" অসম বিদ্যুৎ পৰিষদৰ গ্ৰাহকলৈ আহ্বান,গ্ৰাহকে কৰিব লাগিব ফোন নম্বৰ পঞ্জীয়ন - Register mobile no with APDCL

অসম বিদ্যুৎ পৰিষদৰ গ্ৰাহকলৈ আহ্বান,গ্ৰাহকে কৰিব লাগিব ফোন নম্বৰ পঞ্জীয়ন - Register mobile no with APDCL

অসম বিদ্যুৎ পৰিষদৰ গ্ৰাহকলৈ আহ্বান,গ্ৰাহকে কৰিব লাগিব ফোন নম্বৰ পঞ্জীয়ন - Register mobile no with APDCL

Register mobile no with APDCL

গ্ৰাহক হিচাপে আপুনি বিদ্যুৎ পৰিষদৰ সৈতে আপোনাৰ ফোন নম্বৰ পঞ্জীয়ন কৰিলেনে? যদি কৰা নাই, তেনে হলে সেই কাম কৰিব লাগিব। এই কাম আপুনি অনলাইন বা অফলাইন, এই দুই ব্যৱস্থাৰে কৰিব পাৰিব। পঞ্জীয়ন কৰোঁতে আপোনাৰ আধাৰ নম্বৰ আৰু যদি আপোনাৰ e-mail id আছে, তাকো দিবলৈ বিদ্যুৎ বিভাগে অনুৰোধ কৰিছে। 

আপুনি যদি অনলাইন পঞ্জীয়ন কৰিবলৈ বিচাৰে, তেনেহ'লে আপোনাক  কি কি লাগিব আৰু আপুনি কেনেকৈ কৰিব লাগিব এইখিনি কাম :--

আপুনি upload কৰিব লগা তথ্য সমূহ এনেধৰণৰ:--

১।গ্ৰাহকৰ নাম

২। গ্ৰাহক নম্বৰ(consumer number)

৩। ফোন নম্বৰ

৪। আধাৰ নম্বৰ( যদি আছে)

৫। E-mail ID(যদি আছে)

৬। জীৱিকা

এই তথ্যখিনি অনলাইনত দিবলৈ যাওঁতে 

১।প্ৰথমে আপুনি APDCL ৰ ৱেবচাইটৰ www.apdcl.org লৈ যাব লাগিব।

২। তাৰ পাছত আপুনি upload mobile number বুলি এটা tab পাব।তাত আপোনাৰ ফোন নম্বৰ upload কৰিব।তাত click কৰিলে এটা নতুন page পাব।

৩। তাত পাব consumer option। তাত  আপোনাৰ customer number টো ভৰাব। লাগে লগে আপুনি আপোনাৰ  জানিব বিচৰা সকলো তথ্য লাভ কৰিব।

৪। আধাৰ নম্বৰৰ পৰা ধৰি যিবোৰ তথ্য খালি আছে তাত ভৰাই দিব পাৰিব।

৫। যদি আগতে কিবা তথ্য ভুল হৈ আছিল, edit option ত গৈ শুদ্ধ কৰিব পাৰিব।

৬। এতিয়া submit button তো click কৰক।

৭। এতিয়া আপোনালৈ এটা OTP আহিব। সেই OTP 

 ব্যৱহাৰ কৰি আপুনি আপোনাৰ গোটেই তথ্য verify কৰিব পাৰিব।

এতিয়া আপোনাৰ ফোন নম্বৰটো APDCL ত পঞ্জীয়ন হৈ গ'ল।

আপুনি যদি অনলাইনত আপোনাৰ ফোন নম্বৰটো পঞ্জীয়ন কৰাত অসুবিধা পাইছে, তেনে হলে আপুনি অফলাইন ব্যৱস্থাৰেও এই কাম কৰিব পাৰিব। তাৰ বাবে আপুনি এখন দৰ্খাস্তত আপোনাৰ সকলো খিনি তথ্য দি, যেনে-- আধাৰ নম্বৰ, e-mail ID, জীৱিকা আদি উল্লেখ কৰি আপোনাৰ সমীপৰ উপ বিদ্যুৎ কেন্দ্ৰত দাখিল কৰিব লাগিব।

আপুনি হয়তো ভাবিছে, কিয় আমি ফোন নম্বৰবোৰ বিদ্যুৎ বিভাগত পঞ্জীয়ন কৰিব লাগে?

অসম বিদ্যুৎ বিভাগে এই কাম কৰিবলৈ কোৱাৰ অন্তৰালত আছে কেইটামান কথা--

আপোনাৰ ফোন নম্বৰৰ জৰিয়তে বিদ্যুৎ বিভাগে আপোনাক সময়ে সময়ে প্ৰয়োজনীয় খবৰবোৰ দি থাকিব আৰু লগতে আপোনাৰ কৰণীয় খিনিৰ বিষয়েও জনাই থাকিব। যি সকল গ্ৰাহকে নিজৰ ফোন নম্বৰ পঞ্জীয়ন নকৰে, তেওঁলোক বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হ'ব। 

আপোনাৰ বিদ্যুতৰ বিল এতিয়াৰ পৰা আপোনাৰ মোবাইলত উপলব্ধ হ'ব। বিল পৰিশোধ কৰাৰ নতুন নিয়মৱালীও আপুনি আপোনাৰ মোবাইলটোতে সময়ে সময়ে গম পায় থাকিব। তদুপৰি, shut down  ,লাইন মেৰামতি, মেৰামতিৰ কাৰণ আৰু কিমান সময়লৈ মেৰামতি চলিব, ইত্যাদি সকলো খবৰ আপুনি আপোনাৰ মোবাইলৰ জৰিয়তে লাভ কৰিব। তদুপৰি আপোনাৰ জীৱিকাৰ সবিশেষ তথ্যই আপোনাৰ বিষয়ে জনাত সহায় কৰিব আৰু ভৱিষ্যতে গ্ৰাহকৰ বাবে কিবা লাভজনক আঁচনি তৈয়াৰ কৰিলে,সেইয়াও জানিব পাৰিব।

By: Mallika Dutta

Post a Comment

Previous Post Next Post

People Like