মৰমৰ চুমা নে বেক্টেৰিয়াৰ আদান-প্ৰদান ? লগতে বহুতো নজনা কথা : Interesting facts

 মৰমৰ চুমা নে বেক্টেৰিয়াৰ আদান-প্ৰদান ? লগতে বহুতো নজনা কথা : Interesting facts

facts

পৃথিৱী খনত এনে বহু ঘটনা ঘটি আছে ,যাৰ বিষয়ে আমি বহুতেই নাজানো বা কিছুমান কথাৰ সম্পূৰ্ণ সত্য ও আমি গম নোপোৱাকৈয়ে থাকি যায়। চিন্তা নকৰিব, তেনে কিছুমান নজনা ৰোচক  সত্য লৈয়ে আমি পুনৰ আপোনালোকৰ কাষত উপস্থিত হৈছো।পলম নকৰি জানো আহক-

১/ আপোনাৰ যদি ' Tesla electric car' বা যিকোনো বৈদ্যুতিক বাহন আছে , তেন্তে ইয়াক পানীৰ পৰা আতৰাই ৰখাই ভাল। পানীৰ সংস্পৰ্শলৈ আহিলেই 'চৰ্ট চাৰ্কিট' হ'ব পাৰে, বৈদ্যুতিক চক্ লাগি যাব পাৰে। এনেকৈয়ে ভাবে নহয়নে? পিছে এই কথা সম্পূৰ্ণ মিছা। দৰাচলতে বৈদ্যুতিক বাহন ,আন আন পেট্ৰল- ডিজেলৰ বাহনৰ দৰেই বৰং ই সেই বাহন সমূহতকৈ অধিক সুবিধাজনকহে। এনে বাহনৰ ইঞ্জিন ৰ শব্দ নাথাকে,পেট্ৰল- ডিজেলৰ খৰছ নাথাকে আৰু দেখাৰ কথানো কি কম? এনেকুৱা এখন সুন্দৰ বাহন থাকিলে সকলোৱেই এবাৰ হ'লেও ঘূৰি চাবলৈ বাধ্য হ'বয়ে।এই বৈদ্যুতিক বাহন সমূহো আন গাড়ীৰ দৰেই পানীৰে ধুব পাৰি। কেৱল মাত্ৰ ইয়াৰ চেন্সৰ আৰু কেমেৰাত জোৰকৈ পানীৰ চাপ নেপেলোৱাকৈ ৰাখিলেই হ'ল।

২/PUBG হ'ল বৰ্তমান ৰ এক অতি জনপ্ৰিয় ভিডিঅ' গেম।এই PUBG ৰ অৰ্থ কি জানেনে? ইয়াৰ সম্পূৰ্ণ নাম হ'ল- ' Players Unknown battleground' এই খেলৰ উদ্ভাৱক আছিল- ব্ৰেনড্ৰেন্ গ্ৰীন( Brendan Greene)।এই ব্ৰেনড্ৰেন্ গ্ৰীন ৰে Game name  আছিল ' Unknown' . ইয়াৰ পৰাই Unknown ‌শব্দটো লোৱা হৈছে।

৩/ আমাৰ সকলোৰে ৰে'ল যাত্ৰাৰ অভিজ্ঞতা আছে নহয়নে? ৰে'ল যাত্ৰা ৰ সময়ত এটা কথা মন কৰিছেনে যে ৰে'ল ৰ আসনত শুই দিয়াৰ লগে লগে ই আমাৰ ধুনীয়া টোপনিৰ ভাব কিয় আহে? ইয়াৰো বৈজ্ঞানিক ব্যাখ্যা আছে। ভাৰতবৰ্ষত ৰে'ল ৰ দবাসমূহ ডিজাইনীঙৰ সময়ত 'Frequency'  ৭২ bpm আৰু ১.৩ হাৰ্টজৰ ওচৰে পাজৰে ৰখা হয়। কিয়নো আমাৰ দেহৰ মৌলিক 'Frequency' ইমানেই তথা মানুহৰ হৃদপিণ্ড ৰ স্পদনো প্ৰায় ইয়াৰ সমানেই।এই সামঞ্জস্য ৰ ফলতেই ৰে'ল যাত্ৰা ত আমাৰ টোপনি ভাল হয়।

৪/ ২০০১ চনৰ ১১ ছেপ্তেম্বৰৰ দুখজনক ঘটনাৰ বিষয়ে আমি সকলোৱে জ্ঞাত নহয় জানো? এই দিনটোতেই সন্ত্ৰাসবাদীয়ে 'World Trade Center' আক্ৰমণ কৰিছিল,য'ত বহু লোকে প্ৰাণ হেৰুৱাইছিল। পিছে এটা কথা জানেনে যে এই ঘটনাৰ মাত্ৰ ৬ সপ্তাহ পূৰ্বে ৰিয়েল ষ্টেট জগতৰ অন্যতম ব্যৱসায়ী লেৰী চিলভাৰষ্টেইনে ( Larry Silverstein) ৩.২ বিলিয়ন ডলাৰ মূল্য দি ৯৯ বছৰৰ বাবে World Trade center  লীজত লৈছিল। আৰু তেতিয়াই তেখেতে আন আন ইন্সুৰেন্সৰ লগতে সন্ত্ৰাসবাদ ইন্সুৰেন্সো( Terrorism Insurence) কৰাইছিল। লগতে আন এটা আচৰিত কথা যে, যিজন লেৰী য়ে তেওঁৰ বেছিভাগ সময় World Trade center ৰ অফিচ কোঠালিতে কটাইছিল তেওঁ আক্ৰমণৰ দিনা অফিচেই যোৱা নাছিল। এই আক্ৰমণৰ পাছতেই লেৰীয়ে ইন্সুৰেন্স দাবী কৰি আদালতত গোচৰ তৰে আৰু জয় লাভ কৰে। তেওঁ ক্ষতিপূৰণৰ বাবদ ৪.৫৫ বিলিয়ন ডলাৰ লাভ কৰে,যি প্ৰকৃত লিজত কৈ বহু গুণ অধিক আছিল।সকলো দিশ চালিজাৰি চালে দেখা যায় যে ১১ ছেপ্তেম্বৰৰ আক্ৰমণ ৰ ফলত সকলোতকৈ বেছি লাভ লেৰী ৰেই হৈছিল।

৫/ গৰমেই হ'ওক বা ঠান্ডা আমি সকলোৱে চাহ খাও নহয়নে ? পিছে একাপ চাহ খায়েই আপুনি জীয়াই থাকিব পাৰিব নে? নিশ্চয় নোৱাৰে।আজি এগৰাকী আচৰিত মহিলাৰ কথা কম যি দিনে একাপ চাহ খায়েই জীয়াই আছে।এই মহিলা গৰাকী আন দেশৰ নহয় ,আমাৰ ভাৰতৰে ছত্তিসগড় জিলাৰ বাসিন্দা।এই মহিলা গৰাকী ৰ নাম হ'ল- পিলি দেৱী। তেখেতৰ আত্মীয় স্বজনে জনোৱা মতে , পিলি দেৱীয়ে দশক ধৰি চাহৰ বাহিৰে একো খোৱা নাই। বিদ্যালয়ত পঢ়ি থকা কালত তেখেতে চাহ আৰু বিস্কুট খাইছিল যদিও বৰ্তমান তেখেতে কেৱল সন্দ্বিয়া একাপ চাহ খায়েই দিনটো পাৰ কৰে। সেইবাবেই তেখেত ওচৰ পাজৰৰ গাঁওত ' Chaiwali chachi' অৰ্থাৎ চাহ খোৱা খুৰী নামেৰে জনাজাত।৪৪ বৰ্ষীয় এই মহিলা গৰাকীক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকৰ মতে তেখেতৰ কোনো ৰোগ নাই।

৬/ কিছুদিনৰ পূৰ্বে ঝাসী ৰ ' কাশীৰাম পাৰ্ক' ৰ এটা ভিডিঅ' ভাইৰেল হৈছিল,য'ত তাত থকা মুকলি জিম খানা(Open Jym) ৰ মেচিন টো নিজে নিজেই চলি থকা দেখা গৈছিল।মনত পেলাব পাৰিছেনে? সেই ভিডিঅ'টোত ইয়াক ভূত-প্ৰেতৰ কৰ্ম ৰূপেই বৰ্ণনা কৰা হৈছিল। পিছে পাছত পুলিচ বিভাগে ,এইবিষয়ে তদন্ত চলাই আৰু নিশ্চিত কৰে যে,তাৰ মেচিন সমূহত অধিক 'গ্ৰীজ' প্ৰয়োগ কৰা বাবে মেচিন টো এবাৰ চলাই দিয়াৰ পাছত কেইচেকেন্ড মানলৈকে নিজে নিজে চলি থাকে।এই ঘটনাকে কোনো দুষ্ট বুদ্ধিৰ লোকে ভিডিঅ' কৰি ভূত বুলি প্ৰচাৰ কৰে।

৭/ বৰ্তমান যুগ হ'ল প্ৰতিযোগিতাৰ যুগ।সেয়ে বিভিন্ন কোম্পানী সমূহে তেওঁ লোকৰ বেন্ডৰ বস্তু বিক্ৰী ৰ বাবে নিত্য নতুন কৌশল অৱলম্বন কৰে তথা বিজ্ঞাপনতো যথেষ্ট টকা খৰচ কৰে।এনে কৌশল সমূহৰ ভিতৰত এক লেখত লবলগীয়া কৌশল ব্যৱহাৰ কৰিছিল ২০১০ চনত 'IKEA' নামৰ বেন্ডটোৱে। তেওঁ লোকে কোম্পানীৰ মেট্ৰেছ্ তথা গাৰু ৰ বিজ্ঞাপনৰ বাবে গ্ৰীচৰ অলিম্পিয়া চহৰৰ এক বৃহৎ 'কনচাৰ্ট হল' ক এক সমূহীয়া শুৱনি কোঠালৈ পৰিবৰ্তন কৰিছিল। য'ত বিছনা ৰ ব্যৱস্হা কৰা আছিল লগতে খোৱা- বোৱা তথা মনোৰঞ্জনৰ বাবে চিনেমা প্ৰদৰ্শন কৰা হৈছিল।এই সমগ্ৰ ব্যৱস্হা কৰা হৈছিল কেৱল মাত্ৰ তেওঁ লোকৰ মেট্ৰেছ তথা গাৰু ৰ বিজ্ঞাপনৰ বাবে। য'ত গ্ৰাহক সকলৰ বাবে একৰাতি কটোৱাৰ ব্যৱস্হা কৰা হৈছিল।এই পলিছিৰ নাম ৰখা হৈছিল ' In Bed with IKEA' । অভাৱনীয় মাৰ্কেটিং পলিছি নহয়নে ?

৮/ এটা কথা মন কৰিছেনে, আমি ঘৰত যেতিয়া বৰফৰ টুকুৰা (Ice cubes) প্ৰস্তুত কৰো তেতিয়া ই বিজ্ঞাপনত দেখাৰ দৰে ফটফটীয়া পৰিষ্কাৰ নহয়। ইয়াৰ কাৰণ হ'ল পানীত থকা গেছ সমূহো পানীৰ লগতে গোট মাৰি যায় আৰু বৰফ ৰ টুকুৰা বোৰ ধূসৰ বা বগা দেখা যায়। এটা সৰু টিপচ্ দিও শুনক, এইবাৰৰ পৰা বৰফ জমা কৰাৰ আগেয়ে আপুনি পানী খিনি উতলাই ঠান্ডা কৰি ল'ব। তেতিয়া তাত থকা গেছ বিলাক পানীৰ পৰা পৃথক হৈ পৰিব আৰু বৰফ সম্পূৰ্ণ পৰিষ্কাৰ হ'ব। বঢ়িয়া উপায় নহয়নে?

৯/ মহাৰাষ্ট্ৰ ৰ বাপুৰাও তাজন্ ৰ নাম শুনিছেনে? মানুহৰ ইচ্ছা শক্তি ৰ প্ৰভাৱ কিমান প্ৰৱল তেখেতৰ কাহিনী শুনিলেই বুজিব পাৰিব।২০১৬ চনত বাপুৰাও ৰ পৰিয়ালৰ লোকসকলক ওচৰ- পাজৰৰ কুৱা ৰ পানী ব্যৱহাৰ কৰাত বাধা দিয়া হৈছিল, তেওঁ লোকৰ অপৰাধ আছিল যে তেওঁ লোক দুখীয়া তথা দলিত সম্প্ৰদায়ৰ লোক আছিল।এই নিষেধাজ্ঞা ৰ ফলত বাপুৰাও ৰ পৰিয়ালৰ লোকসকল যথেষ্ট বিপদত পৰে। তেতিয়া বাপুৰাওয়ে অকলেই এটা কুৱা খান্দিবলৈ আৰম্ভ কৰে। তেওঁৰ এই কান্ড দেখি আন আন লোকসকলে তেওঁক মানসিক বিকাৰগ্ৰস্ত বুলি হাহিব ধৰে আনকি পৰিয়ালৰ লোকেও তেওঁক কোনোধৰণৰ সহায় নকৰে। প্ৰায় ৪০ দিন কঠোৰ পৰিশ্ৰম ৰ অন্তত তেখেতে পানী দেখা পায়। তেতিয়া অন্য লোকেও তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহে।এই কুৱা ৰ পানীৰ দ্বাৰা বাপুৰাও ৰ পৰিয়ালৰ পানীৰ সমস্যা দূৰ হোৱাৰ লগতে আন আন দলিত পৰিয়ালৰো সহায় হয়।

১০/আপোনালোকে এটা কথা জানেনে যে আমাৰ মুখখন কেইবাপ্ৰকাৰৰ বেক্টেৰিয়াৰ বাসস্থান।যেতিয়া দুজন লোকে চুমা খাই, তেওঁ লোকৰ মাজত প্ৰায় এক কোটি বেক্টেৰিয়াৰ আদান-প্ৰদান হয়। আচৰিত হৈছে নহয়নে? পিছে আচৰিত হ'লেও এই কথা সম্পূৰ্ণ সত্য। বৰ্তমান কৰোণা মহামাৰীৰ তান্ডৱ চলি থকা কালত এই কথা নিশ্চয় মনত ৰাখিব আপোনালোকে আৰু যিমান পাৰি সামাজিক দূৰত্ব বৰ্তাই ৰাখিব। ঘৰতে থাকক সুস্হ থাকক।

By- Smriti Kakati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.