আপুনিও বছৰৰ চাৰিমাহ টোপনিত কটায়!!! আৰু কিছু নজনা আমোদজনক তথ্য : Intersting facts
আমাৰ পৃথিৱী খন অসীম ৰহস্যৰ ভান্ডাৰ । ইয়াত বসবাস কৰা মানৱজাতি তথা অন্য জীৱ জন্তুৰ অলেখ অজানা তথ্য আছে। কিছুমান হয়তো আমি সাধাৰণ জ্ঞানৰ কিতাপত পঢ়িছো বা কিছুমান আমি নজনাকৈ আছো।তেনে কিছুমান আমোদজনক সততে নজনা কথা জানো আহক-
১) পৃথিৱীৰ আটাইতকৈ ডাঙৰ পক্ষী হ'ল উট পক্ষী বা শতুৰমূৰ্গ (Ostrich), এই কথা আমি সকলোৱে জানো নহয়নে? পিছে এই কথা জানেনে,যে উটপক্ষীৰ চকু তাৰ মগজুতকৈও ডাঙৰ।হয়, ইয়াৰ চকু ২ ইন্সি ডাঙৰ আৰু মোটা হয়। পৃথিৱীৰ আন কোনো জীৱৰে ইমান ডাঙৰ চকু নাথাকে।
২) ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মাছ হ'ল ডলফিন। আচৰিত কথাটো হ'ল যে, এই ডলফিনে ৫ ৰ পৰা ৮ মিনিট পৰ্যন্ত নিজৰ উশাহ বন্ধ কৰি ৰাখিব পাৰে।
৩) আমি সকলোৱে জানো যে পৃথিৱীৰ আটাইতকৈ বেছি আয়ুস থকা জীৱ হৈছে কাছ।ই প্ৰায় ২০০-২৫০ বছৰ জীয়াই থাকে। কিন্তু এই কথা জানেনে যে ,কাছৰ দাত নাথাকে।হয় ঠিকেই শুনিছে। কেতিয়াও লক্ষ্য কৰা নাই নহয় জানো?প্ৰতি বছৰে ২৩ মে' দিনটো ' বিশ্ব কাছ দিৱস' ৰূপে পালন কৰা হয়।
৪) জেঠীয়ে টিক্ টিক্ কৰি থকাটো আমি শুনিছোঁ নহয় জানো। আমাৰ ঘৰবোৰৰ চালে বেৰে বগাই ফুৰা এই জেঠীৰ বিষয়ে এটা নজনা কথা জানো আহক-এজন মানুহৰ হৃদপিণ্ড ১ মিনিটত ৭২ বাৰ ঢপঢপাই অৰ্থাৎ উঠা নমা কৰে, পিছে শুনি আচৰিত হ'ব যে এটা জেঠীৰ হৃদপিণ্ড ১ মিনিটত ১০০০ বাৰ স্পদন হয়।
৫) কম্পিউটাৰত টাইপ কৰি থাকোতে এটা কথা মন কৰিছেনে যে ইংৰাজীৰ TYPEWRITER শব্দ টোৰ প্ৰতিটো বৰ্ণ কী-বৰ্ডৰ একেটা শাৰীতে আছে। তাৰ উপৰিও UNCOPYWRIHTABLE শব্দ টো ইংৰাজী ভাষাৰ একমাত্ৰ ১৫ টা বৰ্ণৰ শব্দ ,য'ত কোনোটো বৰ্ণৰ দুবাৰ পুনৰাবৃত্তি নহয়।
৬) আমি সকলোৱে জানো যে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হ'ল- বৃহস্পতি। পিছে ই কেৱল ডাঙৰ গ্ৰহেই নহয় , ইয়াৰ ওজনো আটাইতকৈ বেছি। সৌৰজগতৰ প্ৰতিটো গ্ৰহত কৈ বৃহস্পতি গ্ৰহ প্ৰায় ২.৫ গুণ অধিক ওজনৰ।
৭) এটি আচৰিত কথা কি জানেনে,মাছে কেতিয়াও তাৰ চকু বন্ধ নকৰে। তাৰ মানে ই কেতিয়াও নুশুৱে নেকি? নিশ্চয় নহয় মাছে আন জীৱ জন্তুৰ নিচিনাকৈয়ে টোপনি যায়, কিন্তু ই চকু মেলি ৰাখিয়ে টোপনি যাব পাৰে।
৮) আপুনি একেটা সময়তে দুটা দিশলৈ চাব পাৰে নেকি? নিশ্চয় নোৱাৰে, পিছে এই কাম কৰিব পাৰে নাইপীয়া সাপে।ই হ'ল একমাত্ৰ জীৱ যি একেসময়তে দুটা দিশে দৃষ্টি নিক্ষেপ কৰিব পাৰে।
৯) শৰীৰ ভালে ৰাখিবলৈ যেনেদৰে আমি ব্যায়াম কৰো ঠিক তেনেদৰেই মগজুক সক্ৰিয় কৰি ৰাখিবলৈও কছৰৎ ৰ প্ৰয়োজন।তাৰ বাবে খেলা এবিধ খেল হ'ল দবা খেল। এই কথা জানেনে যে দবা খেলৰ উদ্ভৱ আমাৰ ভাৰতবৰ্ষ ত হৈছিল। মনোবৈজ্ঞানিক সকলৰ মতে ,দবা খেলে মগজুৰ বৌদ্ধিক ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে লগতে কঠিন প্ৰশ্নৰ সমাধান কৰিব পৰা ক্ষমতাও বিকাশ কৰে।
১০) আপুনি জানেনে যে এজন স্বাস্থ্যৱান মানুহে বছৰৰ চাৰিটা মাহ টোপনিত কটায়? হয় ঠিকেই শুনিছে । যিহেতু প্ৰতিদিনে প্ৰায় ৮ ঘন্টাৰ টোপনি যোৱাটো শৰীৰৰ বাবে প্ৰয়োজনীয়,সেই হিচাপত বছৰৰ চাৰি মাহ আমি টোপনিতে থাকো। তাৰ উপৰিও আন এটা আমোদজনক কথা হ'ল যে মানুহে কেতিয়াও চকু মেলি হাচি মাৰিব নোৱাৰে।
By- Smriti Kakati