AM আৰু PM ৰ দুমোজা - Difference between AM and PM

 AM আৰু PM ৰ দুমোজা - Difference between AM and PM

Difference between AM and PM

সময়ৰ পিছফালে থকা AM আৰু PM ক লৈ আমাৰ বহুতৰে খেলিমেলি লাগে, নহয় জানো? সাধাৰণতে ডিজিটেল ঘড়ী,বাছ, ৰে'ল তথা আকাশীযানৰ টিকটত AM বা PM লিখা থাকে।কি এই AM আৰু PM জানো আহক-

যেতিয়া আমি ডিজিটেল ঘড়ী বা ম'বাইলত সময় বহুৱাও আৰু ৰে'ল বা বিমান ৰ টিকটত AM/PM লিখা দেখি ,সময়টো দিনৰ নে ৰাতিৰ দুমোজাত পৰো, তেতিয়া আমি টিকটঘৰ বা আন ব্যক্তিৰ সহায় ল'বলগীয়া হয়। সেইবাবে আমি সকলোৱে AM আৰু PM ৰ অৰ্থ সঠিকভাৱে জনাটো প্ৰয়োজনীয়।

AM ৰ সম্পূৰ্ণ অৰ্থ হ'ল Ante Meridiem। ইয়াক লেটিন ভাষাৰ পৰা লোৱা হৈছে। ইংৰাজীত ইয়াৰ অৰ্থ হ'ল Before Noon অৰ্থাৎ দুপৰীয়াৰ আগৰ সময়ছোৱা।ঘড়ীত ৰাতি ১২ বজাৰ পৰা দুপৰীয়া ১২ বজাৰলৈ AM বোলা হয়। উদাহৰণস্বৰূপে যদি আপোনাৰ টিকটত লিখা থাকে ০৩:১৫ AM, তাৰ অৰ্থ হ'ব ৰাতি ৩বাজি ১৫ মিনিট আৰু যদি লিখা থাকে ১১:০০ AM , তেন্তে ই দিনৰ ১১ বজা বুজায়।

এতিয়া জানো আহক PM ৰ বিষয়ে। সময়ৰ ক্ষেত্ৰত PM ৰ অৰ্থ হ'ল  Post Meridiem । ইয়াকো লেটিন ভাষাৰ পৰাই লোৱা হৈছে। ইংৰাজীত ইয়াৰ অৰ্থ হল Afternoon অৰ্থাৎ মধ্যাহ্ন বা দুপৰীয়াৰ পিছৰ সময়ছোৱা ।ঘড়ীত দুপৰীয়া ১২ বজাৰ পৰা ৰাতি ১২ বজালৈকে সময়খিনিক PM বুলি কোৱা হয়। উদাহৰণস্বৰূপে, যদি ঘড়ীত ০১:২০ PM লিখা আছে , তাৰ অৰ্থ হ'ব দুপৰীয়া ১২ বাজি ২০ মিনিট হৈছে। AM আৰু  PM ১২ ঘন্টাৰ মূৰে মূৰে সলনি হয়।

উপৰোক্ত কথাখিনিয়ে নিশ্চয়কৈ আপোনাৰ AMআৰু PM ক লৈ থকা খেলিমেলি সমূহ দূৰ কৰিলে নহয়নে? এতিয়া আৰু আপোনাৰ খৰধৰকৈ ৰে'ল বা বিমান ধৰিবলৈ যাওতে AM /PM ৰ কাৰণে যাত্ৰাত বাধা কেতিয়াও নাহে বুলি আশা কৰিলো।

By-Smriti Kakati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.