IIM বেংগালুৰু য়ে ঘৰুৱাভাৱে পানী সংৰক্ষণক প্ৰভাৱিত কৰাৰ এটি উপায় বিচাৰি উলিয়াইছে

IIM বেংগালুৰু য়ে ঘৰুৱাভাৱে পানী সংৰক্ষণক প্ৰভাৱিত কৰাৰ এটি উপায় বিচাৰি উলিয়াইছে- IIM Bangalore researches find a way to influence household water conservation

IIM Bangalore researches find a way to influence household water conservation

"পানীয়ে প্ৰাণীৰ প্ৰাণ" এই বাক্য শাৰী আমি সৰুৰে পৰা শুনি অহা,লগতে আমাৰ কিতাপটো এই বিষয়ে আমি সৰুতেই পঢ়িছিলোঁ। পৃথিৱী গ্ৰহত স্থলমণ্ডলতকৈ জলমণ্ডলৰ শতাংশ অধিক কিন্তু প্ৰাণীৰ ব্যৱহাৰ উপযোগী পানী একেবাৰেই কম। আমাৰ বাবে পানী অত্যন্ত আৱশ্যকীয়।সেইবাবে আমি নিজেও পানীৰ সদব্যৱহাৰ কৰিব লাগে , নহয় জানো?

Indian Institute of Management Bangalore (IIMB)ৰ গৱেষক সকল বিশ্বৰ প্ৰথম যিয়ে কোনো স্থানত বহু বছৰ ধৰি সমীক্ষা চলাইছিলে,য'ত ঘৰুৱা ভাৱে পানী সংৰক্ষণ ব্যৱস্থা কৰা হৈছিল যি দীৰ্ঘম্যাদী ভাবে অব্যাহত থাকে।

এই গৱেষণাৰ লগত জড়িত ব্যক্তি সকল হ'ল বিবেক,যি সাম্প্ৰতিক PhD স্নাতক,পাব্লিক পলিচিৰ সহযোগী অধ্যাপক দীপক মালহান আৰু সাংগঠনিক আচৰণৰ অধ্যাপক কাঞ্চন মুখোপাধ্যায়। এই মাহৰ আৰম্ভণিতে মৰ্য্যদা পূৰ্ণ জাৰ্নেলত PNAS (Proceedings of the National Academy of Sciences of the United States of America) প্ৰকাশ কৰিছিলে।

এই গৱেষণাটো মানুহৰ অভ্যাস পৰিৱৰ্তন কৰাৰ বাবে ধাজ্য কৰা হৈছে।মানুহে কিছু অচেতন ব্যৱহাৰ যেনে চাৱাৰ খুলি থোৱা নতুবা দাঁত ঘঁহা সময়ত টেপ খুলি থোৱা এই সকলোবোৰ সংৰক্ষণ ৰ বাবে এক উচিত বাৰ্তাৰ প্ৰেৰণ কৰা হৈছে।

এই হস্তক্ষেপ অকল মাত্ৰ পাঁচ সপ্তাহ হে স্থায়ী হৈছিল।গৃহস্থালীৰ পানীৰ ব্যৱহাৰে ১৫%-২৫% হ্ৰাস পাইছে। তাৰ পিছৰ পৰাই দীৰ্ঘম্যাদী ভাবে সংৰক্ষণ কৰাৰ প্ৰস্তাৱ ৰখা হয়।

বুদ্ধিশীল তিনিটা বাৰ্তা প্ৰেৰণ কৰা হৈছে। সেইকেইটা হ'ল-

১) প্ৰত্যেক পৰিবাৰৰ বাবে প্ৰতিদিনে পানী ব্যৱহাৰৰ তথ্য।

2) পানী ব্যৱহাৰ কৰাৰ লক্ষ্য(যেনে, প্ৰতিজন ব্যক্তিৰ  পানী ব্যবহাৰৰ সীমা) আৰু এই লক্ষ্যৰ পৰিবৰ্তে তাৰ কিছু প্ৰতিক্ৰিয়া।

৩) ছবিৰ ব্যৱহাৰৰ সহায়ত পানী সংৰক্ষণ কৰাৰ বাবে যুক্তি প্ৰদান

পানীৰ ব্যৱহাৰৰ ওপৰত লক্ষ্য ৰাখি তিনিটা ভাগত ভাগ কৰি পানী ব্যৱহাৰ কৰিবলৈ দিয়া হ'ল আৰু এই পৰীক্ষাৰ পৰা গম পোৱা গ'ল যে পানী ব্যৱহাৰৰ ক্ষেত্ৰত অভ্যাস সলনি কৰিলে হে পানীৰ সংৰক্ষণ কৰাত সুবিধা হ'ব।

আচৰণ পৰিৱৰ্তন কৌশল বহু আশাব্যঞ্জক। চহৰ অঞ্চলত যি দৰে পানী কমি আহিছে তাৰ বাৱে এই হস্তক্ষেপ পদ্ধতি অতি উপকাৰী।

By: Sukanya Rajbongshi

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.