দুবাৰকৈ বিবাহত বিফল হ'ল Mr. Perfectionist আমিৰ খান - Amir Khan Divorce with his wife

 দুবাৰকৈ বিবাহত বিফল হ'ল Mr. Perfectionist আমিৰ খান

Amir Khan Divorce with his wife

কথাতে কয়, পতি আৰু পত্নীৰ সম্পৰ্ক হেনো ৭ জনমৰ বান্ধোন । কিন্তু বস্তুৰ ম্যাদ শেষ হোৱাৰ দৰে এই কথাৰো  ম্যাদ বৰ্তমান শেষ হ'বলৈ ধৰিছে। কাৰণ মানুহৰ প্ৰথম জনমতে বৈবাহিক সম্পর্কৰ ফাট মেলিবলৈ আৰম্ভ কৰিছে, যাৰ ফলত গা কৰি উঠিছে বিবাহ বিচ্ছেদৰ দৰে কঠিন পৰিস্থিতি। বিবাহ বিচ্ছেদ শব্দটো যদিও কবলৈ বা শুনিবলৈ সহজ কিন্তু ইয়াত অন্তৰ্নিহিত হৈ আছে বহুতো দুখ, কষ্ট আৰু ত্যাগ । 

  বলিউডৰ বিবাহ বিচ্ছেদ শব্দটো নতুন নহয়, আমি বলিউডৰ অভিনেতা - অভিনেত্রী সকলৰ বিবাহ বিচ্ছেদৰ খবৰ প্ৰায়ে শুনিবলৈ পোৱা যায়। আকৌ আহিছে এক নতুন খবৰ বলীউড অভিনেতা আমিৰ খান আৰু তেওঁৰ পত্নী কিৰণ ৰাও মাজত বিবাহৰ ১৫ বছৰৰ পিছত হ'ল বিবাহ বিচ্ছেদ। আজি এক যুটীয়া বিবৃতিত তেওঁলোকে এই সম্পৰ্কে অৱগত কৰে।তেওঁলোকে এই সন্দৰ্ভত কয়, “আমি আমাৰ জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিব বিচাৰো। এতিয়া স্বামী আৰু পত্নী হিচাপে নহয়, কিন্তু ইজনে সিজনৰ বাবে সহ পিতৃ-মাতৃ আৰু পৰিয়াল হিচাপে।”

      উল্লেখ্য যে আমিৰ খানে ২০০২ চনত প্ৰথম পত্নী ৰীনা দত্তৰ সৈতে বিবাহ বিচ্ছেদ কৰিছিল। তাৰপাছত  দীৰ্ঘদিন ধৰি লিভ-ইন সম্পৰ্কত থকাৰ পিছত আমিৰে ২০০৫ চনত কিৰণ ৰাওৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় আৰু ২০১১ চনত তেওঁলোকৰ পুত্ৰ আজাদ ৰাও খানৰ জন্ম হয়। আমিৰ আৰু কিৰণৰ বিবাহ বিচ্ছেদৰ খবৰত হতভম্ব হৈ পৰিছে বলীউড জগতৰ লগতে আমিৰ অনুৰাগী।  

    আনফালে আমিৰ খান নাম সাঙোৰ খাই পৰিছে দংগল চিনেমাত আমিৰ খানৰ পুত্রীৰ চৰিত্ৰ ৰূপায়ন কৰা ফাতিমা ছানা শ্বেখ ( Fatima Sana Shaikh)ৰ সৈতে। সমালোচক সকলে আমিৰ আৰু কিৰণৰ বিবাহ বিচ্ছেদৰ কাৰণ আমিৰ আৰু ফাতিমাৰ মাজত গঢ়ি উঠা প্ৰেম সম্পৰ্ক বুলি ব্যাখ্যা কৰিছে। এতিয়া কাৰণ যিয়ে নহওঁক কিয়, বলিউডৰ Mr. Perfectionist বুলি খ্যাত আমিৰ খান নিজৰ বৈবাহিক সম্পর্কৰ ক্ষেত্রত Perfect হ'ব নোৱাৰিলে। 

By Prasenjit Chakraborty

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.