জনপ্ৰিয় ধাৰাবাহিক CID ৰ অভিনেতা অভিনেত্ৰী ৰ উপাৰ্জন কিমান জানেনে? Sony TV's CID stars salaries

জনপ্ৰিয় ধাৰাবাহিক CID ৰ অভিনেতা অভিনেত্ৰী ৰ উপাৰ্জন কিমান জানেনে? Sony TV's CID stars salaries

https://www.timesguwahati.com/2021/07/Sony-TVs-CID-stars-salaries.html

টেলিভিছনৰ CID ধাৰাবাহিক খন আমি সকলোৱে নিশ্চয় চাইছো নহয় জানো? এই ধাৰাবাহিকখন আমাৰ বহুতৰে প্ৰিয় ।এই ধাৰাবাহিকখন ৰ প্ৰথম সম্প্ৰচাৰ হৈছিল ১৯৯৮ চনৰ ২১ জানুৱাৰীত।ই প্ৰায় ২২ বছৰ ধৰি Sony Tv t প্ৰচাৰিত হৈ আছে।এই ধাৰাবাহিকখন হ'ল ভাৰতৰ টেলিভিছনত আটাইতকৈ বেছি সময় ধৰি চলি থকা ধাৰাবাহিক। 

C.I.D ৰ প্ৰতিটো খণ্ডত অভিনয় ৰ বাবে ইয়াৰ অভিনেতা- অভিনেত্ৰী সকলেনো কিমান টকা লাভ কৰে,জানো আহক-

১/ নৰেন্দ্ৰ গুপ্তা( Narendra Gupta):  এখেতে C.I.D ধাৰাবাহিকখন ত ড০ চালুংক্য ৰ ভূমিকা পালন কৰে। তেখেতে C.I.D ৰ তদন্তৰ সময়ত প্ৰয়োজন হোৱা পৰীক্ষা নিৰীক্ষা চলোৱাৰ কাম কৰে।এখেতে এটা খন্ডত ৪০ হাজাৰ পৰ্যন্ত টকা লাভ কৰে।

২/ শ্ৰদ্ধা মুছলে্(Shradda Musale): শ্ৰদ্ধা ই ধাৰাবাহিক খনত ড০ পাৰিকাৰ ভূমিকাত অভিনয় কৰে।এখেতেও প্ৰতিটো খণ্ডৰ বাবে ৪০ হাজাৰ টকা লাভ কৰে।

৩/অনসা্ ছয়েদ( Ansha Sayed):  অনসা্ ছয়েদে ধাৰাবাহিক খনত ইন্সপেক্টৰ পূৰ্বীৰ ভূমিকা পালন কৰে। এখেতে আন কেইবাখনো জনপ্ৰিয় ধাৰাবাহিকতো অভিনয় কৰিছে।C.I.D ৰ প্ৰতিটো খণ্ডৰ বাবে তেখেতে ৪০ হাজাৰ টকা লাভ কৰে।

৪/ জান্হবী চেহদা্( Janvi chheda):  এখেত C.I.D ধাৰাবাহিক খনত ইন্সপেক্টৰ শ্ৰেয়াৰ ভূমিকা ত অভিনয় কৰে। এওঁ প্ৰতিটো খণ্ডৰ বাবে ৩৫ হাজাৰ টকা লাভ কৰে।

৫/ দিনেশ পাধনেছ্( Dinesh Phadnis):  এখেতে C.I.D ধাৰাবাহিক খনত এজন ধেমেলীয়া ইন্সপেক্টৰ ৰ ভূমিকাত অভিনয় কৰে।C.I.Dৰ স্পৰ্শকাতৰ কেছ সমূহ চলি থকা ৰ মাজতো তেখেতে আমাক হাস্যৰসৰ সোৱাদ দিয়ে। দিনেশ পাধনেছে্ ধাৰাবাহিক খনৰ প্ৰতিটো খণ্ডৰ বাবে ৭০ ৰ পৰা ৮০ হাজাৰ পৰ্যন্ত টকা লাভ কৰে।

৬/ আদিত্য শ্ৰীবাস্ত্তৱ( Aditya Srivastava): এওঁ হ'ল C.I.D ৰ অন্যতম জনপ্ৰিয় অভিনেতা।C.I.D ৰ উপৰিও তেখেতে এতিয়ালৈকে প্ৰায় ২৮ খন চিনেমা ত অভিনয় কৰিছে। 'দীৱাৰ' , ' চাথিয়া' ,'চুপাৰ থাৰ্টি' আদি তেখেতৰ অভিনিত কেইখনমান জনপ্ৰিয় চিনেমা। শেহতীয়াকৈ তেখেতৰ অভিনিত ' হছীন দিলৰুবা' নামৰ এখন চিনেমাই মুক্তি পাইছে। C.I.D ধাৰাবাহিক ত তেখেতে চিনিয়ৰ ইন্সপেক্টৰ অভিজিতৰ ভূমিকা ত অভিনয় কৰে।এই ধাৰাবাহিকখন ৰ প্ৰতিটো খণ্ডৰ বাবে তেখেতে ৮০ ৰ পৰা ১ লাখ টকা লাভ কৰে।

৭/ দয়ানন্দ চেট্টী(Dayanand Shetty):  C.I.D ধাৰাবাহিক খনত তেখেতে ইন্সপেক্টৰ দয়া ৰ ভূমিকাত অভিনয় কৰে।এখেতৰ চৰিত্ৰটো 'দুৱাৰ ভঙা' ৰ বাবে বিখ্যাত। এওঁ ৰোহিত চেট্টী পৰিচালিত জনপ্ৰিয় ছবি ' সিংঘম ৰিৰ্টানছ্'টো 'ইন্সপেক্টৰ দয়া' নামৰে এটি চৰিত্ৰত অভিনয় কৰিছে। C.I.D ধাৰাবাহিক খনৰ প্ৰতিটো খণ্ডৰ বাবে তেখেতে ১ লাখ টকা লাভ কৰে।

৮/ বিবেক মছৰু(Vivek Mashru): C.I.D ধাৰাবাহিক খনত তেখেতে ইন্সপেক্টৰ বিবেকৰ ভূমিকা পালন কৰে। এখেতে প্ৰতিটো খণ্ডৰ বাবদ ৩৫ হাজাৰ টকা লাভ কৰে।

৯/ হৃষিকেশ পান্ডে(Hrishikesh Pandey): এখেতে C.I.D ধাৰাবাহিক খনত ইন্সপেক্টৰ শচীনৰ ভূমিকা ত অভিনয় কৰে। ধাৰাবাহিক খনৰ প্ৰতিটো খণ্ডৰ বাবে তেখেতে ৩৫ হাজাৰ টকা লাভ কৰে।

১০/ অভয় শূক্লা( Abhoy Shukla):  এওঁ CID ধাৰাবাহিক খনৰ ইন্সপেক্টৰ নিখিল চৰিত্ৰ ৰ বাবে বিখ্যাত। প্ৰতিটো খণ্ডত অভিনয় ৰ বাবে এখেতে ৩৫ হাজাৰ টকা লাভ কৰে।

১১/ শিৱাজী শতম্( Shivaji Satam):  এখেত হৈছে C.I.D ধাৰাবাহিক খনৰ আটাইতকৈ জনপ্ৰিয় তথা ধাৰাবাহিক খনৰ C.I.D দলৰ দলপতি ACP প্ৰদ্যুম্ন চৰিত্ৰ ৰ অভিনেতা। এখেতে ধাৰাবাহিক খনৰ আন অভিনেতা অভিনেত্ৰীসকলৰ ভিতৰত আটাইতকৈ বেছি টকা লাভ কৰে। প্ৰত্যেক খন্ডৰ বাবে তেখেতে ২ লাখ টকা লাভ কৰে।

By- Smriti Kakati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.