মাটিৰ তলত কি নতুন ষড়যন্ত্ৰ ৰচিছে চীন দেশে ? : China's new conspiracy revealed
আমি সকলোৱে জানো যে চীন দেশৰ ভাৰতৰ লগতে বিশ্বৰ আন দেশসমূহৰ সৈতে সম্পৰ্ক বিশেষ উন্নত নহয়। চীন দেশে আন আন দেশসমূহ নিজৰ অধিকাৰলৈ আনিবলৈ গোপনে প্ৰস্তুতি চলাই থকা বুলি প্ৰায়েই শুনা পোৱা যায়।
শেহতীয়াকৈ চীন দেশৰ এক নতুন ষড়যন্ত্ৰৰ কথা পোহৰলৈ আহিছে। চেটেলাইট ৰ জৰিয়তে ধৰা পৰা কিছুমান ফটোৰ পৰা এই ষড়যন্ত্ৰৰ ধৰা পেলোৱা হৈছে।যি খবৰে আমেৰিকাৰ লগতে ভাৰত তথা আন দেশসমূহত উদ্বেগৰ সৃষ্টি কৰিছে। মৰুভূমিত মাটিৰ তলত বিপদজনক মিছাইল নিৰ্মাণ কৰি আছে চীন দেশে। পিছে মহাকাশত থকা আমেৰিকাৰ এটা চেটেলাইটে , চীন দেশৰ এই গোপন অভিসন্ধি ধৰা পেলাইছে। আমেৰিকাৰ এক সংবাদ পত্ৰত দাবী কৰা মতে চীন দেশে এক মৰুভূমি অঞ্চলত ১০০ ৰো অধিক 'ছাইল'' নিৰ্মাণ কৰি উলিয়াইছে।কি এই 'ছাইল' জানেনে? ছাইল' হ'ল মিছাইল ৰাখিবৰ বাবে মাটিৰ তলত তৈয়াৰ কৰা একপ্ৰকাৰৰ কেবিন' (chamber)।এই ছাইল' ত বহু দূৰলৈকে লক্ষ্য স্হিৰ কৰিব পৰা মিছাইল ৰাখিব পৰা যায়। ইয়াত মিছাইল সমূহক ' Fire' কৰিবৰ বাবে সম্পূৰ্ণ প্ৰস্তুত কৰি ৰখা হয়,যাৰ ফলত যেতিয়াই প্ৰয়োজন হয়, কেৱল মিছাইল ৰ ঢাকনিখন খুলি , তাৰ পৰাই মিছাইল নিক্ষেপ কৰিব পৰা যায়। পাৰমাণৱিক অস্ত্ৰ- শস্ত্ৰৰ কাৰ্যক্ৰমত ই হ'ল চীন দেশৰ আটাইতকৈ ডাঙৰ ঐতিহাসিক পদক্ষেপ। চীন দেশৰ এই ষড়যন্ত্ৰক আমেৰিকাৰ এখন বাতৰি কাকত ' Washington Post' ত ফাদিল কৰা হৈছে। এই কাকতখনৰ মতে চীন দেশে বৰ্তমান প্ৰায় ১৪৫ টা মিছাইল ছাইল' প্ৰস্তুত কৰি আছে। কেৱল 'গানচু' (Gansu) নামৰ ঠাইতেই চীনে ১১৯ টা মিছাইল ছাইল'প্ৰস্তুত কৰিছে। এই মৰুভূমি অঞ্চল শ শ বৰ্গকিলোমিটাৰ ধৰি বিয়পি আছে। ইয়াত এটা ছাইল' ৰ পৰা আন এটা ছাইল' ৰ দূৰত্ব প্ৰায় দুই মাইল। এই ছাইল' সমূহৰ মিছাইল এটা মহাদ্বীপৰ পৰা আন এটা মহাদ্বীপলৈ নিক্ষেপ কৰিব পৰা ক্ষমতা আছে।এই ছাইল' সমূহত বৰ্তমান মিছাইল আছেনে নাই সেই কথা অৱশ্যে এতিয়ালৈকে নিশ্চিত কৰিব পৰা হোৱা নাই।
অনুমান কৰা মতে চীন দেশৰ হাতত ২৫০ ৰ পৰা ৩০০ বিধ পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ মজুত আছে।সদ্য নিৰ্মিত ছাইল' সমূহৰ পৰাও চীনৰ পাৰমাণৱিক শক্তি পূৰ্বৰ তুলনাত কিমান বেছি বৃদ্ধি পাইছে তাক অনুমান কৰিব পৰা যায়।
যোৱা বছৰেই চীন দেশে এশৰো অধিক 'Uighur detention Camp' নিৰ্মাণ কৰিছিল। তাৰ লগে লগেই চলিত বৰ্ষত মিছাইল ছাইল' নিৰ্মাণ কৰি কি গোপন পৰিকল্পনা আৰম্ভ কৰিছে চীন দেশে,সেইয়া নিশ্চয় কৈ সন্দেহজনক।
By- Smriti Kakati