এখন গাওঁ য'ত প্ৰত্যেক ঘৰতে আছে সেনা - This village has an Army man in every household

এখন গাওঁ য'ত প্ৰত্যেক ঘৰতে আছে সেনা - Now there is a village where there is an army in every house

This village has an Army man in every household

পৃথিৱীত বহুতো শক্তিশালী দেশ আছে তাৰে ভিতৰত ভাৰতৰ নাম অন্যতম। ভাৰতক শক্তিশালী দেশ হিচাপে প্ৰতিষ্ঠিত কৰাত ইয়াৰ সৈনিক সকলৰ অৱদান আটাইতকৈ গুৰুত্বপূৰ্ণ । আমাৰ ভাৰতৰ সৈনিক সকলৰ যি দেশ ভক্তি সেই দেশ ভক্তি অন্যান্য দেশ সমূহত খুব কমেই দেখা পোৱা যায়। যাৰ বাবে অন্যান্য দেশ সমূহৰ সৈনিক সকলক ভাৰতত প্ৰশিক্ষণ লবলৈ পঠিওৱা হয়। আজি আমি আলোচনা কৰিবলৈ ওলাইছো ভাৰতৰ সৈনিক সকলৰ দেশ ভক্তিৰ এনে এক উদাহৰণ যিয়ে আপোনাৰ মনত আমাৰ দেশৰ সৈনিক সকলৰ প্ৰতি শ্ৰদ্ধা দুগুণ বৃদ্ধি পাব। 

   আপুনি জানি আচৰিত হ'ব যে ভাৰতৰ অন্ধপ্ৰদেশ  ৰাজ্যত এনে এখন গাওঁ  আছে যি গাৱঁৰ প্ৰত্যেক   যুৱকে  ভাৰতীয় সৈন্য  বাহিনীত যোগদান কৰে। অন্ধপ্ৰদেশৰ এই বিশেষ গাওঁখনৰ নাম হৈছে মালা ৰেড্ডি গাওঁ। আচলতে এই গাওঁখন এখন মুছলিম গাওঁ আৰু ইয়াত ৮৬ টা পৰিয়াল বাস কৰে। এই গাওঁখনৰ বিশেষত্ব হ'ল যে এই গাৱঁত বাস কৰা সৰুৰ পৰা ডাঙৰ সকলো ব্যক্তিৰ মাজত দেশ ভক্তি দেখিবলৈ পোৱা যায়। যাৰ বাবে ইয়াৰ থকা প্ৰত্যেক শিশুৱে ডাঙৰ হৈ ভাৰতীয় সেনা হোৱাৰ সপোন দেখে আৰু ভাৰতীয় সেনা হোৱাটোয়েই  নিজৰ জীৱনৰ লক্ষ্য হিচাপে বাচি লয়। ইয়াৰ যুৱক সকলে উচ্চ শিক্ষা গ্রহণ কৰে যদিও নিজৰ মাজত থকা দেশ ভক্তিৰ বাবে তেওঁলোকে ভাৰতীয় সৈন্যবাহিনীত যোগদান কৰে। বৰ্তমান এই গাৱঁৰ প্ৰায় ১৩০ জন ব্যক্তি ভাৰতীয় সৈন্যবাহিনীত কৰ্মৰত অৱস্থাত আছে। এনেদৰে বহু দশক ধৰি এই গাৱঁৰ ব্যক্তিসকলে ভাৰতক শক্তিশালী কৰাত নিজৰ বিশেষ অৱদান আগবঢ়াই আহিছে। 

   ভাৰতীয় সৈন্যবাহিনীৰ যি ত্যাগ সেয়া সদায় আমাৰ বাবে চিৰনমস্য হৈ থাকিব। তেওঁলোকৰ ত্যাগৰ ফলতে আমি নিশ্চিন্তে দেশখনত বাস কৰিব পাৰিছো। তাৰোপৰি তেওঁলোকৰ বিৰত্বই  ভাৰতক এখন শক্তিশালী দেশ হিচাপে সমগ্র বিশ্বত প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে।

By Prasenjit Chakraborty

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.