এজন অনুৰাগীয়ে নিৰ্মাণ কৰিব শচীন তেণ্ডোলকাৰৰ বাবে মন্দিৰ : A temple will be built for God of Cricket Sachin Tendulkar
যদিও ভাৰতৰ ৰাষ্ট্ৰীয় খেল হ'কি, তথাপি ভাৰতত ক্ৰিকেট খেলৰ জনপ্রিয়তা অধিক। এই খেল জনপ্রিয়তাৰ শীর্ষস্থানত উপনীত হোৱাৰ মূলতে আছে এই খেলৰ অনুৰাগীসকল। আপুনিও যদি ক্রিকেট খেলৰ এজন অনুৰাগী তেন্তে শচীন তেণ্ডোলকাৰৰ নাম নিশ্চিয় শুনিছে। ক্ৰিকেটৰ ভগৱান হিচাপে খ্যাত শচীন তেণ্ডোলকাৰৰ সমগ্র বিশ্বতে অনুৰাগী আছে যদিও তেওঁৰ এনে এজন অনুৰাগী আছে যাক আমি তেওঁৰ আটাইতকৈ শ্ৰেষ্ঠ অনুৰাগী বুলি ক'ব পাৰো। কি কামৰ বাবে তেওঁ শচীনৰ শ্ৰেষ্ঠ অনুৰাগীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে জানো আহক।
শচীন তেণ্ডুলকাৰৰ আটাইতকৈ শ্ৰেষ্ঠ অনুৰাগী জন হৈছে মুফাফাৰপুৰৰ সুধীৰ কুমাৰ। তেওঁ ২০০৩ চনত প্ৰথমবাৰৰ বাবে শচীন তেণ্ডুলকাৰক লগ পোৱাৰ পিছতেই তেওঁ ক্রিকেটকেই জীৱন সংগী হিচাপে বাচি লৈছিল ।তেওঁ শচীনক লগ পোৱাৰ পিছতেই নিজৰ চাকৰি এৰি দি প্ৰতিমুহূৰ্তত ক্ৰিকেটত নিমজ্জিত হৈ পৰে আৰু শচীনৰ খেল চাবলৈ দেশ বিদেশ সকলোতে যাত্রা কৰিবলৈ আৰম্ভ কৰে । তেওঁৰ ক্রিকেট আৰু শচীনৰ প্ৰতি অনুৰাগী হিচাপে থকা ভালপোৱাৰ কথা শচীনে যেতিয়া জানিব পাৰে তেতিয়াৰে পৰা, শচীনে তেওঁৰ খেল চাবলৈ যোৱাৰ সকলো ব্যৱস্থা তেওঁ নিজে কৰি দিয়ে।সুধীৰ কুমাৰৰ বিত্তীয় পৰিস্থিতি বেছি ভাল নহয় যদিও, তেওঁ কেতিয়াও শচীনৰ পৰা আৰ্থিক সহায় বিচৰাৰ কথা ভবা নাই । বহুবাৰ শচীনৰ লগতে ভাৰতীয় দলৰ বহু সদস্যই সহায় কথা কৈছিল যদিও সেয়া তেওঁ অস্বীকাৰ কৰিছিল।
সুধীৰ কুমাৰে অতি শীঘ্ৰেই তেওঁৰ ভগৱান শচীন তেণ্ডোলকাৰৰ বাবে মুফাৰাপুৰত (Mufferarpur) এটা মন্দিৰ নিৰ্মাণ কৰিবলৈ গৈ আছে আৰু এই মন্দিৰটো উদ্বোধন কৰিবলৈ তেওঁ শচীনক বিহাৰলৈ মাতিব । বৰ্তমান সুধীৰে মন্দিৰ নিৰ্মাণৰ বাবে ধনৰ ব্যৱস্থা কৰাত ব্যস্ত আৰু টকাৰ ব্যৱস্থা হোৱাৰ লগে লগে তেওঁ মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব।
এই পৃথিৱীত বহু আহে আৰু যায় কিন্তু কিছু লোকেহে পৃথিৱীত নিজৰ পৰিচয় এৰি থৈ যাবলৈ সক্ষম হয় আৰু তেওঁলোকৰ অনুৰাগী সকলে তেওঁলোকক সদায় অমৰ কৰি ৰাখে।
By Prasenjit Chakraborty