কাজিৰঙাত নিৰ্মাণ কৰা হ'ব হাতীৰ বাবে ৯টা দীঘলী-বাট - Elephant corridors will be built in Kaziranga National park

কাজিৰঙাত নিৰ্মাণ কৰা হ'ব হাতীৰ বাবে ৯টা দীঘলী-বাট -  Elephant corridors will be built in Kaziranga National park

Elephant corridors will be built in Kaziranga National park

Kaziranga National park : - আমাৰ পৰিৱেশত থকা উপাদান সমূহ এটা আনটোৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে আমি নিজৰ লগতে পৰিৱেশৰ উপদান সমূহকো যত্ন কৰি ৰখাটো বাঞ্ছনীয়। জীৱ জন্তুবোৰো প্ৰকৃতিৰ এক গুৰুত্বপূৰ্ণ উপাদান কিন্তু আমি ইয়াক নিৰাপত্তা প্ৰদানৰ ক্ষেত্রত কৰবাত নহয় কৰবাত বিফল হৈছো। প্ৰকৃতিক দুৰ্যোগ হওঁক বা মানুহৰ ধ্বংস লীলাৰ ফলতে হওঁক বছৰি মৃত্যু হয় অসংখ্য জীৱ জন্তুৰ। কাজিৰঙাৰ গঁড় হত্যা তথা বিজুলীৰ চিটকিনিৰ পৰি নগাঁৱত মৃত্যু হোৱা ১৮ টা বনৰীয়া হাতী তাৰে এক জলন্ত উদাহৰণ। অসম কপাই যোৱা এই ঘটনাৰ পিছতোই সক্ৰিয় হৈ পৰিছে অসম চৰকাৰ 

ইতিমধ্যে হৈ যোৱা এক উচ্চ স্তৰিয় বৈঠকত সিদ্ধান্ত লোৱা হয় যে, বনৰীয়া হাতী অধিক ৰক্ষণাবেক্ষণ দিয়াৰ লগতে তেওঁলোকৰ অধিক মুক্তভৱে  চলাচল কৰিবৰ বাবে অতি শীঘ্রে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিৰ্মাণ কৰা হ'ব  হাতী চলাচল কৰিব পৰা ৯  টা দীঘলী-বাট। এই বাট নিৰ্মাণ কৰাৰ পিছত হাতীৰ লগতে অন্য জীৱ জন্তুৰো বিচৰণ কৰাত সুবিধা হ'ব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে, এই দীঘলী-বাট মাত্র ৪৫ দিনৰ ভিতৰতে সাজি উলিওৱা হ'ব । বন্যপ্রাণীৰ সুৰক্ষা তথা সংৰক্ষণৰ ক্ষেত্রত এই দীঘলী-বাট  সমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি এতিয়া সকলো আশাবাদী। তাৰোপৰি এই দীঘলী বাটে মানুহ আৰু হাতীৰ মাজত সঘনাই হৈ থকা সংঘাতৰ পৰিমাণো হ্ৰাস কৰিব ।  মানুহ আৰু জীৱ - জন্তু দুয়োটাই প্ৰকৃতিৰ উপাদান আৰু জীৱ- জন্তুৱে প্ৰত্যক্ষ বা পৰোক্ষভাৱে মানুহৰ উপকাৰ সাধন কৰি আহিছে। গতিকে মানুহৰো কৰ্তব্য আহি পৰে জীৱ -  জন্তু সমূহক  ৰক্ষণাবেক্ষণ প্ৰদান কৰা আৰু মানুহৰ সামান্য প্ৰচেষ্টাই জীৱ জন্তুৰ বৃহৎ উপকাৰ সাধন কৰিব পাৰে । 

By Prasenjit Chakraborty

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.