ভাৰতৰ গৰ্ভৱতী মহিলা সকলেও ল'ব পাৰিব ক'ভিড ১৯ৰ ভেকচিন - Pregnant women in India now eligible for vaccination

ভাৰতৰ গৰ্ভৱতী মহিলা সকলেও ল'ব পাৰিব ক'ভিড ১৯ৰ ভেকচিন - Pregnant women in India now eligible for  vaccination

Pregnant women in India now eligible for  vaccination

ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ দ্বাৰা জাননী জাৰী কৰা হৈছে যে বৰ্তমানেও ভেকচিন নোলোৱা ভাৰতৰ গৰ্ভৱতী মহিলা সকলে এতিয়া ল'ব পাৰিব ক'ভিড ভেকচিন । মহিলা সকলৰ স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । 

গোটেই বিশ্বতে কালৰূপ ধাৰণ কৰা কৰোণা ভাইৰাছৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ প্ৰত্যেকেই টীকা কৰণ কৰাতো বাঞ্চনীয় । এই ক্ষেত্ৰত গৰ্ভাৱতী মহিলা সকল অধিক সচেতন হোৱা উচিত । চৰকাৰে সকলোৰে বাবে ভেকচিন লোৱাৰ ব্যৱস্থা কৰিছিল যদিও এনে মহিলা সকলৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছিল । ইয়াৰ বাবে মহিলা সকলে Cowin appত registration কৰিব পাৰে  অথবা ওচৰৰ টীকা কৰণ কেন্দ্ৰত যোগাযোগ কৰিব পাৰে । এই ব্যৱস্থা সমগ্ৰ দেশতে প্ৰযোজ্য কৰাৰ জাননী জাৰী কৰা হৈছে । গৰ্ভৱতী অৱস্থাত মহিলা সকল কভিড ১৯ ত আক্ৰান্ত হ'লে বিভিন্ন সমস্যাৰ সন্মুখীন হয় । সঘনাই শৰীৰ দুৰ্বল হোৱা, উশাহ-নিশাহত কষ্ট পোৱা আদিৰ দৰে সমস্যাই দেখা দিয়ে । এই সমস্যাই কালক্ৰমত শিশুৰ জন্মৰ  সময়ত অসুবিধাৰ সৃষ্টি কৰিব পাৰে । গৱেষক সকলে মত পোষণ কৰে যে সাধাৰণ মহিলাতকৈ ক'ভিড ভাইৰাছে গৰ্ভৱতী মহিলাক অধিক ক্ষতি কৰিব পাৰে । 

সকলো ঔষধৰে কিছুমান বেয়া প্ৰভাৱ অৰ্থাৎ side effects থাকে । ক'ভিড ১৯ ভেকচিনৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম ঘটা নাই যদিও ইয়াৰ প্ৰভাৱ প্ৰায় নূন্যতম । ভেকচিন গ্ৰহণ কৰাৰ পাছত সামান্য জ্বৰ , গাৰ বিষ, বেজি লোৱা জেগা দুখৰত সামান্য বিষ হোৱাতো স্বাভাৱিক । এই অসুবিধা সমূহ ভেকচিন লোৱাৰ ২০ দিনৰ ভিতৰত বাঢ়ি যোৱা দেখা গ'লে ডাক্তৰৰ পৰামৰ্শ ল'ব লাগে । 

ইয়াৰ উপৰিও স্বাস্থ্য মন্ত্ৰণালয়ে কিছুমান বিশেষ সমস্যাৰ উল্লেখ কৰিছে যিবোৰ লক্ষণে দেখা দিলে ডাক্তৰৰ পৰামৰ্শ লোৱাতো প্ৰয়োজনীয় । ইয়াৰে উশাহ-নিশাহত কষ্ট পোৱা , বুকুত বিষ অনুভৱ কৰা , বমি বমি ভাৱ হোৱা , পেটৰ বিষ অনুভৱ কৰা , অস্পষ্ট দৃষ্টি আৰু চকুত বিষ অনুভৱ কৰা অন্যতম চিন্তাৰ কাৰণ হ'ব পাৰে । যদি কোনো মহিলাৰ এলাৰ্জিৰ সমস্যা থাকে অথবা খোৱা বস্তুৰ পৰা আৰু অন্যান্য বেজিৰ পৰা এলাৰ্জি হোৱাৰ সম্ভাৱনা থাকে তেওঁলোকে ডাক্তৰৰ পৰামৰ্শ লোৱা উচিত । 

আৰু যিসকল মহিলা ইতিমধ্যে কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে তেওঁ লোকে ভেকচিন লোৱাৰ পৰা বিৰত থাকক । ইয়াৰ উপৰিও যিসকল মহিলা ডায়বেটিছ , বহু পুৰণি উশাহ-নিশাহৰ সমস্যা , হৃদৰোগৰ সমস্যাত ভুগি আছে তেওঁ লোকে ডাক্তৰৰ পৰামৰ্শমতে ভেকচিন ল'ব লাগে ।।

By Barsha Borah

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.