মহিলাই এতিয়াৰ পৰা এটাতকৈ অধিক স্বামী ৰাখিব পাৰিব- Women can Marry with more than one husbands
পুৰণি কালৰে পৰা পুৰুষে একাধিক মাহিলাৰ লগত সংসাৰ কৰা দেখা যায়। সেয়া পুৰণি কালৰ ৰজা - মহাৰাজাই হওঁক বা উচ্চ পদস্থ বিষয়াই হওঁক , সকলোৰে মাজত একাধিক পত্নী ৰখাৰ প্ৰৱণতা দেখা গৈছিল । এতিয়া সময় সলনি হ'ল কিন্তু এতিয়াও বিদেশতে হওঁক বা আমাৰ দেশৰো একাংশ পুৰুষৰ মাজত এই প্ৰৱণতা দেখা যায়। কিন্তু মহিলাৰ ক্ষেত্রত ইয়াৰ সম্পূর্ণ বিপৰীত মহিলাই একাধিক স্বামী ৰখাতো দূৰৰ কথা আমাৰ দেশ ভাৰতত বিধৱা বিয়াকো সমাজে বেয়া চকুৰে চাই। কিন্তু, মাজত অতীতৰ পৰা চলি অহা এই প্ৰথা সলনি কৰিবলৈ ওলাইছে এখন দেশৰ চৰকাৰে।
দক্ষিণ আফ্ৰিকাৰ চৰকাৰে মহিলাৰ বাবে আগবঢ়াইছে এক নতুন প্ৰস্তাৱ ।এই প্ৰস্তাৱ অনুসৰি মহিলাই এতিয়াৰ পৰা এটাতকৈ অধিক স্বামী ৰাখিব পাৰিব ।এই দেশত পূৰ্বতে এজন পুৰুষে কেইবাগৰাকী মহিলা ৰখাৰ ব্যৱস্থা আছিল। এতিয়া এই ব্যৱস্থা মহিলাৰ ক্ষেত্ৰটো কৰি দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে চৰকাৰে।উল্লেখ্য যে, এই প্ৰস্তাৱটো দক্ষিণ আফ্ৰিকাৰ গৃহ বিভাগে দিছে আৰু ইয়াক গ্ৰীণ পেপাৰত অন্তৰ্ভূক্ত কৰাৰ বাবে দাবী উত্থাপন কৰা হৈছে। অৱশ্যে এই প্ৰস্তাৱৰ বাবে যথেষ্ঠ বিতৰ্কৰ সন্মুখীন হ'ব লগা হৈছে এই চৰকাৰ খনৰ। দেশ খনত বহুতেই এই প্ৰস্তাৱৰ বিৰোধিতা কৰিছে। একাংশৰ মতে এই আইন প্ৰণয়ন কৰিলে দক্ষিণ আফ্ৰিকাৰ সংস্কৃতি ধ্বংস হৈ যাব।
উল্লেখ্যযোগ্য যে দক্ষিণ আফ্ৰিকাৰ চুবুৰীয়া ৰাষ্ট্ৰ জিম্বাব্বেত আগৰ পৰাই মহিলা সকলে অধিক স্বামী ৰখাৰ প্ৰথা চলি আহিছে । হয়তো জিম্বাব্বেক অনুসৰণ কৰিয়েই দক্ষিণ আফ্ৰিকা চৰকাৰে তেওঁলোকৰ দেশতো এই ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ মন মেলিছে। এই ব্যৱস্থা প্ৰৱৰ্তন হ'লে পৰৱৰ্তী সময়ত দক্ষিণ আফ্ৰিকাৰ জনসাধাৰণে ইয়াক কিদৰে আকোঁৱালি ল'ব সেয়া হ'ব লক্ষ্যণীয়।
By Prasenjit Chakraborty