Jio Fi 4G WiFi বিষয়ে আপুনি জানেনে? : Did you know about Jio Fi 4G Wi Fi ?
দেশৰ চুকে কোনে নিম্ন মানৰ ইণ্টাৰনেট সেৱাই আমাক বহুত অসুবিধাত পেলাইছে। বিশেষকৈ এই ক'ভিদ সৃষ্ট পৰিবেশত বহুতেই ঘৰৰ পৰা অনলাইনত চাকৰিৰ কাম কাজ কৰি আছে( Work From Home),বিভিন্ন অনলাইন ব্যৱসায় কৰি আছে, আৰু ছাত্ৰ ছাত্ৰী সকলেও পঢ়া শুনা কৰি আছে, ইত্যাদি অনেক কাম ইণ্টাৰনেটৰ সহায়ত হৈ আছে। কিন্তু উপযুক্ত ইণ্টাৰনেট সেৱা নথকা বাবে বা ইণ্টাৰনেট সেৱাই ঢুকি নোপোৱা বাবে কিছুমান ঠাইত বহু লোক অসুবিধাত পৰিছে।
কিন্তু Jio Fi য়ে অলপতে মুকলি কৰিছে 4G wi Fi সেৱা, যাৰ দ্বাৰা ইণ্টাৰনেট সেৱাৰ এই অসুবিধাবোৰ নাইকিয়া হ'ব বুলি আশা কৰা হৈছে।
এতিয়া আপোনাৰ নিশ্চয় জানিবলৈ মন গৈছে Jio Fi 4G Wi Fi য়ে কি কি সুবিধা দিব?
১।Jio ই এতিয়া দেশবাসীৰ বাবে উলিয়াই দিছে ইয়াৰ চতুৰ্থ সংস্কৰণ ,Jio Fi 4G । Jio Fi 4G য়ে এতিয়া ইণ্টাৰনেট সংযোগ (connetivity) ৰ ক্ষেত্ৰত ক্ষিপ্ৰতা আনিব। সংযোগৰ ক্ষেত্ৰত আগৰ যি লেহেমীয়া গতি আছিল, সেইয়া এতিয়া নাইকিয়া হ'ব।
২। Jio Fi 4G Router ক আপুনি সহজেই য'লৈ মন যায় কঢ়িয়াই লৈ ফুৰিব পাৰে। ইয়াৰ সহায়ত সেই বাবে অতি ভিতৰুৱা অঞ্চলটো আপোনাৰ বাবে ইণ্টাৰনেট সেৱা উপলব্ধ হ'ব।
৩।4G হোৱা বাবে সংযোগৰ ক্ষেত্ৰত অতিশয় ক্ষিপ্ৰ হ'ব ।
৪।উন্নত মানৰ video আৰু মাত বা শব্দ উপলব্ধ হ'ব এই Jio 4G Wi Fi ত।
৫। Jio Fi ৰ 4G ৰ ক্ষিপ্ৰতা আপুনি আপোনাৰ লেপটপ, স্মাৰ্ট ফোন আৰু টেবলেটত লাভ কৰিব।
৬। ইয়াৰ বেটেৰীয়ে ৫ ৰ পৰা ৬ ঘণ্টা আপোনাক অবিৰত সেৱা আগবঢ়াব।
৭। Jio Fi 4G ৰ আটাইতকৈ সুবিধাজনক কথাটো হ'ল, একে সময়তে ইয়াৰ লগত আপুনি আন device ৰ লগতে ১০ টাত কৈও অধিক স্মাৰ্ট ফোন সংযোগ কৰিব পাৰিব। তেতিয়াও কিন্তু ইয়াৰ ক্ষিপ্ৰতা কমি নাযায়।
Jio Fi ত ৰিলায়েন্সৰ বিভিন্ন pre paid আৰু post paid recharge আঁচনিৰ সুবিধা উপলব্ধ হ'ব। এই recharge ৰ সুবিধা 1.2 GB পৰা উপলব্ধ।
গতিকে, সকলোৰে বাবে সুবিধাজনক Jio Fi 4G Wi Fi য়ে এতিয়া দেশত ইণ্টাৰনেট সংযোগত থকা অসুবিধাসমূহ আঁতৰাব বুলি আশা কৰিব পাৰি।
By: Mallika Dutta