" Umpire সকলে কিয় গালি শিকিব লগীয়া হয় - Why has Umpire to learn Insult

Umpire সকলে কিয় গালি শিকিব লগীয়া হয় - Why has Umpire to learn Insult

Umpire সকলে কিয় গালি শিকিব লগীয়া হয় - Why has Umpire  to learn Insult

Umpire সকলে কিয় গালি শিকিব লগীয়া হয় - Why has Umpire  to learn Insult

সভ্য সমাজত গালি দিয়াটো নিন্দনীয়। অপ্ৰিয় যদিও সত্য আজি কালি প্ৰায় মানুহৰে মাজত এই গালি দিয়াৰ প্ৰৱণতাটো দেখা যায়। সহজ ভাষাত কবলৈ গ'লে গালি দিয়াটো মানুহৰ মনৰ আবেগ প্ৰকাশ কৰাৰ এক প্ৰক্ৰিয়া। সেয়েহে অত্যাধিক খং উঠিলে মানুহে গালি দিবলৈ আৰম্ভ কৰে। অৱশ্যে আজি কালি গালি দিয়াটো অভ্যাসলৈ পৰিৱৰ্তন হৈছে, যাৰ বাবে বৰ্তমান মানুহে সাধাৰণ কথা বাৰ্তালাপ কৰোঁতেও গালিৰ প্ৰয়োগ কৰা দেখা যায়। আজি কালি আমি নানান খেল প্ৰতিযোগিতা সমূহতো এজন খেলুৱৈয়ে আনজনক গালি দিয়া দেখা পাওঁ। সেয়া ক্রিকেটেই হওঁক বা ফুটবল খেল প্ৰতিযোগিতাই হওঁক সকলো খেলতে খেলুৱৈ সকলে  নিজৰ মনৰ আবেগ স্বৰূপ গালি দিবলৈ নাপাহৰে। যাৰ ফলত খেল পথাৰত বহু সময়ত কাজিয়াৰ  সৃষ্টি হোৱাও পৰিলক্ষিত হয়। 

 কিন্তু আপুনি জানি আচৰিত হ'ব যে, এনে এক খেল  প্ৰতিযোগিতা  আছে য'ত গালি পৰাটো সম্পূর্ণভাৱে নিষিদ্ধ। এই বিশেষ খেল প্ৰতিযোগিতাৰ নাম হৈছে - Wimbledon Tennis Tournament । এই প্ৰতিযোগিতাত খেলুৱৈ সকলে গালি দিয়াটো নিষিদ্ধ আৰু যদি কোনো খেলুৱৈয়ে এই নীতি উলংঘা কৰে তেন্তে খেলুৱৈজনে ১৪ লাখ টকা জৰিমনা দিব লগা হয় । এতিয়া সমস্যাটো হ'ল এই টুর্নামেন্ট খেলিবলৈ বিভিন্ন দেশৰ খেলুৱৈ সকল একত্রিত হয় আৰু যিহেতু সকলো দেশৰে ভাষাৰ ক্ষেত্রত পাৰ্থক্য থাকে, তেনে ক্ষেত্রত ভিন্ন দেশৰ গালিবোৰো ভিন্ন হোৱাটো স্বাভাৱিক। গতিকে যেতিয়া দুই দেশৰ খেলুৱৈ সকল একেলগে প্ৰতিদ্বন্দিতা কৰে, তেতিয়া Umpire সকল গভীৰ সমস্যাত পৰে। কাৰণ, তেওঁলোকে সকলো ভাষা জনাটো সম্ভৱ নহয় আৰু ভাষা নজনাকৈ গালি দিলেও তেওঁলোকে ধৰিব নোৱাৰে। সেয়েহে তেওঁলোকে এক বিকল্প পদ্ধতি অবলম্বন কৰে, যিহেতু পৃথিৱীৰ প্ৰত্যেকটা ভাষা আয়ত্ত কৰাটো সম্ভৱ নহয় গতিকে তেওঁলোকে  বিভিন্ন ভাষাৰ গালিবোৰ আয়ত্ত কৰে। এই দৰে Umpire সকলে অতি সহজে যিকোনো গালি বুজিব পাৰে আৰু গালি দিয়া খেলুৱৈ সকলক শাস্তি প্ৰদান কৰিব পাৰে। 

By Prasenjit Chakraborty

Post a Comment

Previous Post Next Post

People Like