাভাৱিকতেই মই তেওঁক মানা কৰিলো আৰু এনে কথা নকবলৈ অনুৰোধ জনালোঁ।১৫ বছৰ বয়সত, স্কুল গৈ থকা এজনী ছোৱালীৰ বাবে প্ৰেম কি বুজি পোৱাৰ বয়সো হোৱা নাছিল চাগৈ। পিছে তেওঁ ক্ষান্ত নহ'ল,দিনৰ পাছত দিন ধৰি মোক একেই প্ৰস্তাৱেই দি থাকিল আৰু যলৈকে যাও তালৈকে মোক অনুসৰণ কৰা আৰম্ভ কৰিলে।বহুবাৰ ভবাৰ পাছতো মই এই কথা কাকোৱে ক'বলৈ সাহস কৰিব নোৱাৰিলোঁ।মনত অলেখ সংশয় আছিল, কাৰণ সেই কোমল বয়সতো মই জানিছিলো আমাৰ সমাজ খনৰ মনস্তত্ব,যিখন সমাজত কোন দোষী,কোন নিৰ্দোষী বিচাৰ নকৰাকৈয়ে , কেৱল ছোৱালী হোৱাৰ বাবেই কাৰোবাক দোষী সাব্যস্ত কৰা হয় আৰু দিয়া হয় চৰিত্ৰহীনাৰ খিতাপ।শাস্তি হিচাপে দাখিল কৰা হয় বিয়া দি দিয়াৰ প্ৰস্তাব।হয়,এনে ভয়েই বাধা দিছিল মোক। তাৰোপৰি স্কুল যাবলৈ বন্ধ কৰাৰ ভয়ো আছিল।যিটো মই কোনো কাৰণেই বিচৰা নাছিলোঁ। মই পঢ়িব খুজিছিলো,মোৰ সপোন বোৰক লৈ আগবাঢ়ি যাব বিছাৰিছিলো।

এই সকলোবোৰ কথা বুকুত সামৰি মই স্কুল গৈয়ে আছিলো। তেনেতে ২০০৫ চনৰ ৯ এপ্ৰিলত সেই মানুহজনে মোক এটা মেচেজ কৰে যে তেওঁ মোক এতিয়াও বহুত ভাল পায় আৰু মোক বিয়া পাতিব বিচাৰে।লগে লগেই আৰু এটা মেচেজ কৰে যে তেওঁ ক তেতিয়াই সেই কথাৰ উত্তৰ লাগে। দুয়োটা মেচেজ মই দেখা পালো আৰু কোনো উত্তৰ নিদিয়াকৈ থৈ দিলো। গ'ল কথা গুচিল বুলি ভাবি ২২ এপ্ৰিলৰ দিনাও মই আনদিনাৰ দৰেই স্কুল গৈ আছিলো,সময় আছিল পুৱা ১০ বাজি ৪৫ মিনিট। তেনেতে মই দেখিলো যে মোক অশান্তি কৰি থকা মানুহ জনৰ ভায়েক আৰু তেওঁৰ প্ৰেমিকাই মোক অনুসৰণ কৰি আছে।লগে লগেই মই যিমান পাৰোঁ খৰকৈ স্কুললৈ বুলি বাট ললো। পিছে তেনেতেই সিহত আহি মোৰ কাষ পালেহি আৰু ছোৱালী জনীয়ে মোক ঠেলি ৰাস্তাত পেলাই দিলে আৰু মই কিবা কৰিব পৰাৰ আগতেই, এটা গিলাচত লৈ অহা এচিড মোৰ মুখলৈ মাৰি পঠিয়ালে। লগে লগে মই সংজ্ঞাহীন হৈ পৰিলো।কিছুসময়ৰ পাছত যেতিয়া মই চেতনা ঘূৰাই পালো তেতিয়ালৈ মোৰ সম্পূৰ্ণ পৃথিৱী উলট- পালট হৈ পৰিছিল। জ্ঞান ঘূৰাই পোৱাৰ পাছত মোৰ এনে লাগিছিল যেন মোৰ মুখখন বহল হৈ বহুত বেছি ওজনৰ হৈ পৰিছে আৰু মই একুৰা জুইৰ মাজত সোমাই আছো। মই অসহায় হৈ চিয়ৰি চিয়ৰি মানুহক মাতিবলৈ ধৰিলো অকণমান সহায়ৰ বাবে।চকু মেলিব নোৱাৰাৰ বাবে,একো দেখা নোপোৱাকৈয়ে মই ৰাস্তাৰ মাজ পালোগৈ। সেইখিনি সময়তে মই আকৌ এবাৰ দেখা পালো মানুহ নামৰ জাতিটোৰ কদৰ্য ৰূপ। এজনী অসহায় ছোৱালীয়ে যন্ত্ৰণাত চিয়ৰি থাকিল , কিন্তু কোনো আগবাঢ়ি নাহিল। ৰাস্তাৰ মাজত মই তিনিখন মান গাড়ীত খুন্দা ও খালো, তেতিয়া গাড়ীৰ মানুহকো সহায় বিছাৰিলো।কোনোবাই মোক ঘৰলৈ খবৰ দিয়ক,কোনোবাই ফোন কৰক,মা- দেউতাৰ কাষলৈ লৈ যাওক বুলি , মই যাকে পালো ভৰিত ধৰি সহায় খুজিলো। কিন্তু মোৰ যন্ত্ৰণা আৰু হদয়বিদাৰক চিয়ৰ, চকু পানীয়েও হদয়হীন মানুহবোৰৰ হদয় গলাব নোৱাৰিলে। এনেদৰেই কিছু সময় পাৰ হ'ল। তেনেতে অৰুণ সিং নামৰ এজন লোক আগবাঢ়ি আহিল আৰু তেখেতেই পুলিচ তথা ঘৰলৈ খবৰ দিয়ে। তেওঁৰ হাতত থকা আধা বটল পানীকেই তেওঁ মোৰ মুখত মাৰি দিয়ে, তেতিয়া পানীৰ লগতে বৈ অহা এচিডে মোৰ ডিঙি অংশকো পুৰি নিয়ে। ইয়াৰ পিছতেই মোক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু প্ৰথমেই ২০ বাল্টি মান পানী মোৰ গাত ঢলা হয়।তেনে সময়তে মোৰ ঘৰৰ মানুহো আহি পায় আৰু তেওঁলোকক দেখি মই ক'ব নোৱাৰা হৈ দেউতাক সাৱটি ধৰিলো, লগে লগেই দেউতাই পিন্ধি অহা চাৰ্টটো জ্বলি যায়, ইমানেই বেছি ভয়ংকৰ আছিল সেই এচিড। প্লাষ্টিক জ্বলাই দিলে যেনেদৰে গলি গৈ টোপ্ টোপ্ কৈ পৰে, ঠিক তেনেদৰেই মোৰ মুখ আৰু হাতৰ ছাল গলি টপ্ টপ্ কৈ সৰি পৰি আছিল।সেই অসহনীয় যন্ত্ৰণাৰ মাজতে মোক দুটাকৈ চাৰ্জাৰী কৰা হয়।চকুৰ কাষত চিলাই কৰি থাকোতে, মই প্ৰতিটো খুচ অনুভৱ কৰি আছিলো। কিমান বেছি কষ্ট পাইছিলো সেইয়া বৰ্ণনা কৰিবলৈ মই অক্ষম।

তাৰপাছতেই মই ঘৰলৈ গলো।যেতিয়া মই নিজকে প্ৰথম আইনাত দেখা পালো,সেই ভয়ানক অনুভৱ কোনো ভাষাৰে বুজাব নোৱাৰি।চকু কেইটা বাহিৰলৈ ওলাই থকা,এখন গলি পচিবলৈ আৰম্ভ কৰা মুখেৰে সেইয়া আইনাত কোন চিনিব পৰা নাছিলোঁ, মই আইনা চাবলৈ একেবাৰেই এৰি পেলালো।ঘৰখনৰ মানুহখিনিয়েও ইজনে সিজনৰ মুখলৈ চাব পৰা নাছিল সেইসময়ত।এক অসহজ মৌনতাই আমাৰ সুখৰ ঘৰখন গ্ৰাস কৰি পেলাইছিল। শাৰীৰিক যন্ত্ৰণাৰ লগতে অপৰিসীম মানসিক যন্ত্ৰণাৰ মাজেৰে এটা এটা ক্ষণ পাৰ কৰিছিলো সেইসময়ত। জীয়াই থকাৰ ইচ্ছা একেবাৰেই শেষ হৈ গৈছিল। এই বোৰৰ মাজতেই মোক এপ'ল' হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল আৰু তাৰ পাছত মই লাহে লাহে সুস্হ হৈ উঠিলো।

আজি ইমান বছৰৰ পাছতো সেই সময় খিনিৰ কথা মই পাহৰিব নোৱাৰো।সেই। ঘটনাই মোৰ দেহৰ লগতে মনতো যি দাগ এৰি থৈ গৈছে সেইয়া নিশ্চয়কৈ কাৰো বাবেই মচি পেলাব পৰা স্মৃতি নহয়।অপৰাধী নাদিম খান ওৰফে গুড্ডু এতিয়াও কাৰাগাৰত।

সেই দু্সময় পাৰ কৰি আজি মই যিজনী লক্ষ্মী আপোনালোকৰ সন্মূখত ঠিয় হৈ আছো সেইয়া পুৰণা লক্ষ্মী নহয়,ই মোৰ পুনৰ জনম। পুৰণি কথা মনত পেলাই এতিয়া আৰু মই চকুপানী নোটোকো।যিজনী সৰল, লেহুকা লক্ষ্মীক শাৰীৰিক মানসিক আঘাতে ৰে ভাঙি পেলোৱা হৈছিল, তাৰ ঠাইত এতিয়া এজনী সাহসী ছোৱালী ঠিয়হৈ আছে। সমাজত মোৰ লগত হোৱাৰ দৰে ঘটনা আজিও পুনৰাবৃত্তি হৈয়ে আছে। বৰ্তমান মই তেনে ঘটনাৰ বিৰুদ্ধে সমাজত সচেতনতা অনাৰ হকে কাম কৰি আছো আৰু সেইসকল বাই- ভনীৰ কাষত সাহস হৈ ৰৈ আছো,যি এনে দূৰ্ঘটনাৰ বলি হৈছে। মই বিচাৰোঁ মোৰ দৰে নৰক যন্ত্ৰণা কোনেও কেতিয়াও ভোগ নকৰক। মই প্ৰাৰ্থনা জনাইছো যে মানুহৰ কলুষিত মনবোৰ পোহৰ হৈ উঠক।লগতে নাৰী যে হাতৰ পুতলা নহয়,সন্মানৰ উচ্চ আসনৰ যোগ্য তাক উপলদ্ধি কৰক,সেইয়াই মোৰ,লক্ষ্মী আগৰৱালৰ  একমাত্ৰ অনুৰোধ।

By-Smriti Kakati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.