আজি কালি মটৰ চাইকেল আৰু স্কুটাৰৰ Headlights কিয় বন্ধ নহয়? : Why motorcycle and scooter headlights are always ON ?
প্ৰত্যেক ঘটনাৰ আৰতে থাকে কিছুমান কাৰণ আৰু সেই কাৰণ সমূহ জানিবলৈ আমাৰ মনত প্ৰশ্নৰ অৱতাৰনা হোৱাটো অৱশ্যক। মনত প্ৰশ্নৰ অৱতাৰনা ঘটিলেহে প্ৰকৃত সত্য বা কাৰণ জনাটো সম্ভৱ হৈ পৰে। আমাৰ মনত সততে অৱতাৰনা ঘটি থকা এটি প্ৰশ্ন হৈছে - আজি কালি মটৰ চাইকেল আৰু স্কুটাৰৰ Headlights কিয় বন্ধ নহয়?
আজি কালি মটৰ চাইকেল আৰু স্কুটাৰবোৰ এনেধৰণে তৈয়াৰ কৰা হয় যে, আগৰ দৰে ইয়াত Headlight On আৰু off কৰিবৰ বাবে ইয়াত চুইচ নাথাকে। ইঞ্জিন আৰম্ভ কৰাৰ লগে লগে লাইটো জ্বলি উঠে আকৌ ইঞ্জিন বন্ধ কৰাৰ লগে লগে লাইটোও বন্ধ হয়। এতিয়া আকৌ প্ৰশ্ন হয় আজি কালি ইয়াত এনেধৰণৰ পৰিৱৰ্তন কিয় কৰিবলগীয়া হ'ল?
আচলতে এই পৰিৱৰ্তন মটৰ চাইকেল আৰু স্কুটাৰৰ কোম্পানি সমূহে নিজ ইচ্ছা অনুসৰি কৰা নাই, এইয়া চৰকাৰে এই কোম্পানি সমূহক দিয়া এক নিৰ্দেশনাহে মাথো । যাৰ পালন কৰিবলৈ এই কোম্পানি সমূহে এনেধৰণৰ পৰিৱৰ্তন কৰিবলৈ বাধ্য হৈছে ।কিন্তু চৰকাৰে এনে নিৰ্দেশনা কিয় দিলে ?
আমি প্ৰায়ে যানবাহন সমূহ দুৰ্ঘটনাগস্ত হোৱা দেখা পাওঁ। য'ত মটৰ চাইকেল আৰু স্কুটাৰৰ দুৰ্ঘটনাগস্ত হোৱাৰ পৰিমাণ সৰ্বাধিক। ইয়াৰ এটা কাৰণ কুঁৱলী বা বেয়া বতৰো হ'ব পাৰে, কাৰণ এনে ধৰণৰ পৰিস্থিতিত পোহৰৰ পৰিমাণ খুব কম হয় । যাৰ ফলত যানবাহন সমূহ দুৰ্ঘটনাগস্ত হোৱা পৰিলক্ষিত হয়। Headlights on থাকিলে ই পোহৰ জনিত সমস্যা দূৰ কৰে তাৰোপৰি বিপৰীত দিশে আহি থকা যান বাহনেও Headlight ৰ পোহৰ দেখি বিপৰীত দিশত কোনো যানবাহন থকা বুলি অনুমান কৰিব পাৰে । যাৰ ফলত দুৰ্ঘটনাগস্ত হোৱাৰ সম্ভাৱনা কমি আহে। সেয়েহে দুৰ্ঘটনাৰ পৰিমাণ হ্রাস কৰিবলৈ চৰকাৰে এনেধৰণৰ নিয়ম প্ৰৱৰ্তন কৰিছে, যাৰ দ্বাৰা বছৰি দুৰ্ঘটনাগস্ত হৈ মৃত্যু হোৱা ব্যক্তিসকলৰ পৰিমাণ হ্রাস পাব।
By Prasenjit Chakraborty