অলিম্পিকত ভাৰতৰ ১০০ বছৰীয়া যাত্ৰা - India's 100 years Journey at Olympic
ক'ভিদ -19 সৃষ্ট পৰিবেশৰ বাবে ২০২০ চনত হ'ব লগীয়া অলিম্পিক ২০২১ৰ জুলাই মাহত জাপানৰ টকীঅ'ত অনুষ্ঠিত হ'ব । ক্ৰীড়া জগতৰ এই বৃহৎ উৎসৰত ভাৰতে অন্যান্য দেশৰ লগত আগৰ দৰেই এইবাৰো যোগদান কৰিব। অলিম্পিকত ভাৰতৰ ইতিহাস যদি চোৱা যায়,তেন্তে ২০২০ ৰ এই অলিম্পিক ভাৰতৰ বাবে তাৎপৰ্যপূৰ্ণ।ক কিয়নো এইবাৰ ভাৰতে অলিম্পিকত ১০০ বছৰত ভৰি দিলে।
স্বাধীনতা লাভ কৰাৰ আগতেই অলিম্পিকত ভাৰত অন্তৰ্ভুক্ত হৈছিল। পোন প্ৰথমে ১৯২০ চনত ভাৰতে বেলজিয়ামত অনুষ্ঠিত হোৱা গ্ৰীষ্ম অলিম্পিকত যোগদান কৰিছিল। ভাৰতৰ পৰা মুঠ পাঁচ জন খেলুৱৈয়ে সেই অলিম্পিকত অংশগ্ৰহণ কৰিছিল। তাৰে তিনি গৰাকী এথেলেটিক্সত আৰু দুগৰাকী মল্ল যুজাৰু আছিল। পোনপ্ৰথম অলিম্পিকত ভাৰতক অংশগ্ৰহণ কৰাত সহায় কৰা ব্যক্তি গৰাকী আছিল, ছাৰ দৌৰাবজী টাটা। তেখেত আছিল Indian Olympic Association ৰ প্ৰথম গৰাকী সভাপতি। অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ তিনি গৰাকী এথেলেটিক্সক তেখেতেই অনুদান আগবঢ়াইছিল।
১৯১৯ চনত অনুষ্ঠিত হোৱা ক্ৰীড়া বিষয়ক এখন মিটিং ত ছাৰ দৌৰাবজী টাটাই ,সেই সময়ৰ বোম্বেৰ গবৰ্ণৰ লৰ্ড জৰ্জক অনুৰোধ কৰিছিল যে অলিম্পিক গেইমছত ভাৰতৰ বাবে এক স্থান সুৰক্ষিত কৰিব লাগে। তেখেতৰ এই ইচ্ছাই বাস্তৱ ৰূপ পাইছিল আৰু তাৰে ফলশ্ৰুতিত ভাৰতে ১৯২০ চনত পোন প্ৰথম বাৰ গ্ৰীষ্ম অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ সুবিধা পায়। সেয়ে আৰম্ভণি। তেতিয়াৰ পৰা এতিয়ালৈ ভাৰতৰ এই যাত্ৰাই ১০০ বছৰ অতিক্ৰম কৰিলে, ২০২০ চনত। দীৰ্ঘ দিন ধৰি অলিম্পিকত ভাৰতে আটাইতকৈ ভাল প্ৰদৰ্শন কৰা ক্রীড়া ক্ষেত্ৰ হৈছে হকী। অলিম্পিক হকীত ভাৰতৰ ধ্যান চান্দ আৰু বলৱান্ত সিঙে ১১ টাকৈ মেডেল আনিবলৈ সক্ষম হৈছিল। তাৰে ৮ টা আছিল সোণৰ ।
১৯২৭ চনত Indian Olympic Committee , সলনি হয় Indian Olympic Association লৈ, যাৰ মুখ্য কাম আছিল ভাৰতত খেলা - ধূলাৰ ক্ষেত্ৰ খনৰ উন্নতি সাধন কৰা। ১৯৪৭ চনত ভাৰতে খেলা ধূলাত এক বহল ক্ষেত্ৰ পাবলৈ সক্ষম হয় আৰু কেইবাটাও ইভেণ্টত ভাৰতে অলিম্পিকত প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা পায়।বৰ্তমানলৈ ভাৰতে বহুতো ইভেণ্টত প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈ উঠিছে। ২০২০ৰ টকীঅ' অলিম্পিকত ৫৮ টা ইভেণ্টত প্ৰতিনিধিত্ব কৰিব ভাৰতৰ মুঠ ১০৫ গৰাকী পুৰুষ আৰু মহিলাই। সেই ইভেণ্টৰ খেলসমূহ হৈছে-- আৰ্চাৰী, এথলেটিক্স, বেডমিণ্টন, বক্সিঙ, ইকুৱেষ্টিয়ান, ফেনচিং, ফিল্ড হকী, গোলফ, জিমনাষ্টিক, জুদ', ৰোয়িং, চেইলিং , সুটিং(shooting), টেবুল টেনিছ, টেনিছ,,ওৱেট লিফটিং, আৰু ৰেচলিঙ । উল্লেখযোগ্য যে এই খেল সমূহত ভাৰতৰ ৫৭ জন পুৰুষ আৰু ৪৯ গৰাকী মহিলাই ভাগ ল'ব। অলিম্পিকত এইবছৰ শতক গৰকা ভাৰতে কিমান সোণ, ৰূপ আৰু ব্ৰঞ্জৰ মেডেল লাভ কৰিবলৈ সক্ষম হয় তালৈ সকলোৱে আশাৰে বাট চাই আছে। ২০২১ ৰ ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হ'ব লগা জাপানৰ টকীঅ' অলিম্পিকলৈ মাথোঁ কেইটামান দিন হে বাকী!!
By: Mallika Dutta.