কিয় নিষিদ্ধ কৰিলে Amazon চীনৰ ১৯ টা বৈদ্যুতিক ব্ৰেন্ডক? Amazon bans 19 Chinese consumer electronics brands
Amazon হৈছে এটা বিখ্যাত ই- বাণিজ্যিক মাধ্যম। ইয়াৰ সামগ্ৰী সমূহৰ গুণগত মান তথা ডেলীভাৰীৰ সুচলতাৰ বাবে গ্ৰাহকৰ অন্যতম পচন্দ। আমাৰ বহুতেই আমাজনৰ পৰা কিবা নহয় কিবা নিশ্চয়কৈ বজাৰ কৰি পাইছো, নহয় জানো? এই আমাজনেই শেহতীয়াকৈ তেওঁ লোকৰ বৈদ্যুতিক সৰন্জামৰ তালিকাৰ পৰা ১৯ বিধ চীন ৰ সামগ্ৰী বিক্ৰী ৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে।
আমাজন ৰ এই বাধাৰ কাৰণ হ'ল, অভিযুক্ত চীনৰ কোম্পানী কেইটাই তেওঁলোকৰ বিষয়ে ভাল মন্তব্য আগবঢ়াবলৈ উপহাৰ প্ৰদানৰ লোভ দিছিল। তেওঁ লোকে বিক্ৰী কৰা সামগ্ৰীৰ গুণগত মানদণ্ডৰ প্ৰশংসা কৰিবলৈ তেওঁ লোকে গ্ৰাহকক এই আবেদন জনাইছিল।চীনৰ কোম্পানী সমূহৰ মতে, তেওঁ লোকৰ এই ব্যৱস্হা চীনা ই-বাণিজ্যিক মাধ্যম সমূহৰ এক সাধাৰণ নিয়ম। পিছে আমাজনে ইয়াক তেওঁলোকৰ সমীক্ষা ব্যৱস্থাৰ এক অপমান বুলিহে উল্লেখ কৰে। সেইবাবে তেওঁ লোকে এনে কঠোৰ ব্যৱস্হা হাতত লয়।
আমাজনে চলিত বৰ্ষৰ প্ৰথম ভাগতো চীনা ব্যৱসায়ী সকলৰ বিৰুদ্ধে এনে ব্যৱস্হা লৈছিল, কিয়নো তেওঁলোকে গ্ৰাহকৰ ভুৱা মন্তব্য কিছুমান প্ৰকাশ কৰিছিল।
বিগত কেইমাহমানত আমাজনে বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা চীনা বৈদ্যুতিক ব্ৰ্যাড কেইটা হ'ল-
1 . RAVpower power bank
2. Taotronics earphones
3 .VAVA cameras
4. Atmoko
5. Aukey
6. Austor
7. Homasy
8. Homitt
9.HOMTECH
10. LITOM
11. MPOW
12. OKMEE
13. Seneo
14.Tacklife
15.OKMEE
16. TopElek
17. TRODEEM
18. VicTsing
19. Vtin
জানিব পৰা মতে,যদিও আমাজনে এই কোম্পানী সমূহক তেওঁলোকৰ ক্ষেত্ৰ খনত বিক্ৰীৰ বাবে বাধা আৰোপ কৰিছে, তথাপিও কিছুমান ক্ষুদ্ৰ বিক্ৰেতাই এতিয়াও উপৰোক্ত ব্ৰেন্ড সমূহৰ সামগ্ৰী নিজ নিজ ক্ষেত্ৰত বিক্ৰী কৰি আছে।
By- Smriti Kakati