আপুনি জানেনে,আপোনাৰ ড্ৰাইভিং লাইচেন্সখন বিদেশটো গ্ৰহণ যোগ্য : Did You know that your driving lisence can be used in foreign countries also?
আপুনি যদি আপোনাৰ ড্ৰাইভিং লাইচেন্সখন কেৱল দেশৰ ভিতৰতহে ব্যৱহাৰ কৰিব পাৰি বুলি ভাবি আছিল, তেনে এতিয়াৰ পৰা সেই ধাৰণা ত্যাগ কৰক। কিয়নো আপোনাৰ ড্ৰাইভিং লাইচেন্সখন পৃথিৱীৰ কেইবাখনো দেশত ব্যৱহাৰ কৰিব পাৰিব।
বিশ্বৰ কেইখন মান দেশে ভাৰতৰ ড্ৰাইভিং লাইচেন্সৰ সহায়ত সেই দেশত ভ্রমন কৰাত অনুমতি প্ৰদান কৰিছে।
এইটো ভাবিলে সঁচাই ভাল লাগি যোৱা কথা, যে আমি বিদেশত নিজে এখন গাড়ী চলাইলৈ এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰো, যেনেকৈ মন যায় ভাল লগা ঠাইত ৰৈ ঠাইখন ভাল দৰে চাব পাৰো। আপোনাৰ ড্ৰাইভিং লাইচেন্সখনে দিয়া এই ধৰণৰ সুবিধা আপুনি কোন কেইখন দেশত পাব, আপোনাৰ নিশ্চয় জানিবলৈ মন গৈছে!
তেনেহ'লে জানো আহক সেই কেই খন দেশৰ নাম, যত ভাৰতৰ ড্ৰাইভিং লাইচেন্স গ্রহণযোগ্য:---
১।জাৰ্মানী: জাৰ্মানীত আপুনি ভাৰতীয় ড্ৰাইভিং লাইচেন্সখন লৈ ৬ মাহ তাত ঘূৰা- ফিৰা কৰিব পাৰিব। তাৰ বাবে আপুনি আপোনাৰ ড্ৰাইভিং লাইচেন্সখনৰ ইংৰাজী নাইবা জাৰ্মান ভাষাত এটা কপি জাৰ্মানৰ সংশ্লিষ্ট অফিচত জমা দিব লাগিব।তদুপৰি আপুনি জানিব লাগিব ট্ৰেফিক নিয়ম।
২।ইউনাইটেড কিংদম:
ইউনাইটেড কিংদম (United Kingdom) তথা UK ত আপুনি আপোনাৰ ড্ৰাইভিং লাইচেন্সখন এবছৰ ব্যৱহাৰৰ বাবে অনুমতি পাব।৩। আমেৰিকা যুক্তৰাষ্ট্ৰ(USA): আমেৰিকা যুক্তৰাষ্ট্ৰত আপুনি এক বছৰৰ বাবে ভাৰতীয় ড্ৰাইভিং লাইচেন্স ব্যৱহাৰৰ অনুমতি পাব। কিন্তু এইটো নিশ্চিত হব লাগিব যে আপোনাৰ সকলো নথি পত্ৰ শুদ্ধ হয় আৰু লাইচেন্সখন ইংৰাজীত থাকে।
৪।।অষ্ট্ৰেলিয়া: অষ্ট্ৰেলিয়াত ভাৰতীয় ড্ৰাইভিং লাইচেন্সখন মাত্ৰ তিনিমাহৰ বাবেহে ব্যৱহাৰৰ অনুমোদন আছে। তাৰ বাবে আপোনাৰ ড্ৰাইভিং লাইচেন্সখন ইংৰাজীত হ'ব লাগিব।
৫।নিউজিলেণ্ড: নিউজিলেণ্ডত সকলো দেশৰ পৰ্য্যটকে তেওঁলোকৰ দেশৰ ড্ৰাইভিং লাইচেন্সখন এবছৰৰ বাবে ব্যৱহাৰ কৰাৰ অনুমতি আছে।
৬। চুইজাৰলেণ্ড: চুইজাৰলেণ্ডত আপুনি আপোনাৰ ড্ৰাইভিং লাইচেন্সখনৰ সহায়ত তাৰ গাওঁ অঞ্চলবোৰত গাড়ী চলোৱাৰ অনুমতি আছে। কিন্তু এই অনুমতি মাত্ৰ এবছৰৰ বাবে।
৭। চুইডেন: আপুনি যদি চুইডেনত গাড়ী চলাবলৈ বিচাৰিছে তেনে হলে আপোনাৰ ড্ৰাইভিং লাইচেন্সখন, ইংৰাজী, চুইদিছ, জাৰ্মান, ফ্ৰেন্স, অথবা Norwegian ৰ, যিকোনো এটা ভাষাত হোৱাটো বাঞ্চনীয়।
৮। চিংগাপুৰ: এখন ভাৰতীয় ড্ৰাইভিং লাইচেন্সৰে আপুনি চিংগাপুৰত একবছৰ বাবে গাড়ী চলোৱাৰ অনুমোদন পাব।
৯। দক্ষিণ আফ্ৰিকা: দক্ষিণ আফ্ৰিকাত আপোনাৰ ড্ৰাইভিং লাইচেন্স ব্যৱহাৰৰ অনুমতি আছে, কিন্তু লাইচেন্সখন সদায় চলি থকা(valid) আৰু ইংৰাজীত হ'ব লাগিব, য'ত আপোনাৰ ফটো আৰু চহী আছে।
১০। মালয়েছিয়া: মালয়েছিয়াতো ভাৰতীয় ড্ৰাইভিং
লাইচেন্স ব্যৱহাৰ কৰি গাড়ী চলাব পাৰে। কিন্তু ইয়াৰ ভাষা হ'ব লাগিব ইংৰাজী নাইবা মালয়। তদুপৰি সেই ড্ৰাইভিং লাইচেন্স মালয়েছিয়াত থকা ভারতীয় দুতাবাসে অনুমোদন জনাব লাগিব।
১১। হংকং: এখন ভাৰতীয় ড্ৰাইভিং লাইচেন্সৰে আপুনি হংকংত এবছৰ জুৰি গাড়ী চলাব পাৰে।
এই সকলোকেইখন দেশত ভাৰতৰ ড্ৰাইভিং লাইচেন্স এক নিৰ্দিষ্ট সময় সীমালৈ ব্যৱহাৰৰ অনুমোদন আছে। এইবোৰ দেশত গাড়ী আপুনি ভাড়া কৰিহে চলাব পাৰিব। কিন্তু গাড়ী চলোৱাৰ আগতে আপুনি মনত ৰাখিব লাগিব সেই দেশসমূহত প্ৰচলিত ট্ৰেফিক নিয়মৰ বিষয়ে আপোনাৰ জ্ঞান আছে নে নাই! ই কিন্তু অতিশয় গুৰুত্বপূৰ্ণ।লগতে অৱশ্যে আপোনাৰ হাতত প্ৰয়োজনীয় সকলো নথি পত্ৰ শুদ্ধ ভাবে থকাটো জৰুৰী।
By: Mallika Dutta