ড্ৰাগছ্ সৰবৰাহৰ ন ন কৌশল উদ্ভাৱন সৰবৰাহকাৰীৰ - Traffickers using innovative ways to carry drugs

ড্ৰাগছ্ সৰবৰাহৰ ন ন কৌশল উদ্ভাৱন সৰবৰাহকাৰীৰ - Traffickers using innovative ways to carry drugs

Traffickers using innovative ways to carry drugs

ৰাজ্যখনৰ উঠি অহা প্ৰজন্মৰ সৰহ সংখ্যক যুৱক যুৱতী ড্ৰাগছ্ত আসক্ত হৈ পৰা দেখা গৈছে। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান সমগ্ৰ ৰাজ্য জুৰি ড্ৰাগছ্ তথা অন্যান্য মাদক দ্ৰব্যৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই থকা হৈছে। কিন্তু দেখা গৈছে যে আৰক্ষীৰ এনে সঘন অভিযানৰ পাছতো সৰবৰাহকাৰীয়ে ড্ৰাগছৰ যোগান ধৰি আহিছে। তেওঁ লোকে নিত্য নতুন কৌশলৰে আৰক্ষীৰ চকুত ধূলি মাৰি ড্ৰাগছ্ সৰবৰাহত ব্ৰতী হৈছে।

সৰবৰাহকাৰীয়ে অদ্ভূত ঠাইত ড্ৰাগছ্ সমূহ লুকুৱাই নিবলৈ চেষ্টা কৰিছে। তেওঁ লোকে গাড়ীৰ লাইটৰ মাজত, তেলৰ ট্ৰেংকাৰ, এম্বুলেন্স, LPG গেছ কঢ়িওৱা গাড়ী,অট'ৰিক্সা আদিক ড্ৰাগছ্ কঢ়িওৱা মাধ্যম ৰূপে ব্যৱহাৰ কৰিব ধৰিছে। শেহতীয়াকৈ অহা কিছুমান গোচৰত বহুকেইটা কুৰিয়াৰ সেৱাৰ মাধ্যমেৰেও ড্ৰাগছ্ সৰবৰাহ কৰা বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে। আচৰিত কথা যে চাবোনৰ মাজতো ড্ৰাগছ্ ভৰাই অনাৰ সম্ভেদ পোৱা গৈছে। জানিব পৰা মতে,সৰবৰাহকাৰীয়ে গান্জাকে ধৰি অনান্য মাদক দ্ৰব্য ডিমাপুৰ ৰে'ল ষ্টেচনৰ পৰা ৰে'লেৰে গুৱাহাটীলৈ আনে আৰু তাৰ পৰাই আন আন ঠাইলৈ যোগান ধৰে। সম্প্ৰতি ৰাজ্য খন ড্ৰাগছ্ সৰবৰাহৰ কেন্দ্ৰ স্বৰূপ হৈ পৰা দেখা গৈছে।

হিৰ'ইন তথা অন্যান্য মাদক দ্ৰব্য কিছুমান ম্যানমাৰৰ পৰা অহা বুলি জানিব পৰা গৈছে। লগতে নিচাযুক্ত টেবলেট,কাহৰ দৰৱ আদি উত্তৰ ভাৰতৰ পৰীক্ষাগাৰ কিছুমান ৰ পৰা যোগান ধৰা হয় বুলি জানিব পৰা গৈছে। ম্যানমাৰৰ পৰা ড্ৰাগছ্ সমূহ প্ৰথমে অসম, তাৰপাছত মিজোৰামৰ চাম্পাই নামৰ ঠাইলৈ আৰু তাৰপৰা মণিপুৰ ৰ মৰ্চ (Morch) নামৰ ঠাইলৈ পঠিওৱা হয়। অসমলৈ ড্ৰাগছ্ সমূহ গোলাঘাট,বৰাক উপত্যকা আৰু ডিব্ৰুগড় ৰ পথেৰে অনা হয় বুলি আৰক্ষীয়ে জানিব পাৰিছে। তাৰ বাবে ট্ৰাক কিছুমানত ভুৱা কেবিন তৈয়াৰ কৰি লোৱা হয়। আনকি কিছুমান গাড়ীৰ অতিৰিক্ত (spare) টায়াৰ তো ড্ৰাগছ্ পোৱা গৈছে।

বিগত ৪৫ দিনত প্ৰায় ১৩৫ কোটি টকাৰ ড্ৰাগছ অসমৰ বিভিন্ন ঠাইৰ পৰা জব্দ কৰা হৈছে। মে'মাহৰ ১০ তাৰিখৰ পৰা জুন মাহৰ ২২ তাৰিখলৈ প্ৰায় ৬৫৯ গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু ১,১৪২ জন অভিযুক্ত ক গ্ৰেপ্তাৰ কৰা হৈছে। চৰকাৰী তথ্য মতে যোৱা বছৰো প্ৰায় ৯৮০ টা গোচৰ পঞ্জীয়ন কৰা হৈছিল আৰু ১,৬৫২ জন লোকক গ্ৰপ্তাৰ কৰা হৈছিল। বিগত সময়চোৱাত ,১৬ কি:গ্ৰা ৰ অধিক হিৰ'ইন, ৬,৬৮৭ কি:গ্ৰা ভাং, ৬,৪২,৪৪৭ টেবলেট,৫৭,৫৯১ বটল কাহৰ দৰৱ, ১.৯ কি:গ্ৰা মৰ'ফিন আৰু ৯ কি:গ্ৰা আফিম জব্দ কৰা হৈছে।অসম আৰক্ষীয়ে সমগ্ৰ ৰাজ্যতে বিভিন্ন সময়ত চলোৱা অভিযানত এই ড্ৰাগছ সমূহ জব্দ কৰে। যোৱাবছৰ অসম আৰক্ষীয়ে ২৭.৪ কি:গ্ৰা হিৰ'ইন, ৭,৯৫৪ কি:গ্ৰা ভাং, ১২,৭৭,৫২২ টেবলেট, ৮৭,৪৭২ বটল কাহৰ দৰৱ,২৩.৫৭ কি:গ্ৰা মৰ'ফিন আৰু ১৬ কি:গ্ৰা আফিম জব্দ কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

By- Smriti Kakati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.