মহে কামুৰিলে খজুৱতি হয় কিয়? : Why Mosquito Bites Itch?

 মহে কামুৰিলে খজুৱতি হয় কিয়? : Why Mosquito Bites Itch? 

msqto

সৃষ্টিকর্তাই  জীবজগতৰ উপকাৰ সাধন কৰিবলৈ বিভিন্ন জীৱ - জন্তুৰ সৃষ্টি কৰিছে। তাৰে ভিতৰত এবিধ জীৱ হৈছে মহ। এতিয়া মহে আমাৰ জীৱ জগতখনৰ কিদৰে উপকাৰ সাধন কৰিছে সেয়া আমি বেলেগ এদিন আলোচনা কৰিম। কিন্তু আজি আমি আলোচনা কৰিম মহে কামুৰিলে খজুৱাই  কিয়  হয়? 

  মহে আমাৰ ঘামৰ গোন্ধ, আমি এৰি দিয়া কাৰ্বন ডাই অক্সাইড, গাৰ তাপ, গাৰ গোন্ধ আদি বিভিন্ন মাধ্যমৰ উমান লৈ আমাক কামুৰিবলৈ আহে। আপুনি লক্ষ্য কৰিব মহে আমাৰ গাত বহি কামুৰিবলৈ অলপ সময় লয়। ইয়াৰ কাৰণ কি জানো আহক। 

   মহে আমাৰ গাত বহাৰ লগে লগে শুং সোমাবগীয়া  ঠাইখিনি থুই জাতীয় পদার্থ উলিয়াই দি অচেতন কৰি লয়। তাৰ পিছত নিজৰ শুং ডাল সুমুৱাই দি আকৌ থুই জাতীয় দ্ৰব্য নিসৰণ কৰে আৰু ৰক্তনলীকা ডাল বিচাৰিবলৈ আৰম্ভ কৰে। এই ৰক্তনলী ডাল বিচাৰিবলৈ যাওঁতে মহে বহুবাৰ এই থুই জাতীয় পদার্থবিদ নিসৰণ কৰিবলগীয়া হয়। ৰক্তনলী বিচাৰি পোৱাৰ পিছত মহে তেজ শুহিবলৈ আৰম্ভ কৰে, যাৰ ফলত সেই ঠাইৰ ৰক্তনলী ডাল সংকোচিত হৈ পৰে। উল্লেখ্যোগ্য যে এটা মহে নিজৰ দেহৰ ওজনতকৈ  বেছি পৰিমাণৰ তেজ খাব পাৰে। 

  এতিয়া আহিছো মহে কামুৰিলে খজুৱতি হোৱাৰ কাৰণটোনো কি? আচলতে মহে যেতিয়া নিজৰ শুং ডাল আমাৰ শৰীৰৰ ভিতৰত সোমোৱাই থুই জাতীয় দ্ৰব্য নিসৰণ কৰে, সেই দ্ৰব্য সমূহৰ লগত আমাৰ শৰীৰে সহজতে খাপ খাব নোৱাৰে যাৰ ফলত উক্ত ঠাইখিনি ফুলি উঠে আৰু আমাৰ খজুৱতি আৰম্ভ হয়। এই বাহিৰা পদার্থক আমাৰ দেহত থকা শ্বেত ৰক্ত কণিকাই লাহে লাহে ধ্বংস কৰিবলৈ আৰম্ভ কৰে, যাৰ বাবে কিছু সময়ৰ পিছত আমাৰ খজুৱতি কমিবলৈ আৰম্ভ কৰে আৰু ফুলি থকা অংশ খিনিও আগৰ অৱস্থালৈ ঘূৰি আহে। 

 শেষত এটা বিশেষ Tips তুলসী, পুদিনা, নাৰ্জি ফুলৰ গছ ঘৰৰ চাৰিওফালে ৰুপন  কৰি আপুনি মহৰ কামোৰৰ পৰা পৰিত্ৰাণ পাব পাৰে। কেনে লাগিল আজিৰ তথ্য সমূহ Comment কৰি জনাবলৈ না পাহৰিব। 

By Prasenjit Chakraborty

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.