এজন একাধিপতি যাৰ শাসন কালত দিয়া হৈছিল বিনামূলীয়া বিদ্যুৎ আৰু ঘৰ : A dictator who gave free Electricity and House to the people
সাধাৰণতে একনায়কত্ববাদক অগণতান্ত্রিক তথা জনসাধাৰণৰ বাবে বিপদজনক বুলি গণ্য কৰা হয়।
উদাহৰণ স্বৰূপে আমি জাৰ্মানীৰ একাধিপতি আডলফ হিটলাৰৰ কথা ক'ব পাৰো। তেওঁৰ ৰাজত্বকালত জাৰ্মানীৰ জনসাধাৰণৰ ওপৰত হোৱা অত্যাচাৰৰ ফলত সমগ্র জনজীৱন শোকগ্রস্ত হৈ পৰিছিল। যাৰ বাবে তেওঁক ইতিহাসৰ আটাইতকৈ অত্যাচাৰী একাধিপতি বুলি কোৱা হয়। আডলফ হিটলাৰ এক উদাহৰণ হে মাথো, এনে আৰু বহুতো একাধিপতি শাসক আছিল বা আছে যিয়ে দেশৰ জনসাধাৰণৰ ওপৰত নিজৰ অত্যাচাৰ চলাই আহিছে।
কিন্তু যদি আপুনি ভাৱিছে একনায়কত্ববাদ জনবিৰোধী তেন্তে অলপ ৰ'ব! কাৰণ আজি আলোচনা কৰিম এনে এজন একাধিপতিৰ বিষয়ে, যাৰ শাসনকালত সেই দেশৰ জনসাধাৰণৰ সুখ আৰু সমৃদ্ধি কোলাই - পাচিয়ে নধৰা হৈছিল।
সেই একাধিপতি জনৰ নাম হৈছে Muammar Gaddafi তেওঁ লিবিয়াৰ শাসক আছিল। তেওঁৰ শাসনকালত তেওঁ জনসাধাৰণৰ হিত চিন্তা কৰিছিল আৰু যাৰ বাবে তেওঁ জনসাধাৰণক বহুতো সুবিধা প্ৰধান কৰিছিল। তেওঁৰ শাসনকালত জনসাধাৰণক সম্পূর্ণ বিনামূলীয়া বিজুলী প্ৰদান কৰা হৈছিল আৰু তেওঁলোকে নিজৰ ইচ্ছা অনুযায়ী বিজুলী ব্যৱহাৰ কৰিব পাৰিছিল । তাৰোপৰি তেওঁ নিজাববীয়াকৈ এটা বেংক মুকলি কৰিছিল আৰু ইয়াৰ দ্বাৰা জনসাধাৰণক কৰবিহীন লোণ প্ৰদান কৰা হৈছিল । তেওঁৰ শাসনকালত তেওঁ নিজ দেশৰ দুখীয়া ঘৰবিহীন প্ৰত্যেক পৰিয়ালক থকাবলৈ ঘৰ নিৰ্মাণ কৰি দিয়াৰ সপোন ৰচিছিল আৰু তেওঁ পণ লৈছিল যে যেতিয়ালৈকে তেওঁলোকৰ বাবে ঘৰ নিৰ্মান কৰি নিদিয়ে তেতিয়া লৈকে নিজ পিতৃৰ বাবেও তেওঁ ঘৰ নিৰ্মাণ নকৰে । তাৰোপৰি তেওঁ নতুনকৈ বিয়া হোৱা দম্পতিলৈ ৫০ হাজাৰ ডলাৰ অৰ্থাৎ প্ৰায় ৩৫ লাখ টকা পুৰষ্কাৰ হিচাপে আগবঢ়াইছিল, তাৰোপৰি জন্ম লাভ নৱজাতক তথা তেওঁৰ মাতৃলৈ ৩ লাখ টকা আগবঢ়োৱা হৈছিল।
নিজৰ জীৱন কালত নিস্বাৰ্থক ভাৱে জনসাধাৰণৰ সেৱা আগবঢ়াই যোৱা Muammar Gaddafi নামৰ
একাধিপতিজনে ২০১১ চনৰ ২০ অক্টোবৰ তাৰিখে ইহলীলা সম্বৰণ কৰে। তেওঁৰ জীৱনকালত তেওঁ প্ৰায় ৪২ বছৰ দেশ শাসন কৰিছিল।
বৰ্তমান দেশসমূত জনসাধাৰণৰ প্ৰতি বাঢ়ি অহা অন্যায় ভ্ৰষ্টাচাৰ আদিয়ে দেশৰ জনসাধাৰণক বিধস্ত কৰি তুলিছে। এনে সময়ত Muammar Gaddafi ৰ দৰে এজন শাসক সকলো দেশতে প্ৰয়োজন, তেতিয়াহে জনসাধাৰণৰ নিজ অধিকাৰ সমূহ ৰক্ষা পৰিব আৰু দেশৰ দৰিদ্ৰতা দূৰ হ'ব।
By Prasenjit Chakraborty