৭ প্ৰকাৰে আপুনি দিন জোৰা স্বাস্থ্যকৰ আৰু সক্ৰিয় হৈ থাকিব পাৰে - 7 Ways You Can Stay Healthy and Active
বৰ্তমান সময়ত আমি সকলোৱে নিজৰ শৰীৰক লৈ যথেষ্ঠ সজাগ । সকলোতকৈ বেছি সময় আমি শৰীৰ চর্চাত দিওঁ। কিন্তু ইয়াৰে মাজৰ বহুতে শৰীৰ চৰ্চাৰ পৰা দূৰত্ব বজাই ৰাখে। অলপতে বিশ্ব স্বাস্থ্য সংস্থা ই নিষ্ক্ৰিয়তাক বিশ্ব ব্যাপী প্ৰাপ্তবয়স্ক সকলৰ মৃত্যুৰ চতুৰ্থ বৃহত্তম কাৰণ বুলি তালিকাভুক্ত কৰা হৈছে।সেইবাবে আমি সকলো সময়তে কামত সক্ৰিয় হৈ থাকিব লাগে। সক্ৰিয় হৈ থাকিলে হয়তো আমি এই তালিকাত অন্তৰ্ভুক্ত হোৱাৰ পৰা দূৰত থাকিম।
সক্ৰিয় হৈ থাকিব পৰা কেইটামান টিপছ আপোনালোকৰ আগত আগবঢ়াইছো-
১) খোজ কঢ়া : যদি আপুনি আপোনাৰ অফিচৰ নিচেই ওচৰত বাস কৰে তেতিয়া হ'লে আপুনি অফিচ খোজকাঢ়ি অহা যোৱা কৰক। দিনৰ ৩০ মিনিট খোজ কঢ়াৰ এক বিশেষ অভ্যাস গঢ়ি তোলক। গাড়ী চলোৱাৰ পৰা বিৰত থাকিব।
২) অফিচৰ পৰা দূৰত গাড়ী পার্ক কৰক : যদি আপোনাৰ ঘৰ অফিচৰ পৰা দূৰত অৱস্থিত তেতিয়া হ'লে আপুনি আপোনাৰ গাড়ী অলপ দূৰত পার্ক কৰক আৰু খোজ কাঢ়ি অফিচলৈ অহাৰ অভ্যাস কৰক।
৩) আপোনাৰ পদক্ষেপ সমূহ ট্ৰেক কৰক : ফিটনেছ ট্রেকাৰ, স্মাৰ্ট ফোন, স্মাৰ্ট ঘড়ী আৰু পেডোমিটাৰৰ সহায়ত আপুনি কিমান খোজ কাঢ়িছে তাৰ অনুমান লগাব পাৰে।সদায় আপোনাৰ পদক্ষেপ সমূহ নিৰীক্ষণ কৰক আৰু দিনে দিনে ইয়াৰ সংখ্যা বৃদ্ধি কৰক।
৪) ষ্টেপ ব্যৱহাৰ কৰক : লিফ্টৰ সলনি আপুনি ষ্টেপ ব্যৱহাৰ কৰক। যিমান বেছি আপুনি ষ্টেপ বগাব আপোনাৰ শৰীৰ কাৰণে সিমানেই উপকাৰী হ'ব।ষ্টেপ বগালে হাৰ্টৰ কাৰণেও ভাল আৰু জগিঙৰ তুলনাত ই বহুত কেলৰি বাৰ্ন কৰে।
৫) প্ৰতি ঘণ্টা আৰু আগুৱাক : গোটেই দিন বহি থাকিলে আপোনাৰ স্বাস্থ্য ৰ ক্ষতি হ'ব পাৰে।এক ঘণ্টাৰ ভিতৰত কমেও এবাৰ উঠা নিজৰ ঠাইৰ পৰা আৰু অলপ খোজ কাঢ়ক। যদি আপুনি পাহৰিও যায় তাৰ বাবে আপুনি টাইমাৰ ছেট কৰি থওক আৰু দীৰ্ঘ সময় বহাৰ পৰা বাচক।
৬) মধ্যাহ্ন ভোজনৰ বিৰতিৰ সময়ত খোজ কাঢ়ক : মধ্যাহ্ন ভোজনৰ সময়ত আপুনি অলপ খোজ কাঢ়ক তেতিয়া আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অলপ হলেও উন্নতি হ'ব।
৭) এটা অফিচ ফিটনেছ চেলেঞ্জ আৰম্ভ কৰক : আপুনি আপোনাৰ লগতে অফিচৰ বাকী কৰ্মচাৰী সকলকো আপোনাৰ ফিটনেছ চেলেঞ্জ ত নিয়োগ কৰাওক আৰু সপ্তাহত এদিন হ'লেও খোজ কঢ়া প্ৰতিযোগিতা অনুষ্ঠিত কৰক।
এইদৰে কিছু নিয়ম পালনৰ মাজেৰে আমি আমাৰ শৰীৰটোক ধুনীয়াকৈ চোৱাচিতা কৰিব পাৰো। আমাৰ শৰীৰৰ লগতে মানসিক বিকাশো সম্ভৱ হয় এই কাৰ্যৰ জৰিয়তে।
By: Sukanya Rajbongshi