যাত্ৰীবাহী বিমানৰ ভিতৰত বেছিভাগ মহিলা কৰ্মচাৰী হোৱাৰ কাৰণ কি জানেনে? : Why flight has most female workers ?

যাত্ৰীবাহী বিমানৰ ভিতৰত বেছিভাগ মহিলা কৰ্মচাৰী হোৱাৰ কাৰণ কি জানেনে? : Why flight has most female workers?

flight

মহিলাসকলৰ কামৰ এনে কি বিশেষত্ব আছে যে যাত্ৰীবাহী  বিমান এখনত আমি বেছি ভাগ মহিলা কৰ্মচাৰীক লগ পাওঁ!

আপুনি যদি কেতিয়াবা উৰাজাহাজ অৰ্থাৎ বিমান যাত্ৰা কৰিছে, বা কৰাও নাই, কিন্তু চিনেমাত হ'লেও দেখিছে---যে যাত্ৰীবাহী বিমানত ধুনীয়া পৰিপাতি সাজ পাৰ পৰিধান কৰি কেইবা গৰাকী যুৱতীয়ে পেচেঞ্জাৰ সকলক আদৰি সাদৰি বিমানৰ ভিতৰলৈ লৈ গৈছে।  বিমান যাত্রাৰ আৰম্ভণিতে এই এটা ভাল লগা দৃশ্য আমি সকলোৱে দেখোঁ !! তাৰ পাছতো আপুনি নিশ্চয় মন কৰিছে,যাত্ৰা কালত বহু কেইগৰাকী মহিলায়ে আপোনাক যাত্ৰাৰ শেষলৈকে বিভিন্ন সেৱা আগবঢ়াই আছে।

বিশ্বৰ সকলো যাত্ৰীবাহী বিমানে মহিলাক উৰণ শুশ্ৰূষাকাৰী হিচাপে পুৰুষতকৈ অগ্ৰাধিকাৰ দিয়ে। অকল সেয়ে নহয়, এখন বিমানৰ উৰণত ভিতৰত যিখিনি কৰ্মচাৰীয়ে কাম কৰে, তাৰে বেছিভাগ মহিলাই থাকে। এনেক্ষেত্ৰত কেতিয়াবা বাৰু আপোনাৰ মনত প্ৰশ্ন জাগিছে নে, বিমান যাত্ৰাত পুৰুষৰ সলনি কিয় মহিলাই আপোনাক  বিভিন্ন সেৱা আগবঢ়াই? কিয় বিমান খনত মহিলা কৰ্মচাৰীৰ সংখ্যা বেছি?

ইয়াৰ অন্তৰালত কেইটামান কাৰণ আছে। আজি আপোনালোকক অৱগত কৰিবলৈ বিচাৰিছোঁ এই কাৰণসমূহ:--

আপোনাৰ মনলৈ হয়তো প্ৰথমেই এটা কথা আহিছে মহিলা সকল দেখিবলৈ যিহেতু সুন্দৰী, সেয়ে এই কামত তেওঁলোকক বেছি অগ্ৰাধিকাৰ দিয়া হয়। কিন্তু এইটোয়ে প্ৰকৃত কাৰণ নহয়।

১। প্ৰথমতে, ইয়াৰ লগত এক মনস্তাত্বিক কথা জড়িত হৈ আছে। মনস্তাত্বিক দিশৰ পৰা এইটো সঁচা যে মানুহে পুৰুষে কোৱা কথাতকৈ মহিলাই কোৱা কথা বেছি মন দি শুনে। তেওঁলোকৰ কথা যাত্ৰীসকলে কাৰ্য্যত মানিও চলে। যিহেতু সুৰক্ষাৰ নিয়মবোৰ বিমানযাত্ৰাত মানি চলা খুবেই প্ৰয়োজন। সেয়ে এই সুৰক্ষাৰ কথাখিনি সদায় ঘোষণা কৰে এয়াৰ হোষ্টেছ সকলে।

২।বিমান সেৱাত মহিলাক অগ্ৰাধিকাৰ দিয়া দ্বিতীয় কাৰণটো হৈছে, মহিলাসকল পেচেঞ্জাৰে বিচৰা দৰে নম্ৰ আৰু মৰমিয়াল। মহিলাসকলৰ মৰমিয়াল প্ৰকৃতিয়ে পেচেঞ্জাৰসকলৰ মনত বিমান সেৱা আগবঢ়োৱা কোম্পানীটোৰ  প্ৰতি এক যোগাত্মক দৃষ্টি আনে।

৩। এইটোৱেও ভবা হয় যে মহিলাসকলৰ পৰিচালনা কৰিব পৰা ক্ষমতা বেছি ভাল, কিয়নো তেওঁলোকে যিকোনো  কথা ভালদৰে শুনে আৰু সেইমতে পালনো কৰে।

৪।যাত্ৰীবাহী বিমান সেৱাত মহিলা বেছিকৈ লিয়া আন এটা কাৰণ হৈছে , মহিলাসকলৰ ওজন। যিমানে বিমান এখনত কম ওজন যায়, সিমানে বিমানখন উৰণত সুবিধা হয়। পুৰুষৰ তুলনাত মহিলাৰ ওজন কম। সেইবাবেই উৰাজাহাজৰ ভিতৰত ক্ষীণ শৰীৰৰ মহিলা দেখা পোৱা যায়।

এইবোৰ কাৰণতে যাত্ৰীবাহী বিমানত অধিক মহিলা কৰ্মচাৰী আৰু শুশ্ৰূষাকাৰী দেখিবলৈ পোৱা যায়। অৱশ্যে ইয়াৰ বিপৰীতে বেছি কষ্টকৰ কামৰ ক্ষেত্ৰত  বিমান সেৱাই পুৰুষ শুশ্ৰূষাকাৰীক অগ্ৰাধিকাৰ দিয়ে।

By: Mallika Dutta

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.