PM 2.5 উপস্থিতিৰ ফলত বৃদ্ধি পাইছে ক'ৰোনা আক্রান্তৰ সংখ্যা - PM 2.5 may lead to higher risk of COVID-19 infection

PM  2.5 উপস্থিতিৰ ফলত বৃদ্ধি পাইছে ক'ৰোনা আক্রান্তৰ সংখ্যা - PM 2.5 may lead to higher risk of COVID-19 infection

PM 2.5 may lead to higher risk of COVID-19 infection

PM 2.5 নামৰ প্ৰদূষকৰ সম্পর্কত থকা ৰাজ্য সমূহ ক'ৰোনাত আক্রান্ত হোৱাৰ সম্ভাৱনা অধিক  । এতিয়া প্ৰশ্ন হয় PM 2.5 মানে কি? PM 2.5 হৈছে কিছুমান কণা যি কণা আমাৰ শৰীৰত প্ৰবেশ কৰি আমাৰ হাওঁফাওঁক কাম কৰাত বাধা প্ৰদান কৰে । যাৰ ফলত আমাৰ শৰীৰৰ প্ৰতিৰক্ষা তন্ত্ৰ দুৰ্বল কৰি তোলাৰ ওপৰিও হৃদযন্ত্র আৰু শ্বাস-প্ৰশ্বাস জনিত সমস্যাৰ সৃষ্টি কৰে  । উল্লেখ্যযোগ্য যে  PM 2.5 ৰ বৃদ্ধিৰ পৰিমাণ বায়ু প্ৰদূষণৰ ওপৰত নিৰ্ভৰ কৰে। বায়ু প্ৰদূষণ বৃদ্ধি পালে  বায়ুত PM 2.5 ৰ পৰিমাণ বৃদ্ধি পায়। 

  এতিয়া আহিছো আচল কথালৈ ।  ইতিমধ্যে সৰ্বভাৰতীয় স্তৰত হোৱা এক অধ্যয়নত প্ৰকাশ পাইছে যে, দিল্লী, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, তামিলনাড়ু, চেন্নাই, মধ্য প্ৰদেশ আদিকে লৈ মুঠ ১৬ খন চহৰত জীৱাশ্ম ইন্ধন অধিক ব্যৱহাৰৰ ফলত বৃদ্ধি পাইছে PM 2.5 । যাৰ ফলত এই চহৰ সমূহত বৃদ্ধি পাইছে ক'ৰোনা সংক্ৰমণৰ সংখ্যা । উল্লেখ্যযোগ্য যে, ৭২১ ৰাজ্যত  PM 2.5 উপস্থিতিৰ পৰীক্ষা কৰা হৈছিল আৰু পৰীক্ষাত PM2.5  আৰু Covid -19 ৰ মাজত  এক বিশেষ সম্বন্ধ প্ৰকাশ পাইছে । য'ত দেখা গেছে PM 2.5 ৰ অধিক উপস্থিতি থকা ৰাজ্যত ক'ৰোনা আক্রান্তৰ সংখ্যা অধিক হোৱাৰ লগতে ইয়াত মৃত্যুৰ সংখ্যাও অধিক। 

  PM 2.5 ৰ  ওপৰত কৰা এই অধ্যয়নে ক'ৰোনাক প্ৰতিহত কৰাৰ এক নতুন পথৰ সৃষ্টি কৰিব। কিন্তু এটা কথা প্ৰকাশ পাইছে যে প্ৰদূষণৰ ফলত বৃদ্ধি পাইছে ক'ৰোনা মহামাৰীৰ প্ৰভাৱ।প্ৰদূষণ হৈছে প্ৰকৃতিৰ ওপৰত কৰা এক ধৰণৰ অত্যাচাৰ আৰু প্ৰকৃতিয়েই হয়তো ক'ৰোনা ৰূপ লৈ মানুহে কৰা অত্যাচাৰ জবাব বিচাৰিছে। 

By Prasenjit Chakraborty

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.