মহাভাৰতৰ যুদ্ধৰ পাছৰ পৰিণতি বা ফলাফল-What Happened After The Mahabharata War

মহাভাৰতৰ যুদ্ধৰ পাছৰ পৰিণতি বা ফলাফল-What Happened After The Mahabharata War

What Happened After The Mahabharata War

            ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয় অৰ্থাৎ  কেৱল ধৰ্ম প্ৰতিষ্ঠাৰ উদ্দেশ্যে সৃষ্টি হৈছিল  মহাভাৰতৰ যুদ্ধ। মহাভাৰতৰ যুদ্ধৰ আৰম্ভ কেনেকৈ হৈছিল তাৰ বিষয়ে আমি সকলোৱে জ্ঞাত।কিন্তু এই যুদ্ধৰ পাছৰ পৰিণতি কি হল সেই বিষয়ে খুব কম সংখ্যক এহে জ্ঞাত।মহাভাৰতৰ যুদ্ধৰ পাছতে আৰম্ভ হয়  যদু বংশৰ ধ্বংস লীলা,শ্ৰী কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়ান,পাণ্ডৱৰ স্বৰ্গ যাত্ৰা আৰু বৰ্তমান ।

তেনেহলে জানো আহকচোন মহাভাৰতৰ যুদ্ধৰ পাছৰ পৰিণতি 

                   পাণ্ডৱ আৰু কৌৰৱ কুলৰ মাজত হোৱা বিখ্যাত কুৰুক্ষেত্ৰৰ যুদ্ধ প্ৰায় ওঠৰ দিন ধৰি চলিছিল।এই যুদ্ধত কৌৰৱ কুলৰ বিনাশ ঘটায় পাণ্ডৱ সকল কৃষ্ণৰ সহিতে হেৰুওৱা ৰাজ্য লাভ কৰি হস্তিনাপুৰ অভিমুখে গ্ৰমণ কৰে। হস্তিনাপুৰত উপস্থিত হৈ দেখে যে এশ পুত্ৰক হেৰুৱাই মাতৃ গান্ধাৰী শোকত ভাগি পৰে । কৃষ্ণই শুকাকুল মাতৃ গান্ধাৰীক সান্তনা দিবলৈ যোৱাত মাতৃ গান্ধাৰী এ কৃষ্ণক অভিশাপ দিয়ে,"যে যিদৰে মই মোৰ এশ পুত্ৰক হেৰুৱালো,যি দৰে তোমাৰ চলনাৰে কৌৰৱ কুলৰ নাশ কৰিলা ঠিক সেই দৰে তুমিও তোমাৰ চকুৰ আগত যদু বংশৰ নাশ দেখিবা।"এই কথা শুনি কৃষ্ণ মৰ্মাহত হৈ পৰে আৰু তেওঁ ইচ্ছা কৰিও তাৰ পৰা পৰিত্ৰাণ পাব নোৱাৰিলে। যুধিঠিৰক হস্তিনাপুৰৰ ৰজা পাতি অৰ্থাৎ অশ্বমেধ যজ্ঞৰ পাছতেই পাণ্ডৱৰ পৰা  তেওঁ বিদায় মাগি নিজ ৰাজ্য দ্বাৰাকালৈ ঘূৰি আহে।দ্বাৰকাত আহি তেওঁ দেখে যে তেওঁ নাতি পুতিকে ধৰি সমগ্ৰ যাদৱ কুলে অপকৰ্মত লিপ্ত হৈছে।তেওঁ মনতে ভাৱে যে এনে কুল থকাতকৈ এই কুলৰ বিনাশ হোৱাটোৱেই সকলোৰে বাবে মঙ্গল জনক।

                 এনেদৰে সময় বাগৰি গল।এদিন বিশ্বামিত্ৰ,নাৰদ আদিকে ধৰি কেইজন মান ঋষি এ শ্ৰীকৃষ্ণক লগ কৰিবলৈ বুলি দ্বাৰাকলৈ আহিছিল।কিন্তু বাটতে যাদৱ কুলৰ কেইজন মানে তেওঁলোকক উপলুঙা কৰিবৰ হেতু সেই কুলৰে এজন লৰাৰ পেটত এডোখৰ লো বান্ধি গৰ্ভৱতি সজাই অনেক প্ৰশ্ন শুধি অপমানিত কৰে।তেতিয়াই বৰেণ্য মুনি সকলে অভিশাপ দিয়ে যে এই লো দুখৰে ই এসময়ত তহঁতৰ কাল হব।শেষত যাদৱ কুলৰ এনে অত্যাচাৰ দেখি শ্ৰী কৃষ্ণ মৰ্মাহত হৈ পৰে আৰু বিষাদ মনেৰে এজোপা গছৰ তলত বহি থাকোঁতে এজন জৰা নামৰ ব্যাধে পহুৱ এ কাণ লৰাইছে বুলি শৰ নিক্ষেপ কৰে।শৰ ডাল কৃষ্ণৰ ভৰিত সোমুৱাৰ লগে লগে ব্যাধে দৌৰি দেখে যে তেওঁৰ শৰে শ্ৰী কৃষ্ণৰ ভৰিতহে বিন্ধিলে। ব্যাধ জনে ভুলতে শৰ ডাল সোমাল বুলি শ্ৰী কৃষ্ণৰ ভৰিত ধৰি কান্দিবলৈ ধৰে।তেতিয়াই শ্ৰীকৃষ্ণই বিষ্ণুৰ ৰূপ ধাৰণ কৰি  সকলো কৰ্মৰ ফল বুলি কৈ নশ্বৰ দেহ ত্যাগ কৰি বৈকুণ্ঠ প্ৰয়াণ কৰে।

           অন্যফালে পাণ্ডৱৰ ৰাজত্বৰ প্ৰায় ৩৬ বছৰ পাৰ কৰিলে।শ্ৰী কৃষ্ণৰ অনুপষ্ঠিত হস্তিনাপুৰ অচল হৈ পৰে। এনেতে এদিন বেদব্যাস আহে আৰু পাণ্ডৱ সকলক কয় যে তেওঁলোকৰ উদ্দেশ্য সফল হল,গতিকে তেওঁলোকে এতিয়া স্বৰ্গমুখে যাত্ৰা কৰিব লাগে।উক্ত কথানুসৰি যুধিষ্ঠিৰে তেওঁলোকৰ নাতি পৰীক্ষিতক হস্তিনাপুৰৰ ৰজা পাতি দ্ৰৌপদীৰ সৈতে পাঁচ পাণ্ডৱ স্বৰ্গ অভিমুখে  হিমালয়লৈ যাত্ৰা কৰে।এইখিনিতে ই দ্বাপৰ যুগৰ সমাপ্তি ঘটে আৰু কলি যুগৰ আৰম্ভণি হয় ।স্বৰ্গ যাত্ৰা কালত পোন প্ৰথমে দ্ৰৌপদীৰ পতন ঘটে,তাৰ পাছত সহদেৱ, নকুল,অৰ্জুনক ধৰি শেষত ভীমৰো পতন ঘটে।কেৱল মাত্ৰ যুধিষ্ঠিৰহে সোশৰীৰে স্বৰ্গ যাত্ৰাত সফল হয়।আৰু তেওঁৰ যাত্ৰাৰ লগৰী হয় এটা কুকুৰ। আচলতে এই কুকুৰটো আন কোনো নাছিল।স্বয়ং যমৰজা আছিল।স্বৰ্গত যুধিষ্ঠিৰক স্বৰ্গৰ ৰজা ইন্দ্ৰ দেৱতাই নিজে সমভাষণ জনায় আৰু পাছত যুধিষ্ঠিৰে ভায়েক সকলৰ কথা শুধাত নৰকলৈ লৈ যায়।নৰকত ভায়েক সকলক দেখা পায় যুধিষ্ঠিৰ মৰ্মাহত হৈ পৰে। তেতিয়া ইন্দ্ৰ দেৱতাই তেওঁলোকৰ নিজ নিজ কৰ্মৰ ফল ভুগ কৰি পুনৰ স্বৰ্গলৈ যাব পাৰিব বুলি যুধিষ্ঠিৰক কথা দিলে।পিছত চাৰি ভাই আৰু দ্ৰৌপদীৰ সৈতে দুৰ্যোধন আৰু ভায়েক সকলেও স্বৰ্গত বসবাস কৰে।

          পৰীক্ষিতক ৰজা পাতি সিংহাসনত অধিষ্ঠিত কৰাৰ পাছতেই পৰীক্ষিত এ ও নিজ কৰ্মৰ বাবে শাপত ভস্মীভূত হয় আৰু তাৰ পাছৰ পৰাই ঘুৰ কলিযুগৰ আৰম্ভ হয়,যত আপুনি,আমি সকলোৱে বসবাস কৰি আছোঁ। মহাভাৰত এনে এখন মহাকাব্য যত ভূত, ভৱিষ্যত,বৰ্তমানৰ পৰিস্থিতি সকলোৰে কথা সুন্দৰকৈ বিৱৰণ পোৱা যায়।এই কাব্য খনৰ প্ৰতিটো ঘটনা,প্ৰতিটো চৰি ত্ৰতে বৰ্তমান পৃথিৱীৰ ছবি অংকিত হৈ আছে। নহয়নে বাৰু?

             হয়, উপৰোক্ত কাহিনীৰ পৰা আমি এই শিক্ষাই পাওঁ যে আমি নিজৰ কৰ্মৰ ফল এই পৃথিৱীত এ ভোগ কৰিব লাগিব।ভাল কৰ্ম কৰিলে ভাল ফল পাপ্তি আৰু বেয়া কৰ্ম কৰিলে পাপ পাপ্তী হয়।কৰ্ম ফলৰ পৰা স্বয়ং শ্ৰী কৃষ্ণ ও সাৰী যোৱা নাই।গতিকে জীৱ শ্ৰেষ্ঠ মানুহ হিচাপে জন্ম গ্ৰহণ কৰি নিজৰ সৎ কৰ্মৰে জীৱনটো ফলদায়ক কৰাটো বাঞ্ছনীয়।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.