আগষ্টলৈকে ইউৰোপত ডেল্টা প্ৰভাৱশালী হোৱাৰ সম্ভাৱনা আছে - Europe likely to be 'Delta Dominant' by August : WHO

আগষ্টলৈকে ইউৰোপত ডেল্টা  প্ৰভাৱশালী হোৱাৰ সম্ভাৱনা আছে : WHO - Europe likely to be 'Delta Dominant' by August:WHO

Europe likely to be 'Delta Dominant' by August

চলিত কোভিড মহামাৰীৰ সময়তে আৰু এক সংস্কৰণ পোহৰলৈ আহিছে।World Health Organization (WHO) য়ে ইউৰোপক সকীয়াই দিয়ে যে আগষ্ট মাহৰ মাজভাগলৈকে ইউৰোপত ডেল্টা অতি প্ৰভাৱশালী হৈ উঠিব পাৰে।লগতে বৰ্ধিত জনসমাগম,সভা,যাত্ৰা আদিৰ বৃদ্ধিয়ে পুনৰ ক'ভিড-১৯ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে।

 "যোৱা সপ্তাহত ৰোগীৰ সংখ্যা ১০ শতাংশলৈ বৃদ্ধি পাইছে। এইদৰে তীব্ৰ গতিত বাঢ়ি অহা ৰোগীৰ সংখ্যাক লৈ এক প্ৰকাৰ চিন্তাৰ কাৰণ হৈ পৰিছে।তাৰ উপৰিও ডেল্টাৰ সংস্কৰণ,প্ৰচুৰ ভাবে প্ৰচাৰ কৰাৰ স্বত্তেও বৰ্তমানলৈকে বহু লোকে ভেকচিন লোৱাৰ পৰা বিৰত আছে।"- ইউৰোপৰ WHO ৰ আঞ্চলিক পৰিচালক হান্স ক্লুগে অনলাইন সংবাদ মাধ্যমৰ জৰিয়তে জনায়।

তেওঁ উল্লেখ কৰিছে যে,"ডেল্টা অত্যাধিক ৰূপে আৰু ইয়াৰ পুনৰাবৃত্তি য়ে অধিক দ্ৰুত গতিত আলফাক পিছ পেলাই বৃদ্ধি পাইছে। যাৰ ফলত হস্পিতেলত ৰোগীৰ সংখ্যা অধিক আৰু মৃত্যু ৰ সংখ্যা বৃদ্ধি পাইছে।"

WHO ৰ ইউৰোপীয় অঞ্চলটো ক্লুগৰ অনুসৰি আগষ্টৰ মাজভাগৰ লৈকে ডেল্টা প্ৰভাৱশালী হ'ব বুলি আশা কৰা হৈছে।তেওঁ সকীয়াই দিছিলে যে এই নতুন ৰূপ আৰু ক্ৰমাৎ ভেকচিনৰ হ্ৰাস লগতে সামাজিক ক্ষেত্ৰত অধিক মিশ্ৰণৰ ফলত চিকিৎসালয় সমূহত শৰতকালৰ আগে আগে ৰোগীৰ সংখ্যা বৃদ্ধি আৰু মৃত্যুৰ হাৰ অধিক বৃদ্ধি হ'ব।

প্ৰত্যাশিত উত্থানক মুকাবিলা কৰিবৰ বাবে ক্লুগে এই অঞ্চলত শৃংখলা বদ্ধ ভাৱে চলিবলৈ আহ্বান জনাইছে আৰু লগতে সকলোকে ভেকচিন ল'বলৈও আহ্বান জনাইছে।

 ডেল্টা সংস্কৰণৰ বিৰুদ্ধে ভেকচিন অতি কাৰ্যকৰী।এটা দ'জ নহয় দুইটা দ'জেই অতি জৰুৰী আৰু ভেকচিন লোৱা যিমানেই দেৰি হ'ব সিমানেই ইয়াৰ সংস্কৰন অধিক হৈ গৈ থাকিব।

By: Sukanya Rajbongshi

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.