ধৰ্ষণ গোচৰৰ ৰায়দানত উল্লেখ কৰিব নোৱাৰিব ভুক্ত ভোগীৰ নাম - No Court will mention Victim's Name in a Rape Case Verdict

ধৰ্ষণ গোচৰৰ ৰায়দানত উল্লেখ কৰিব নোৱাৰিব ভুক্ত ভোগীৰ নাম - No Court will mention Victim's Name in a Rape Case Verdict

No Court will mention Victim's Name in a Rape Case Verdict

উচ্চতম ন্যায়ালয়ৰ ঘোষণা: আমাৰ সমাজত সঘনে বাঢ়ি আহিছে ধৰ্ষণৰ ঘটনা। আজি কেইদিনমানৰ আগতে এগৰাকী কণমানি কিশোৰীৰ এটা ৬৫ বছৰীয়া মানুহৰ কামনাৰ বলি হৈ মৃত্যু হৈছিল। এনে দৰে দিনে দিনে এই ধৰণৰ ঘটনা সমগ্ৰ ভাৰততে বাঢ়ি আহিছে। এনে ক্ষেত্ৰত ভুক্ত ভোগীৰ নাম যদি জনাজাত কৰা যায়, তেনে হ'লে সেই গৰাকী ভুক্ত ভোগীৰ প্ৰতি অন্যায় কৰা হয়। তেওঁক বিনা দোষত শাস্তিৰ ওপৰত শাস্তি দিয়াৰ দৰে হয়।  এই ধৰণৰ ঘটনাৰ গোচৰত কোনো কাৰণতে ভুক্ত ভোগীৰ নাম ক'তো উল্লেখ কৰিব নোৱাৰিব বুলি ২০১৮ চনতে উচ্চতম ন্যায়ালয়ে এক নিৰ্দেশ জাৰি কৰিছিল। কিন্তু এই নিৰ্দেশ অমান্য কৰা এটা ৰায়দান এতিয়া পোহৰলৈ আহিছে। ২০১৯ চনত চট্টিছগড়ৰ মহাসমুণ্ড ছেছন আদালতে দিয়া  ধৰ্ষণৰ গোচৰৰ এটা ৰায়দানক উচ্চতম ন্যায়ালয়ে এক ব্যতিক্ৰমী ৰায়দান বুলি উল্লেখ কৰিছে। 

২০০১ চনত ঘটা এই ধৰ্ষণৰ গোচৰটোত চট্টিছগড়ৰৰ মহাসমুণ্ড ছেছন ন্যায়ালয়ে ২০১৯ চনত  এটা ৰায়দান দিয়ে। সেই ৰায়দানক প্ৰত্যাহ্বান জনাই এটা অপৰাধীয়ে চট্টিছগড়ৰ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। কিন্তু উক্ত  অপৰাধীৰ আবেদন উচ্চ ন্যায়ালয়ে খাৰিজ কৰি মহাসমুণ্ড ছেছন আদালতৰ ৰায়দান বাহাল ৰাখে। তাৰ পাছত সেই অপৰাধয়ে উচ্চতম ন্যায়ালয়ত আবেদন কৰে। উল্লেখযোগ্য যে চট্টিছগড়ৰৰ ছেছন ন্যায়ালয়ৰ এই ৰায়দানত  ধৰ্ষিতাৰ নাম উল্লেখ আছে। এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে সহযোগী সকলো ন্যায়ালয়ক এনেধৰণৰ গোচৰত  ওকা- লতি  কৰোঁতে সাৱধান হ'বলৈ সকীয়াই দিছে।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অশোক ভূষনে কয় যে ইতিমধ্যে সকলোৱে এই কথা ভালদৰে  জানে যে   এনেধৰণৰ গোচৰত ভুক্ত ভোগীৰ নাম উল্লেখ কৰিব নালাগে। তেখেতৰ লগত সহযোগ কৰি একে ন্যায় পীঠৰ ন্যায়াধীশ ভিনীত চৰণ আৰু এম,আৰ, চাহেও একে কথাই ব্যক্ত কৰে। যোৱা ৩০ জুনৰ এক নিৰ্দেশ যোগে উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰিছে যে ,এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ অধীনৰ সকলো উচ্চ ন্যায়ালয়, ছেছন কোর্টে আদিয়ে ভৱিষ্যতে এনে কেছত সাৱধানতা অৱলম্বন কৰিব লাগিব। কোনো কাৰণতে ভুক্ত ভোগীৰ নাম আদালতৰ কাম কাজ চলি থাকোতে আৰু তাৰ পাছতো কেতিয়াও উল্লেখ কৰিব নোৱাৰিব। 

২০১৮ চনতে এই সম্পৰ্কে দিয়া উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশৰ বিপৰীতে চট্টিছগড় ছেছন ন্যায়ালয়ৰ এই  ৰায়দানত ভুক্ত ভোগীৰ নাম উল্লেখ থকা কথাটো উচ্চতম ন্যায়ালয়ে এক ব্যতিক্ৰম বুলি উল্লেখ কৰিছে। আৰু ইয়াৰে আলম লৈ এতিয়া সকলো ন্যায়ালয়ক এনে ঘটনাৰ পুনৰাবৃত্তি যাতে নহয়, তাৰ প্ৰতি সাৱধান হবলৈ নিৰ্দেশ দিছে ।ইতিমধ্যে এই ঘটনাত জড়িত এটা অপৰাধীয়ে পুনৰ বিচাৰৰ বাবে জনোৱা আবেদন উচ্চতম ন্যায়ালয়ে  খাৰিজ কৰিছে। অৰ্থাৎ দোষীৰ ক্ষেত্ৰত চট্টিছগড়ৰ ছেছন আদালতে  প্ৰদান কৰা ৰায় দানেই বাহাল থাকিব। উল্লেখযোগ্য যে এই ঘটনাত আবেদনকাৰী অভিযুক্তক  চট্টিছগড়ৰ মহাসমুণ্ড আদালতে ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছিল আৰু চট্টিছগড়ৰ উচ্চ ন্যায়ালয়ে এই ৰায়দানক বাহাল ৰাখিছিল।

এই কথা কেৱল ন্যায়ালয়ৰ ক্ষেত্ৰতে নহয়, সামাজৰ ক্ষেত্ৰত ও প্রযোজ্য হোৱা ভাল ।কিয়নো ধৰ্ষণৰ বলি হোৱা ভুক্ত ভোগীৰ নাম বাৰে বাৰে উচ্চাৰণ কৰিলে ভুক্ত ভোগীৰ প্ৰতি বাৰে বাৰে অন্যায় কৰা হয় । এই ক্ষেত্ৰত আমি সকলো সহানুভূতিশীল হোৱা বাঞ্ছনীয়।

By: Mallika Dutta

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.