ভাৰতীয় মূলৰ আমেৰিকান অভিমন্যু মিশ্ৰ কণিষ্ঠতম ডবা খেলৰ গ্ৰেণ্ডমাষ্টাৰ হৈছে : Indian-origin American Abhimanyu Mishra becomes youngest ever chess Grandmaster

ভাৰতীয় মূলৰ আমেৰিকান অভিমন্যু মিশ্ৰ কণিষ্ঠতম ডবা খেলৰ গ্ৰেণ্ডমাষ্টাৰ হৈছে : Indian-origin American Abhimanyu Mishra becomes youngest ever chess Grandmaster

Indian-origin American Abhimanyu Mishra becomes youngest ever chess Grandmaster

মহামাৰীৰ দ্বাৰা কেইবামাহো অনিশ্চয়তাৰ পিছত,এই কঠিন সময়ত বিশ্বব্যাপী অৰ্থ সংকটৰ লগতে ভাৰতীয় মূলৰ আমেৰিকাৰ অভিমন্যু মিশ্র ডবা খেলত বিশ্বৰ সৰ্বকনিষ্ঠ গ্ৰেণ্ডমাষ্টাৰ হৈ পৰিল।

১২ বছৰ ৪ মাহ ২৫ দিন বয়সত অভিমন্যু মিশ্রই, সৰগেই কাৰ্জাকিন ৰ বহু বছৰ ধৰি চলি অহা বিশ্ব ৰেকৰ্ড ভঙ্গ কৰে,তেওঁ এই খিতাপ অৰ্জন কৰাৰ সময়ত ১২ বছৰ ৭ মাহ আছিল। তিনি বছৰ আগতে ভাৰতৰ আৰ প্ৰজ্ঞানন্ধা চেষ্টা কৰিছিল যদিও অল্পৰ কাৰণে তেওঁ সফল নহ'ল গৈ।

কিন্তু অভিমন্যু যোৱা বছৰত বিশ্বৰ সৰ্বকনিষ্ঠ আন্তৰ্জাতিক মাষ্টৰ হোৱাৰ পিছতো তেওঁ তেওঁৰ সপোনৰ পিছত দৌৰিবলৈ এৰা নাছিল। তেওঁৰ সপোন সফল হৈছিল বুদ্ধাপেষ্টৰ ভাজেৰকেপজো জিএম মিক্স এখন টুৰ্ণামেণ্টত।যি খন টুৰ্ণামেণ্টত মহামাৰীৰ বাবে যাতায়ত বন্ধৰ ফলত বহু ডবা খেলুৱৈ উপস্থিত ত থাকিব পৰা নাছিল।এই ৰেকৰ্ডৰ বাবে অভিমন্যু য়ে এপ্ৰিল মাহৰ পৰা হোঙ্গাৰিৰ ৰাজধানীত বাস কৰি আছিল।তেওঁ এপ্ৰিল আৰু মে' মাহত প্ৰথম আৰু দ্বিতীয় পৰ্যায় ৰ নিয়ম সমূহ পাৰ কৰিলে কিন্তু তৃতীয় পৰ্যায় ৰ বাবে অলপ সময়ৰ ব্যৱধান হ'ল। 

তেওঁৰ শিক্ষাগুৰুয়ে কোৱাৰ মতে, যদিও তেওঁলোকে সদায় লগ নকৰে তথাপি তেওঁ নিয়মিত ভাৱে অভিমন্যু ৰ ওপৰত নজৰ ৰাখে। 

অভিমন্যু তেতিয়া আঢ়ৈ বছৰ যেতিয়া তেওঁৰ দেউতাকে হেমন্তই ডবা খেলৰ লগত তেওঁক চিনাকি কৰাই দিছিল।যেতিয়া তেওঁ পাঁচ বছৰ হৈছিল তেতিয়া তেওঁ দেউতাৰ সৈতে মুকাবিলা কৰিছিল আৰু স্থানীয় টুৰ্ণামেণ্টত বোৰত দেউতাকতকৈও ডাঙৰ খেলুৱৈ সকলক তেওঁ পৰাস্ত কৰিছিল।

তেওঁৰ অন্য এক শিক্ষক অৰুণ প্ৰসাদে কৈছিল যে,"অভিমন্যু তেতিয়া ৯ বছৰ,যেতিয়া তেওঁ ৭০ বছৰ বয়সৰ এজন পাকৈত খেলুৱৈক হৰুৱাইছিল আৰু সেই সময় খিনিত এক ইতিহাসৰ সাক্ষী হোৱাৰ দৰে অনুভৱ হৈছিল তেওঁৰ। তেতিয়াই তেওঁ অনুমান কৰিছিল যে অভিমন্যু এজন সাধাৰণ বালক নহয়। তেওঁ যি দেখে অতি সহজতে তেওঁ আয়ত্ব কৰি লব পাৰে।

অভিমন্যু ৰ খ্যাতি সকলো আহে বিয়পি পৰিল।তেওঁ যথাসম্ভৱ ৭ বছৰ বয়সৰ পৰাই যাত্ৰা কৰিবলৈ আৰম্ভ কৰিছিলে। ৯ বছৰ বয়সত মাৰ্কিন যুক্তৰাষ্ট্ৰ ৰ কনিষ্ঠতম জাতীয় মাষ্টাৰ আৰু কনিষ্ঠতম জাতীয় চেম্পিয়ন হৈছিল।

অভিমন্যু ডবা খেলৰ বৰ্ডত যিমান মন দি খেলিলেও তেওঁ এই খেলৰ প্ৰতি ইমান আগ্ৰহী নহয়। আগন্তুক বৰ্ষত তেওঁ বেক বেল্ট অৰ্জন কৰাৰ বাবে তেওঁ খুবেই আগ্ৰহী আৰু বন্ধুৰ লগত ভিডিও গেম খেলটো তেওঁ অতি আগ্ৰহী।

By: Sukanya Rajbongshi

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.