" Google আঁতৰাব লগা হ'ল ৫৯,০০০ বিষয়বস্তু - Google removed over 59,000 content pieces

Google আঁতৰাব লগা হ'ল ৫৯,০০০ বিষয়বস্তু - Google removed over 59,000 content pieces

Google আঁতৰাব লগা হ'ল ৫৯,০০০ বিষয়বস্তু - Google removed over 59,000 content pieces

Google আঁতৰাব লগা হ'ল ৫৯,০০০ বিষয়বস্তু - Google removed over 59,000 content pieces

শেহতীয়াকৈ ভাৰতে সামাজিক মাধ্যম তথা যোগাযোগৰ আধুনিক মাধ্যম সমূহৰ বাবে কিছুমান নতুন নিয়ম বান্ধি দিছে।ইয়াক 'Information Technology ( Intermediary Guidelines and Digital Media Ethics Code) Rules 2021 নাম দিয়া হৈছে। এই নতুন নিয়ম সমূহ ২৬ মে'ৰ পৰা লাগু কৰা হৈছে।

উপৰোক্ত নিয়মৰ অধীনত, ভাৰতত যদি কোনো এটা সামাজিক মাধ্যমৰ ৫০ লাখতকৈ অধিক ব্যৱহাৰকাৰী থাকে, তেন্তে সেই মাধ্যমে প্ৰতিমাহে তেওঁ লোকলৈ অহা অভিযোগৰ সংখ্যা,তাৰ বিশদ বিৱৰণ তথা সেই অভিযোগৰ ভিত্তিত কি বিহিত ব্যৱস্হা লোৱা হ'ল তাৰ ৰিৰ্পট ৰাজহুৱাকৈ প্ৰকাশ কৰিব লাগিব। লগতে তেওঁ লোকে আঁতৰাই পেলোৱা বিষয়বস্তু বা বিষয়বস্তুৰ অংশটোৰ লিংকটো প্ৰকাশ কৰিব লাগিব।

উপৰোক্ত নতুন নিয়ম ৰ বাবে গুগলে শেহতীয়াকৈ তেওঁ লোকৰ ৰিপ'ৰ্ট প্ৰকাশ কৰিছে।এই ৰিপ'ৰ্টত দেখা পোৱা গৈছে যে, এপ্ৰিল মাহৰ শেষলৈকে তেওঁ লোকে প্ৰায় ৫৯,০০০ বিষয় বস্তু আতৰাই পেলাইছে, যাৰ বিৰুদ্ধে প্ৰায় ২৭ ,৭০০ অভিযোগ উত্থাপিত হৈছিল।এই অভিযোগ সমূহ ভাৰতৰ ব্যক্তিগত ব্যৱহাৰকাৰী ৰ পৰা পোৱা গৈছিল।

ভাৰত চৰকাৰৰ নতুন নিয়ম ৰ ক্ষেত্ৰত , গুগলৰ এজন প্ৰবক্তাই কয় যে, গুগলে পূৰ্বৰে পৰাই এক নিৰপেক্ষ আৰু নিকা মাধ্যম ৰূপে কাম কৰি আহিছে। গোটেই বিশ্বজুৰি বিভিন্ন ঠাইৰ পৰা অহা অনুৰোধ তথা অভিযোগ সমূহ তেওঁ লোকে ভালদৰে পৰীক্ষা কৰে তথা বিহিত ব্যৱস্হা লয়। প্ৰতি বছৰে তেওঁ লোকে নিজাকৈ এইবোৰ বিষয়ত ৰিপ'ৰ্ট প্ৰস্তুত কৰে। পিছে প্ৰথম বাৰৰ বাবে তেওঁ লোকে এনে ৰিপ'ৰ্ট ৰাজহুৱা কৰিছে, ভাৰতৰ নতুন IT নিয়মৰ অধীনত।

গুগলে জানিবলৈ দিয়া মতে, তেওঁ লোকে লাভ কৰা অভিযোগ সমূহৰ ভিতৰত ৯৬ শতাংশ অভিযোগেই কপিৰাইটৰ লগত জড়িত। তাৰ বাহিৰেও ট্ৰ্ডমাৰ্ক ১.৩ শতাংশ,মানহানি ১শতাংশ ,আইনী বিষয় ১ শতাংশ, জালিয়াতি ০.৪ শতাংশ আৰু ০.১ শতাংশ ফাকি ৰ লগত জড়িত অভিযোগো আছে।

আন এক সামাজিক মাধ্যম 'ফেচবুকে'ও চলিত সপ্তাহৰ ভিতৰত তেওঁ লোকৰ আঁতৰাই পেলোৱা বিষয়বস্তু ৰ সংখ্যা তথা আন তথ্য সমূহ প্ৰকাশ কৰিব বুলি জানিবলৈ দিছে। লগতে জনপ্ৰিয় সামাজিক মাধ্যম 'WhatsApp'  য়েও ১৫ জুলাইৰ ভিতৰত তেওঁলোকৰ চূড়ান্ত ৰিপ'ৰ্ট প্ৰকাশ কৰিব বুলি জানিব পৰা গৈছে।

By- Smriti Kakati

Post a Comment

Previous Post Next Post

People Like