ভাৰতৰ ৫টা আটাইতকৈ ওখ শৃংগ - The five highest mountain peaks in India
আমাৰ ভাৰতবৰ্ষ খন প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ। ভাৰত ভ্ৰমণ কৰিবলৈ অহা প্ৰত্যেক জন ভ্ৰমণকাৰীয়েই ভাৰতৰ প্ৰেমত পৰে আৰু পুনৰাই ভাৰত আহিব বিচাৰে। ভাৰতৰ মাজেৰে যোৱা হিমালয় পৰ্বতমালা জগত বিখ্যাত।ই বিশ্বৰ আটাইতকৈ ওখ পৰ্বত শৃংগ। পিছে কেৱল হিমালয়ে নহয়, ভাৰতত আৰু বহুকেইটা পৰ্বত শৃংগ আছে। তাৰেই আটাইতকৈ ওখ ৫ টা শৃংগৰ বিষয়ে জানো আহক-
১) কাঞ্চনজংঘা( Kanchenjunga): কাঞ্চনজংঘা হ'ল ভাৰতৰ আটাইতকৈ ওখ পৰ্বত শৃংগ আৰু পৃথিৱীৰ তৃতীয় উচ্চতম শিখৰ।ই সাগৰৰ পৰা ৮৫৮৬ মিটাৰ উচ্চতাত অৱস্থিত। এই পৰ্বতমালা ভাৰত আৰু নেপালৰ মাজেৰে গৈছে।ইয়াক 'Five treasures of snow' বুলিও কোৱা হয়।
২/ নন্দাদেৱী (Nandadevi): নন্দা দেৱী পৰ্বত মালা উত্তৰাখণ্ড ৰ,শ্যামলী জিলাত অৱস্থিত।ই ভাৰতৰ দ্বিতীয় উচ্চ পৰ্বত শৃংগ। এই পৰ্বত মালা ৰ কাষৰীয়া অঞ্চলেই হ'ল 'নন্দাদেৱী ৰাষ্ট্ৰীয় উদ্যান', যি হৈছে ভাৰতৰ উচ্চ অঞ্চলত অৱস্থিত এখন অন্যতম বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান। নন্দা দেৱী পৰ্বত শৃংগ ৭৮১৬ মিটাৰ ওখ।
৩/ কামেট পৰ্বত শৃংগ ( Kamet): কামেট হৈছে ভাৰতৰ তৃতীয় উচ্চতম শৃংগ। এই পৰ্বত মালা তীব্বত মালভূমিৰ কাষত অৱস্থিত।সেয়ে ই ভাৰতৰ দূৰৱৰ্তী অঞ্চল সমূহত পৰে।এই পৰ্বত মালা , হিমালয়ৰ কিছুমান বিখ্যাত শৃংগ ৰ দৰে সহজে যাতায়ত কৰিব নোৱাৰি।কামেট পৰ্বত মালা ৭৭৫৬ মিটাৰ ওখ।
৪/ চেল্ট্ৰ' কাংগিৰি ( Saltro kangri): এই শৃংগ টো চেল্ট্ৰ' পৰ্বতৰ আটাইতকৈ ওখ শৃংগ।ই চিয়াচিন্ হিমবাহৰ কাষত অৱস্থিত,যি হিমবাহ হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল হিমবাহ সমূহৰ অন্যতম।চেল্ট্ৰ' কাংগিৰি শৃংগটো পৃথিৱীৰ ৩১ তম ওখ শৃংগ। ইয়াৰ উচ্চতা ৭৭৪২ মিটাৰ।
৫/ চেচাৰ্ কাংগিৰি (Saser Kangri): এই পৰ্বত মালা লাডাখত অৱস্থিত আৰু ই পৃথিৱীৰ ৩৫ তম ওখ পৰ্বত শৃংগ। এই শৃংগ আৰোহনৰ পথ অতিশয় দূৰ্গম। ইয়াৰ আৰোহণ ৰ পথত বহুতো দূৰ্ঘটনা সংঘটিত হোৱা দেখা যায়।এই শৃংগ ৰ উচ্চতা ৭৬৭২ মিটাৰ।
By- Smriti Kakati