তেলেঙ্গানা পুলিছৰ 'ট্রেকাৰ' ল্যাব্রাডৰ কুকুৰ মুন্না ১১ বছৰ সেৱাৰ পৰা অৱসৰ - Telangana police's 'tracker' Labrador dog Munna retires from service at 11

তেলেঙ্গানা পুলিছৰ 'ট্রেকাৰ' ল্যাব্রাডৰ কুকুৰ মুন্না ১১ বছৰ সেৱাৰ পৰা অৱসৰ - Telangana police's 'tracker' Labrador dog Munna retires from service at 11

Telangana police's 'tracker' Labrador dog Munna retires from service at 11

সকলো দেশতে নিজা এক প্ৰশাসন ব্যৱস্থা থাকে। এই প্ৰশাসন ব্যৱস্থা নিয়োজিত কৰা হয় জনসাধাৰণৰ সুবিধা আৰু সুৰক্ষা ৰ বাবে। এই প্ৰশাসন ব্যৱস্থাৰ লগত বহু লোক জড়িত হৈ থাকে। দেশৰ সুৰক্ষা ৰ বাবে এওঁলোকে দিনে ৰাতিয়ে তেওঁলোকৰ বৃত্তিত নিয়োগ হৈ থাকে। আপোনালোকে হয়তো নিশ্চয় জানে যে প্ৰশাসনে তেওঁলোকৰ সহায় ৰ বাবে এক বিষয়ে ধৰণৰ কুকুৰক নিয়োজিত কৰে। কুকুৰৰ ঘ্ৰাণ শক্তি অধিক আৰু এই ঘ্ৰাণ শক্তিয়ে প্ৰশাসনক বহু পৰিমাণে সহায় কৰে। কুকুৰে ঘ্ৰাণ শক্তি ৰ সহায়ত বহুত ডাঙৰ ডাঙৰ অপৰাধীক ধৰিবলৈ সক্ষম হৈছে। প্ৰশাসনে কুকুৰ বোৰক এক বিশেষ ভাৱে ট্ৰেইনিং দি তেওঁলোকত নিয়োজিত কৰে। তেওঁলোকৰ চাকৰি জীৱন যিদৰে আৰম্ভ হয় ঠিক সেইদৰে তেওঁলোকৰো চাকৰি কৰাৰ এটা নিৰ্দিষ্ট বয়স থাকে আৰু অৱসৰ গ্ৰহণ কৰিবলগীয়া হয়।

মুন্না, এটা পুলিছ কুকুৰ,যিয়ে এক দশক ধৰি পুলিছ বিভাগত কৰ্মৰত অৱস্থাত আছিল আৰু পূৰ্বৱৰ্তী মাহবুবনগৰ জিলাৰ চাঞ্চল্যকৰ হত্যাৰ গোচৰ সহ তিনি শতাধিক গোচত তেওঁ কাম কৰিছে। এই যোৱা বৃহস্পতিবাৰে তেওঁ তেওঁৰ কৰ্ম জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। ল্যাব্ৰাডৰ জাতিৰ এই কুকুৰটোৰ বয়স বৰ্ত্তমান ১১ বছৰ। অতীততে মুন্নাই পুলিছ ডিউটিৰ মিটিংত ৪ টা সোনৰ পদক জিকিছিলে আৰু দুবাৰকৈ জাতীয় পৰ্য্যায়ত তেলেংনা পুলিছকো প্ৰতিনিধিত্ব কৰিছিল।  আৰ ভেঙ্কটেশ্বৰলু, চুপাৰিতেনডেন্ট অফ পুলিছ, মাহবুবনগৰ সহ অন্যান্য পুলিছ আধিকাৰি সকলেও মুন্নাক অবসৰ গ্রহণৰ কাৰণে সম্মান জনাইছিলে।

তেওঁলোকে মুন্নাৰ কামক বাৰুকৈয়েই সুৱঁৰিছে,কেনেকৈ মুন্নাই ট্রেকাৰ ৰূপে সেৱা কৰি বহু জটিল গোচৰকো সমাধান কৰিছে আৰু অপৰাধীক চিনাক্ত কৰাত সহায় কৰিছিলে। তেওঁলোকে কৈছে," সম্প্ৰতি কিছুদিন আগতে মাহবুবনগৰ জিলাৰ চাঞ্চল্যকৰ হত্যা কাণ্ডৰ আচামীক চিনাক্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে।"

By: Sukanya Rajbongshi

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.