" ভাৰতৰ বিভিন্ন গ্ৰাম্যাঞ্চলত স্থাপন কৰা হ'ব ব্ৰডব্যাণ্ড - Broadband service will be established in rural areas of India

ভাৰতৰ বিভিন্ন গ্ৰাম্যাঞ্চলত স্থাপন কৰা হ'ব ব্ৰডব্যাণ্ড - Broadband service will be established in rural areas of India

ভাৰতৰ বিভিন্ন গ্ৰাম্যাঞ্চলত স্থাপন কৰা হ'ব ব্ৰডব্যাণ্ড - Broadband service will be established in rural areas of India 

Broadband service will be established in rural areas of India

একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ চমকপ্ৰদ সৃষ্টিৰ পিছতো এতিয়াও ভাৰতৰ বহুতো অঞ্চল পিছপৰি ৰৈছে । চহৰ অঞ্চলত পদাৰ্পন কৰা ইণ্টাৰনেট শব্দটো এতিয়াও বিভিন্ন পিছপৰা অঞ্চলৰ মানুহৰ কাণত পৰা নাই । সেয়ে হয়তো Internet Banking , Online Class , Shopping  এনে ধৰণৰ শব্দবোৰ কিছুমান লোকৰ বাবে এতিয়াও চিনাকি নাম নহয় । সেয়ে গ্ৰামাঞ্চলৰ মানুহৰ বাবে দেশৰ প্ৰধান মন্ত্ৰী ডাঙৰীয়াই এই সুবিধা আগবঢ়োৱাৰ ব্যৱস্থা হাতত লৈছে । এই ব্যৱস্থাই সেই ঠাইৰ উন্নতি সাধন কৰাৰ লগতে  সেই ঠাইৰ বাসিন্দা সকলক ঘৰতে বহি পঢ়া আৰু ব্যৱসায় বাণিজ্য কৰাৰ পথ মুকলি কৰি দিয়াত সহায় কৰিব । 

২০২০ চনৰ ১৫ আগষ্ট তাৰিখে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জানিবলৈ দিয়ে যে ১৯,০৪১ কোটি টকা ব্যয় সাপেক্ষে ভাৰতৰ ১৬ খন ৰাজ্যৰ মুঠ ৬ লাখ গাঁৱত ভাৰতনেট প্ৰকল্পৰ জৰিয়তে ব্ৰডব্যাণ্ড স্থাপন কৰা হ'ব । এই প্ৰজেক্টৰ জৰিয়তে প্ৰায় ১০০০  দিনৰ ভিতৰত ৬লাখ গাঁৱত ইণ্টাৰনেট সেৱা উপলব্ধ হ'ব । এই ব্যৱস্থাৰ নাম অন্তৰ্ভুক্ত হোৱা ৰাজ্য কেইখন হৈছে অৰুণাচল প্ৰদেশ , কেৰেলা, কৰ্ণাটক, ৰাজস্থান, হিমাচল প্ৰদেশ, পাঞ্জাব, হাৰিয়ানা , উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, পশ্চিম বংগ, অসম, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম আৰু নাগালেণ্ড । 

টেলিকম মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে জনায় যে ২.৬ লাখৰ ভিতৰত ১.৫৬ লাখ গাওঁ পঞ্চায়ত বৰ্তমান ইণ্টাৰনেটৰ লগত সংযোগ কৰা হৈছে । এটা চৰকাৰী জাননী অনুসৰি মন্ত্রীসভাৰ বাকী ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ লগতে সমূহ জনবহুল গ্রামাঞ্চলকে অন্তর্ভুক্ত কৰিবলৈ  ভাৰতনেটৰ সম্প্রসাৰণক নীতিগতভাবেও অনুমোদন দিয়া হৈছে । নিৰ্মলা সীতা ৰমণে জানিবলৈ দিয়ে যে ৩১ মে' পৰ্যন্ত ইণ্টাৰনেট সেৱা উপলব্ধ হোৱা গাওঁ পঞ্চায়ত সমূহত মুঠ ৪২,০৬৮ কোটি টকা ব্যয় হৈছে । সেয়ে  ভাৰতনেট প্ৰকল্পৰ ব্যয়ক ১৯,০৪১ কোটি টকাৰ পৰা ৬১,১০৯ টকালৈ বৃদ্ধি কৰা হয় ।এই প্ৰজেক্টোৱে এই গাঁৱৰ লোকৰ মাজত ইণ্টাৰনেটৰ সুবিধা প্ৰদান কৰিব আৰু তেওঁলোকেও কম সময়তে সকলো ডিজিটেল সেৱাৰ অন্তৰ্ভুক্ত হ'ব ।। 

Barsha Borah

Post a Comment

Previous Post Next Post

People Like