" ভাৰতৰ আমৰ ৰজা 'আলফানস',যাৰ মূল্য ৪০০০ টকা পৰ্যন্ত - Alphanso and other best mangoes in India

ভাৰতৰ আমৰ ৰজা 'আলফানস',যাৰ মূল্য ৪০০০ টকা পৰ্যন্ত - Alphanso and other best mangoes in India

ভাৰতৰ আমৰ ৰজা 'আলফানস',যাৰ মূল্য ৪০০০ টকা পৰ্যন্ত - Alphanso and other best mangoes in India

Alphanso and other best mangoes in India

গৰম আহিল মানেই  ফলৰ ৰজা আমৰো বতৰ আহিল । আমৰ অতুলনীয় সোৱাদ আৰু গোন্ধ ই ,ইয়াক ফলৰ ৰজা খিতাপ দিয়াইছে। কেঁচা আম নিমখ-জলকীয়া সানি খোৱাই হওক বা পকা আম গুটিৰে সৈতে চুহি খোৱাই হওক, মুঠতে আম খোৱাৰ মজাই বেলেগ, নহয় জানো?

সমগ্ৰ বিশ্বতে কেইবাহাজাৰ প্ৰজাতিৰ আম পোৱা যায়। আমাৰ ভাৰতবৰ্ষ ও এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই। ভাৰতবৰ্ষত বহুকেইটা প্ৰজাতিৰ সোৱাদযুক্ত আমৰ উৎপাদন  হয়। তাৰে কেইবাবিধমান আমৰ বিষয়ে আজি জানো আহক-

১/ নুৰজাহান(Noorjahan):  এই নুৰজাহান প্ৰজাতিৰ আমবিধ মধ্য প্ৰদেশৰ, আলিৰাজাপুৰ জিলাত পোৱা যায়। ইয়াৰ এটা আমৰ ওজন ২ পৰা ৩.৫ কেজি লৈকে হয়। এনেকুৱা এটা আমৰ দাম ৫০০ টকাৰ পৰা ১০০০ টকা পৰ্যন্ত হয়।

২/ আলফানস'( Alphanso):  সুন্দৰ গোন্ধ তথা সোৱাদৰ বাবে এই আমবিধ বিখ্যাত। ভাৰতবৰ্ষত পোৱা আমবোৰৰ ভিতৰত আলফানস'ক আমৰ ৰজা বুলি কোৱা হয়। পশ্চিম ভাৰতৰ অঞ্চল সমূহত এই বিধ আম বেছিকৈ পোৱা যায়। আকাৰৰ ওপৰত নিৰ্ভৰ কৰি এনেকুৱা একডজন আমৰ দাম ১০০০ পৰা ৪০০০ টকালৈকে হয়।

৩/ বাদামী আম( Badami):  এই আমবিধ ভাৰতৰ কৰ্ণাটক ৰাজ্যত পোৱা যায়। ইয়াৰ প্ৰতি কেজিৰ দাম সাধাৰণতে ৫০ টকা হয়।

৪/ চাওনচা( Chaunsa):  এই আমবিধ বিশেষকৈ উত্তৰ ভাৰত আৰু বিহাৰত উৎপন্ন হয়। এই আমবিধ ৰ দাম প্ৰতি কেজিত প্ৰায় ৮০ ৰ পৰা ১০০ টকা হয়।

৫/ লেংগেৰা( Langra):  এই আমবিধ পশ্চিম বেংগল আৰু উত্তৰ প্ৰদেশত বেছিকৈ হোৱা দেখা যায়।ই সোৱাদত মিঠা আৰু অকণমান টেঙা হয়।এই আমবিধ ৰ দাম প্ৰতি কেজিত প্ৰায় ৫০ টকা হয়।

৬/ কেশৰ ( Kesar):  এই আমবিধক ' আমৰ ৰাণী' বুলি কোৱা হয়।ই বিশেষকৈ গুজৰাটত উৎপন্ন হয়।ইয়াক 'গুজৰাটৰ গৌৰৱ' বুলিও জনা যায়। একডজন এনে আমৰ দাম প্ৰায় ২৫০ টকা হয়।

৭/ দশহেৰি( Dasheri): এই মিঠা আমবিধ বিশেষকৈ উত্তৰ ভাৰত আৰু উত্তৰ প্ৰদেশৰ মালিহাবাদ নামৰ ঠাইখনত পোৱা যায়। এই আমবিধ ৰ দাম প্ৰতি কেজিত ৩০০ টকাৰ পৰা আৰম্ভ হয়।

৮/ হিমসাগৰ ( Himsagar):  এই আমবিধ প্ৰধানকৈ বেংগল ত পোৱা যায়। ভাৰতৰ আটাইতকৈ ভাল প্ৰজাতিৰ আমৰ ভিতৰত ই অন্যতম। এই আমবিধ ৰ দাম সাধাৰণতে ৫০ টকা প্ৰতি কেজি হোৱা দেখা যায়।

৯/ বেনিসান্( Benishan):  এই আমবিধ ৰ আন এটা বিখ্যাত নাম হ'ল ' বেগনাপল্লী'।এই আমবিধ ৰ আকাৰ বহুত ডাঙৰ হয়। এনে একোটা আমৰ ওজন ৩৫০-৪০০ গ্ৰাম পৰ্যন্ত হয়।

১০/ ৰসপুৰী( Raspuri):  এই বিখ্যাত আমবিধ প্ৰধানকৈ কৰ্ণাটক ৰাজ্যত হোৱা দেখা যায়। এই আমবিধ ৰ দাম ৪৫০ টকা প্ৰতি কেজিৰপৰা আৰম্ভ হয়।

By - Smriti Kakati

Post a Comment

Previous Post Next Post

People Like